• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 2:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ জিম্মাত থকা মেঘালয় হানিমুন হত্যাকাণ্ডৰ অভিযুক্তৰ বক্তব্যৰ পৰাই চাঞ্চল্যকৰ তথ্য ওলাইছে। ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ অভিযুক্ত সোণম আৰু প্ৰেমিক ৰাজৰ পৰিকল্পনা শুনি চকু কপালত উঠিছে তদন্তকাৰী দলৰ।

আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ মেঘালয়ৰ চোহৰা বা নাংৰিহাট অঞ্চলত পথত খোজকাঢ়ি যোৱা যিকোনো যুৱতীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজে। আৰক্ষীয়ে দাবী কৰিছে যে মেঘালয় হানিমুন হত্যাকাণ্ডৰ অভিযুক্তক জিম্মাত লোৱাৰ পিছত প্ৰথম ৰাউণ্ডৰ জেৰাত এই তথ্য আহিছে।

Apply Now

পূব খাছী হিলছৰ জিলা আৰক্ষী অধীক্ষক বিবেক ছিয়েমে কয় যে প্ৰথম অৱস্থাত সিদ্ধান্ত লোৱা হৈছিল যে ৰাজাক হত্যা কৰাৰ পিছত অপহৰণকাৰীয়ে সোণমক হত্যা কৰি নদীত পেলাই দিয়াৰ কাহিনী সজাব। কিন্তু সেই কাহিনী কোনে কেনেকৈ বিয়পাই দিব সেইটো সোনমৰ দলটোৱে সিদ্ধান্ত ল’ব পৰা নাছিল।

পিছত তেওঁলোকে সিদ্ধান্ত লয় যে ৰাজাক হত্যা কৰাৰ পিছত খোজ কাঢ়ি যোৱা কোনো এগৰাকী যুৱতীক তেওঁলোকে হত্যা কৰিব। হত্যাৰ উদ্দেশ্য হ’ব এই কথা প্ৰচাৰ কৰা যে অপহৰণকাৰীয়ে ৰাজাৰ লগতে সোণমকো হত্যা কৰিছে।

সোণমহঁতে সিদ্ধান্ত লয় যে হত্যাকাণ্ডৰ পিছত ৰাজাৰ মৃতদেহটো দূৰৈৰ খাৱৈত পেলাই দিয়া হ’ব। ইয়াৰ পিছত তাতেই এগৰাকী অচিনাকি যুৱতীক হত্যা কৰি তাইৰ মৃতদেহ আৰু ভাড়াতীয়া স্কুটিখন পেট্ৰ’লেৰে জ্বলাই দিয়া হ’ব। উদ্দেশ্য আছিল যুৱতীগৰাকীৰ মৃতদেহ যাতে আৰক্ষীয়ে চিনাক্ত কৰিব নোৱাৰে। আৰু ইয়াৰ সুৰুঙাৰে সোণমে কেইবাদিনো নিজকে লুকাই ৰাখিবলৈ সময় পাই যাব।

তদন্তকাৰীয়ে দাবী কৰিছে যে ধৃত ব্যক্তিসকলে জেৰাৰ সময়ত কয় যে তেওঁলোকে পূৰ্বে সিদ্ধান্ত লৈছিল যে কামাখ্যা মন্দিৰত সোণম পূজা দিয়াৰ পিছত ৰাজাক গুৱাহাটীতে হত্যা কৰা হ’ব। কিন্তু কিবা কাৰণত সেয়া বিফল হয়।

ইয়াৰ পিছত সোণমে শ্বিলং আৰু চোহৰালৈ যোৱাৰ পৰিকল্পনা কৰিলে। ২৩ মে’ত নাংৰিহাটত সোণম আৰু তিনি দুৰ্বৃত্তই লগ হৈ তাতেই ৰাজাক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰে। তেওঁলোকে ৱেইছডং জলপ্ৰপাতৰ ফালে আগবাঢ়ি গৈ থাকে।

আৰক্ষী অধীক্ষকে জনোৱা মতে, সোণম আৰু তিনি দুৰ্বৃত্তক পৃথকে পৃথকে জেৰা কৰে। তেওঁলোকে দিয়া হত্যাকাণ্ডৰ সময় জানি অনুমান কৰা হৈছে যে ২৩ মে’ৰ দুপৰীয়া ২ বজাৰ পৰা ২ বাজি ১৮মিনিটৰ ভিতৰত ৰাজাক হত্যা কৰা হৈছিল।ইয়াৰ পিছত ৰাজাৰ মৃতদেহটো খাৱৈত পেলাই দিয়া হৈছিল।

আৰক্ষী অধীক্ষকে জনোৱা মতে, সোণমে পিন্ধা ৰেইনকোটটো আকাশক দি দিছিল। কাৰণ, আকাশৰ কাপোৰত ৰাজাৰ তেজৰ দাগ আছিল। চাৰিওজনে স্কুটিত উঠি ৱেইছডং এৰি গুচি যায়। আকাশে মাজ ৰাস্তাত সোণমে দিয়া ৰেইনকোটটো খুলি পেলাই দিয়ে। ভাড়াতীয়া স্কুটিখন ৰাস্তাতে এৰি থৈ যায়।

তদন্তকাৰীৰ জেৰাৰ সময়ত দুৰ্বৃত্ত আৰু সোণমে জনায় যে ৰাজে ইতিমধ্যে বিশালক এটা বোৰ্খা দিছিল। সোণমে প্ৰথমে সেই বোৰ্খা পিন্ধি পুলিচ বজাৰ এলেকালৈ গৈছিল।

তাৰ পৰাই সোণম টেক্সিত উঠি গুৱাহাটীলৈ গৈ বাছেৰে শিলিগুৰি পায়গৈ। শিলিগুৰিৰ পৰা সোণম বাছত উঠি পাটনালৈ যায়। পাটনাৰ পৰা বাছেৰে আৰা পায়হি। আৰাৰ পৰা ৰেলত উঠি তাই লক্ষ্ণৌলৈ যায়। লক্ষ্ণৌৰ পৰা বাছেৰে ইন্দোৰত উপস্থিত হয়।

সোণম ইন্দোৰলৈ উভতি যোৱাৰ আগতে সাধাৰণ পোছাকত মেঘালয় আৰক্ষীৰ তদন্তকাৰীৰ দুটা দল উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত উপস্থিত হৈছিল। প্ৰথমে আৰক্ষীয়ে আকাশক গ্ৰেপ্তাৰ কৰে। আকাশক গ্ৰেপ্তাৰ কৰা বুলি জানিয়েই ৰাজ হতভম্ব হৈ পৰে।

ৰাজে সোণমক কয় যে তাই য’তেই নাথাকক কিয় তাৰ ঘৰলৈ ফোন কৰি ক’ব লাগে যে তাই মাত্ৰ তাইৰ অপহৰণকাৰীৰ হাতৰ পৰা মুকলি হৈছে। প্ৰেমিক ৰাজৰ পৰামৰ্শ মতে গাজীপুৰলৈ গৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

শিলচৰ আদালতৰ নিৰ্দেশ অনুসৰি হত্যাকাণ্ডৰ অভিযুক্ত সোণমকে ধৰি ৫জন  বুধবাৰৰ পৰা ৮ দিন ধৰি আৰক্ষীৰ জিম্মাত আছে। বৃহস্পতিবাৰে পাঁচজনক পৃথকে পৃথকে জেৰা কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd