ধুবুৰীত সাম্প্ৰদায়িক গোট সক্ৰিয় হোৱাৰ খবৰ পোৱাৰ পাছত অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত ভ্ৰমণৰ পাছত সংবাদমাধ্যমৰ অগত কয় যে, মন্দিৰ আদিত অপবিত্ৰ বস্তু নিক্ষেপ কৰা ঘটনাক লৈ তেওঁ আইন প্ৰয়োগকাৰী বিষয়াসকলক শ্বুট এট চাইট (দেখিলে গুলীয়াব) নিৰ্দেশ জাৰি কৰিছে।
মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে, কিছুমান সাম্প্ৰদায়িক গোটে হিন্দু মন্দিৰসমূহৰ ক্ষতি সাধন কৰাৰ উদ্দেশ্যেৰে এই ধৰণৰ অপচেষ্টা চলাইছে। তেওঁ স্পষ্টভাৱে কয়, “ধুবুৰী ভ্ৰমণ কৰি মই বিষয়াসকলক মন্দিৰ, নামঘৰ আৰু পবিত্ৰ স্থানসমূহত অপবিত্ৰ বস্তু নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিলোঁ। এনে অপৰাধত জড়িতসকলক কোনো ধৰণৰ ৰেহাই নিদিয়া হ’ব।”
ঘটনাক্ৰম অনুসৰি ঈদৰ দিনা ধুবুৰীৰ হনুমান মন্দিৰত গৰুৰ মাংস নিক্ষেপ কাৰ্যত ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে কাৰ্যৰ প্ৰতি ক্ষুভ উজাৰি কয় যে “চহৰখনৰ হনুমান মন্দিৰত গো-মাংস নিক্ষেপ কৰাৰ ঘটনাটো কেতিয়াও হ’ব নালাগিছিল, আৰু ইয়াৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব।”
আন এটা পোষ্টত তেওঁ কয়, “এইবাৰ ঈদৰ দিনা একাংশ অসামাজিক উপাদানে গৰুৰ মাংস নিক্ষেপ কৰি এক ঘৃণনীয় আৰু নিন্দনীয় অপৰাধ সংঘটিত কৰিলে ধুবুৰীৰ হনুমান মন্দিৰ! আগন্তুক ঈদত প্ৰয়োজন হ’লে মই নিজেই হনুমান বাবাৰ মন্দিৰত গোটেই ৰাতি পহৰা দিম।” এই ঘটনাই স্থানীয় লোকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে আৰু ৰাজ্য চৰকাৰে অশান্তি সৃষ্টি কৰিব পৰা উপাদানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব বুলি স্পষ্টভাবে উল্লেখ কৰে।