• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবী : দিল্লীলৈ চাইকেলেৰে গৈ গৃহ মন্ত্ৰীক সাক্ষাৎ বোকাখাতৰ চাহ বাগিচাৰ যুৱকৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 3, 2018 7:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জ্বলন্ত সমস্যাসমূহ প্ৰধানমন্ত্ৰীক অৱগত কৰিবৰ বাবে বোকাখাত সমষ্টিৰ দুই যুৱকে চাইকেলেৰে যাত্ৰা কৰিছিল দেশৰ ৰাজধানী দিল্লীলৈ| বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰঙামাটি চাহ বাগিছাৰ গণেশ ৰবিদাস আৰু মৃগেন ৰবিদাসে কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰৱৰ্তন কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, কাজিৰঙাৰ গঁড় হত্যা ৰোধ, নাৰী নিৰ্যাতন বন্ধ কৰা, চাহ বাগিচা অধ্যুষিত এলেকাৰ চাহ শ্ৰমিকসকলক সুৰক্ষা প্ৰদানকে ধৰি কেইবাটাও দাবী লৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ উদ্দেশ্যে যোৱা ২৯ এপ্ৰিলত বোকাখাতৰ ৰঙামাটিৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছিল৷ সুদীৰ্ঘ ২৪ দিনৰ অন্তত গণেশ ৰবিদাস আৰু মৃগেন ৰবিদাসে যোৱা ২২ মে’ত দিল্লীৰ অসম ভৱনত উপস্হিত হয়৷ কিন্তু সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাছিয়া ভ্ৰমণত থকাৰ বাবে অসমৰ জ্বলন্ত সমস্যাক প্ৰধানমন্ত্ৰী নিজমুখে অৱগত কৰিব নোৱাৰি প্ৰধানমন্ত্ৰী মোডীৰ লগত ইমেইলেৰে যোগাযোগ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুয়োকে গৃহমন্ত্ৰীক সাক্ষাতৰ সুবিধা কৰি দিয়ে৷ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে অসমৰ দুই যুৱকে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে আন কেইবাটাও দাবীসম্বলিত স্মাৰক পত্ৰ দুই কেন্দ্ৰীয় মন্ত্ৰীক পৃথকে পৃথকে প্ৰদান কৰি অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক আহ্বান জনায়৷ দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা চলাব বুলি আশ্বাস প্ৰদান কৰে দুই যুৱকক৷ এসপ্তাহ দিল্লীৰ ঐতিহাসিক ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰি দিল্লীৰ পৰা ৰে’লেৰে আহি দেওবাৰে পুৱা গুৱাহাটীত উপস্হিত হোৱা দুই যুৱক আজি বিয়লি বোকাখাতৰ গড়কাপ্টানি বিভাগৰ অতিথিশালাত উপস্হিত হয়।  অসমৰ পৰা দিল্লী যাত্ৰাকালত অসম আৰক্ষীৰ লগতে পশ্চিমবঙ্গ আৰু বিহাৰ আৰক্ষীয়ে দুই যুৱকক যথেষ্ট সহায় কৰা বুলি তেওঁলোকে আজি সাংবাদিকক জানিবলৈ দিয়ে৷ ৰঙামাটিৰ পৰা ঝুমুৰ দল আৰু অগণন লোক আহি বোকাখাততে যুৱকদ্বয়ক আদৰণি জনায়৷ বোকাখাতত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা আৰু বহু ব্যক্তিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ যাত্ৰাকালত বহু অভিজ্ঞতা লাভ কৰা গণেশ আৰু মৃগেনে ভৱিষ্যতে অসমৰ জ্বলন্ত সমস্যাসমূহৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য যে দুই যুৱকৰ এই চাইকেল যাত্ৰাত ৰঙামাটিবাসী ৰাইজৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাইও আৰ্থিক সাহায্য আগবঢ়াইছিল৷

Apply Now
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd