সোমবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰেপ্তাৰৰ পৰা অস্থায়ী সুৰক্ষা প্ৰদান কৰে মধ্যপ্ৰদেশৰ দুই সাংবাদিক ক্ৰমে শশীকান্ত গোৱাল আৰু অমৰকান্ত চৌহানক। দৈনিক বেজোৰে ৰত্ন আৰু স্বৰাজ এক্সপ্ৰেছত কৰ্মৰত সাংবাদিক কেইজনে স্থানীয় অপৰাধী চক্ৰৰ অবৈধ বালি খননৰ বাতৰি প্ৰকাশ কৰা বাবে সংবাদকৰ্মী দুজনক ভিন্দ জিলাত আৰক্ষীয়ে তেওঁলোকক হাৰাশাস্তি তথা প্ৰহাৰ কৰা বুলি দাবী কৰে।
ন্যায়াধীশ পি কে মিশ্ৰ আৰু মনমোহনৰ বিচাৰপীঠে আপাততঃ সাংবাদিকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও সাংবাদিকসকলক মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কয়, য’ত দুসপ্তাহৰ ভিতৰত বিষয়টোৰ শুনানি হ’ব লাগে।
প্ৰেছ ক্লাব অৱ ইণ্ডিয়া, ইণ্ডিয়ান উইমেনছ প্ৰেছ কৰ্পছ আৰু দিল্লী ইউনিয়ন অৱ জাৰ্নেলিষ্টে সাংবাদিকসকলৰ ওপৰত কৰা কথিত আক্ৰমণক গৰিহণা দিয়ে। ভিন্দ আৰক্ষী অধীক্ষক অসিত যাদৱকে ধৰি আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
পূৰ্বৰ শুনানিত ন্যায়াধীশ এছ চি শৰ্মাই সাংবাদিকৰ অধিবক্তাক গোচৰৰ সবিশেষ সন্দৰ্ভত প্ৰশ্ন কৰি সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল। আদালতে কয় যে সঠিক অভিযোগৰ বিষয়ে নজনাকৈয়ে “সম্পূৰ্ণ সুৰক্ষা” দিব নোৱাৰে। ন্যায়াধীশ শৰ্মাই লগতে কয় যে সাংবাদিকসকলে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও প্ৰথম অৱস্থাত এই কথা উল্লেখ কৰা নাছিল। তেওঁ মন্তব্য কৰে যে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাটো সহজ। আৰক্ষীৰ সঁহাৰি পুনৰীক্ষণ কৰি উচ্চতম ন্যায়ালয়ে গোৱাল আৰু চৌহানক অস্থায়ী সুৰক্ষা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে আৰক্ষীৰ শুনানি নোপোৱাকৈয়ে আগতীয়া জামিন প্ৰদান কৰিব নোৱাৰিব বুলি আদালতে কয়।