মুম্বাইত প্ৰচণ্ড ভিৰত লোকেল ট্ৰেইনত এক বৃহৎ দুৰ্ঘটনা ঘটে। যাত্ৰীৰ প্ৰচণ্ড হেঁচাঠেলাত ৰে’লৰ পৰা বহু যাত্ৰী ৰে’লপথত বাগৰি পৰে। ইয়াৰে কমেও ছয়জনৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। আন ১০জন গুৰুতৰভাৱে আহত হয়। অৱশ্যে আনুষ্ঠানিকভাৱে হতাহতৰ সংখ্যা এতিয়াও ঘোষণা কৰা হোৱা নাই।
জানিব পৰা মতে, থানেৰ মুম্ব্ৰা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। সোমবাৰে পুৱা মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ দিশে গৈ আছিল এখন প্ৰচণ্ড ভিৰ থকা লোকেল ট্ৰেইন। প্ৰত্যক্ষদৰ্শীৰ মতে ৰে’লখনত ইমানেই ভিৰ আছিল যে যাত্ৰীসকলে থিয় হ’বলৈও ঠাই নাছিল। হেণ্ডৰেলত ধৰি তেওঁলোক প্ৰায় শূন্যত ওলমি আছিল। সেই পৰিস্থিতিত প্ৰচণ্ড ভিৰৰ হেঁচাত গতি কৰি থকা অৱস্থাত কমেও ১০ৰ পৰা ১২জন যাত্ৰী ৰে’লপথত বাগৰি পৰে।
এই খবৰ পোৱাৰ লগে লগে ৰে’লৱেৰ বিষয়াসকল সেই স্থানলৈ যায়। আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ঘোষণা কৰা হোৱা নাই।
কেন্দ্ৰীয় ৰে’লৱেৰ চিপিআৰঅ’ স্বপ্নিল ধনৰাজ নীলাই জানিবলৈ দিয়া মতে ৰে’লৰ পৰা ৮ জন যাত্ৰী বাগৰি পৰে। এখন কাছাৰাৰ পৰা আৰু আনখন ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ অভিমুখে গৈ থকা দুয়োখন ৰে’লতে দৰ্জাৰ মুখত ওলমি আছিল যাত্ৰীসকল। তেওঁলোকৰ মাজত খুন্দা লগাৰ ফলতে ট্ৰেকত বাগৰি পৰে ৮জনকৈ লোক। স্বপ্নিলে কয় যে ৰে’লৰ ভিতৰত ঠাই থাকিলেও কেতিয়াবা যাত্ৰীসকলে দৰ্জাৰ মুখত থিয় হৈ থাকে। লগতে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হ’ব বুলিও তেওঁ কয়।
মুম্বাই উপকণ্ঠৰ ৰে’লৱেৰ বাবে নিৰ্মাণ কৰা নতুন ৰেকসমূহত স্বয়ংক্ৰিয়ভাৱে দুৱাৰ বন্ধ কৰাৰ সুবিধা থাকিব বুলিও জনোৱা হয়। মেৰামতি কৰি থকা ৰেকবোৰৰ ক্ষেত্ৰতো একে পদক্ষেপ গ্ৰহণ কৰা হ’ব। আনহাতে, নিশ্চিত নোহোৱা সূত্ৰই জনোৱা মতে, কলৱাৰ এখন চিকিৎসালয়ত ৫জন যাত্ৰীৰ মৃত্যু হৈছে। সকলোৰে বয়স ৩০ৰ পৰা ৩৫ বছৰ। সম্প্ৰতি তেওঁলোকক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।