• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 14, 2025 10:03 pm
170
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত শেহতীয়াকৈ গছ কটা আৰু “স্থানান্তৰকৰণ” বিষয় দুটা সচেতন ৰাইজৰ বাবে উদ্বেগৰ কাৰন হৈ পৰিছে। শেহতীয়াকৈ আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত নুনমাটি-আমবাৰী উৰণসেঁতু প্ৰকল্পৰ বাবে চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপসমূহে পৰিৱেশৰ প্ৰতি সামান্যতম দৰদ থকা মানুহৰ মনত চৰকাৰখনৰ স্থিতি সন্দৰ্ভত অলেখ প্ৰশ্ন উত্থাপন কৰিছে। তাৰেই প্ৰতিবাদ স্বৰূপে আজি প্ৰায় তিনি সহস্ৰাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ন ঘটে। মহানাগৰিক,ছাত্ৰ-যুৱ, শিল্পী-সাহিত্যিক,  ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ অংশ  গ্ৰহণে বিষয়টোৰ তৎকালীন গুৰুত্ব স্পষ্ট কৰি তোলে। পৰিবেশ ধ্বংসকাৰী উন্নয়ন নহয়, বহনক্ষম উন্নয়নত গুৰুত্ব দিয়ক, গছ হত্যাৰ সিদ্ধান্ত বাতিল কৰক, অপৰিকল্পিত স্থানান্তৰকৰণৰ নামত গছ হত্যা বন্ধ কৰক, গছৰ অবিজ্ঞানসন্মত স্থানান্তৰকৰণ বন্ধ কৰক, চোৰৰ দৰে আন্ধাৰত গছ কটা নচলিব ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে মহানগৰীৰ সেউজ হৃদপৃণ্ড ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী পাৰ। আজিৰ উপস্থিত ৰাইজৰ তৰফৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা হয়। প্ৰথমটো হৈছে, অধিক গছ কটা প্ৰতিহত কৰিবলৈ গুৱাহাটী ক্লাব পইণ্টতে জি এন বি উৰণীয়া সেঁতুৰ প্ৰকল্পটো বন্ধ হওঁক। দ্বিতীয়তে, আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ ৭৭ জোপা গছৰ অবৈজ্ঞানিক স্থানান্তৰৰ ধাৰণাটো ত্যাগ কৰিব লাগে আৰু শেষত অসম ৰাজ্যিক সংগ্ৰহালয় চৌহদত বাকী থকা গছবোৰ কটা বন্ধ হওঁক আৰু আমবাৰী-দীঘলীপুখুৰী অঞ্চলত হোৱা পাৰিপাৰ্শ্বিক ক্ষতি পুনৰুদ্ধাৰৰ প্ৰচেষ্টা ল’ব লাগে। চৰকাৰে ৰাইজক অন্ধকাৰত ৰাখি ফ্লাই অভাৰ নিৰ্মাণ নকৰি, ফ্লাইঅভাৰৰ নতুন ডিজাইন কিদৰে প্ৰস্তুত কৰা হৈছে আৰু ফ্লাইঅভাৰখন ক’ত শেষ হ’ব সেয়া স্পষ্ট কৰিব লাগে৷ চৰকাৰে দায়িত্বসহকাৰে ৰাইজক সকলো দিশ স্পষ্ট কৰাৰ দাবী তোলা হয় আজি।

দীঘলীপুখুৰীৰ পাৰৰ গছবোৰৰ ইতিহাস ১৫০বছৰৰো অধিক পুৰণি, এয়া অজস্ৰ প্ৰজাতিৰ হাজাৰ হাজাৰ চৰাইৰ বাসস্থান। গত বৰ্ষত সন্দিকৈ কলেজৰ ওচৰৰ দীঘলীপুখুৰী আগুৰি থকা শ শ বছৰ পুৰণি বহুবোৰ গছ কটাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধেশিক্ষাৰ্থীসমাজৰ লগতে বহু অনুষ্ঠান – প্ৰতিষ্ঠানে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী লৈছিল। সেই সময়ত স্বতঃস্ফূৰ্তভাৱে ওলাই অহা জনতাৰ প্ৰতিবাদ-ক্ষোভৰ আগত সেও মানি চৰকাৰে গছ কটাৰ সিদ্ধান্ত বাতিল কৰে। বিষয়টো গৌহাটি উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰে কোনো গছ কটা নহ’ব বা স্থানান্তৰ কৰা নহ’ব বুলি শপতনামা দাখিল কৰিছিল। কিন্তু এই আশ্বাস আৰু তীব্ৰ ৰাজহুৱা প্ৰতিবাদ নেওচি ২০২৫ বৰ্ষৰ জুন মাহত পুনৰ গছ কটা বা স্থানান্তৰকৰণৰ বহুৱালি আৰম্ভ হয়। ইয়াৰ বিৰুদ্ধে সচেতন মহল আৰু ছাত্ৰ সমাজে ৪ জুনৰ পৰা প্ৰতিৰোধ কাৰ্যসূচী আৰম্ভ কৰে। দুৰ্ভাগ্যৰ কথা যে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ গছ কটা চৰকাৰখনে কেৱল প্ৰশ্ন কৰাৰ গইনাৰে ৭ জুনৰ নিশা দুগৰাকী মহিলাসহ ৯ জন যুৱকক আটক কৰে। এই বিবাদৰ এক গুৰুত্বপূৰ্ণ দিশ এয়ে যে ভাৰতত স্থানান্তৰিত গছৰ জীয়াই থকাৰ হাৰৰ নিৰ্ভৰযোগ্য তথ্যৰ অভাৱ, চৰকাৰৰ “স্থানান্তৰণৰ” দাবীৰ আঁৰৰ উদ্দেশ্য আৰু প্ৰকৃত অভিপ্ৰায়ৰ ওপৰত সন্দেহ প্ৰকাশ কৰা।\

দেখাত ক্ষুদ্ৰ গুৱাহাটীৰ এই স্থানীয় সমস্যাটো বৰ্তমান সমগ্ৰ ভাৰতৰে বন ধ্বংসৰ বিশাল আৰু উদ্বেগজনক প্ৰৱণতাৰ সৈতে সংগতিপূৰ্ণ। গ্লোবেল ফৰেষ্ট ৱাচ্চৰ মতে ২০০১ ৰ পৰা ২০২৩ চনৰ ভিতৰত অসমত বন ধ্বংসৰ হাৰ দেশৰ ভিতৰতে সৰ্বোচ্চ প্ৰায় ৩,২৪,০০০ হেক্টৰ। অতি শেহতীয়াকৈ ২০২৩-২০২৪ বৰ্ষত অসমে আনুমানিক ১৬,৯০০-১৮,৯০০ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছে। বিশেষকৈ গুৱাহাটী অন্তৰ্ভুক্ত কামৰূপ মেট্ৰ’পলিটান এলেকাতে ২০২৪ চনত ১০৪ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল ধ্বংস হৈছে। যাৰ ফলত আনুমানিক ৩৩,৮০০ টন কাৰ্বন ডাই অক্সাইড মুকলি হৈছে। ইতিমধ্যে দূষিত বায়ু, ভূমিস্খলন আৰু কৃত্ৰিম বানপানীৰ দৰে পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা গুৱাহাটীয়ে চহৰখনৰ প্ৰকৃতিৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্বন শোষক আৰু পাৰিপাৰ্শ্বিক সম্পদ হেৰুৱাব নোৱাৰে। আচৰিত কথাটো হ’ল পৰিৱেশ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি অসম চৰকাৰে গছৰ সফল স্থানান্তৰৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰু বৈজ্ঞানিক নীতি পৰ্যাপ্তভাৱে অনুসৰণ কৰা নাই। অঞ্চলটোৰ পৰা গছবোৰ আঁতৰাবলৈ চেষ্টা কৰাৰ পূৰ্বে চৰকাৰে কোনো আগতীয়া গৱেষণা কৰা নাছিল। এই কথাত সকলোৰে মনত সন্দেহ ঘনীভূত হৈছে যে সেউজ সংৰক্ষণৰ প্ৰকৃত প্ৰয়াসৰ বিপৰীতে গুৱাহাটীৰ মাজভাগত অমূল্য গছবোৰ কটাৰ নামত “স্থানান্তৰ” শব্দটো এক সুবিধাজনক অজুহাত মাত্ৰ।

অনুষ্ঠানটোত তিনি সহস্ৰাধিক লোকৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু তেওঁলোকৰ দাবী সন্দৰ্ভত আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ গছ কটা বিষয়টো চৰকাৰে পুনৰ বিবেচনা কৰি ৰাইজ আৰু পৰিৱেশৰ পক্ষত থিয় দিব বুলি সকলো আশাবাদী। ছাত্ৰ সমাজৰ গভীৰ অংশগ্ৰহণে এটা কথা স্পষ্ট কৰে যে ছাত্ৰসমাজ প্ৰকৃতিক লৈ সংবেদনশীল। আজি বিভিন্ন ছাত্ৰ সংগঠন, ৰাজনৈতিক দলৰ নেতা, শিল্পী – সাহিত্যিক তথা নাগৰিকসকলে দলীয় মতাদৰ্শ ভেদে বৃহত্তৰ স্বাৰ্থ আগত লৈ মানৱ শৃংখল গঢ়ি তোলে। কাৰ্যসূচীত উপস্থিত আছিল বিশিষ্ট বিজ্ঞানী দীনেশ চন্দ্ৰ গোস্বামী, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয়পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ, সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতা, নিৰেন ঠাকুৰীয়া, দেবব্ৰত দাস, ৰাইজৰ দলৰ নৱনিযুক্ত সভাপতি ৰমেন বৰঠাকুৰ, ঐতিহাসিক মনোৰমা শৰ্মা,শিক্ষাবিদ ইন্দ্ৰানী দত্ত, শিক্ষাবিদ ৰাজেন কলিতা,  লেখিকা ৰূপালীম দত্ত, চিপিআই(এম)ৰ নেতা নিৰংকুশ নাথ, বীৰেন শৰ্মা,আম আদমী পাৰ্টিৰ নেতা ভবেন চৌধুৰী, অনুৰূপা ডেকাৰজা, চিপিআইৰ নেতা জয়ন্ত গগৈ,  ৰাইজৰ দলৰ নেতা বেদান্ত লস্কৰ, লক্ষ্যজ্যোতি গগৈ, ডি ৱাই এফ আইৰ ৰাজ‍্যিক সম্পাদক ৰিতু ৰঞ্জন দাসৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, শিক্ষাৰ্থী উপস্থিত থাকে৷ এই প্ৰতিবাদী কাৰ্যসূচীত অভিনেতা অৰ্ঘদীপ বৰুৱাক, সংগীত শিল্পী হুমায়ুন চৌধুৰী বহুজনে প্ৰতিবাদী সংগীত পৰিবেশন কৰে৷ প্ৰতিবাদী কাৰ্যসূচীৰ আঁত ধৰে যুৱ নেত্ৰী সংগীতা দাস আৰু পূজা নিৰালাই৷ লগতে প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে সাংবাদিক মহেশ ডেকাই৷ প্ৰতিবাদী কাৰ্যসূচী পৰিচালনা কৰাত আগভাগ লয় বিদিশা বৰ্মন, ৰাজদ্বীপ মহন্ত, উৎপলা দাস, অনিন্দিতা দাস, কোকিল শইকীয়া, অঞ্জুমান ভৰদ্বাজ, আলোক নৰহ, ৰাজা আদিয়ে৷

Recent News

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd