• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন ঔষধ ‘অবিচেট্ৰাপিব’ৰ সফলতা! হৃদৰোগ আৰু কলেষ্টেৰলৰ সমস্যাত ভোগাসকললৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 6:30 am
127
VIEWS
Share on FacebookShare on Twitter

হৃদৰোগ আৰু কলেষ্টেৰলৰ সমস্যাত ভোগাসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে এদল গৱেষকে। শেহতীয়াকৈ বিজ্ঞানীসকলে এটা নতুন ঔষধ আৱিষ্কাৰ কৰিছে, যাৰ নিয়মীয়া ব্যৱহাৰে কেৱল কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাই নহয়, হাৰ্ট এটেকৰ সম্ভাৱনাও বহু পৰিমাণে হ্ৰাস কৰে।

যদি কলেষ্টেৰল নিয়ন্ত্ৰণত নাথাকে তেন্তে ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। তেজত অত্যধিক এল ডি এল (বেয়া কলেষ্টেৰল) থাকিলে হাৰ্ট এটেকৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বহু সময়ত ৰোগীয়ে কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে বহু ঔষধ সেৱন কৰিবলগীয়া হয়।

শেহতীয়া গৱেষণাটোত হৃদৰোগ বা উচ্চ কলেষ্টেৰলৰ সমস্যাত ভুগা ৬৫ বছৰ গড় বয়সৰ প্ৰায় ২৫০০ জন লোকক এই ঔষধ দিয়া হৈছিল। এটা গোটক ‘অবিচেট্ৰাপিব’ আৰু আনটো গোটক প্লেচেব’ (প্ৰভাৱহীন ঔষধ) দিয়া হৈছিল। ১২ সপ্তাহৰ পিছত দেখা গৈছে যে অবিচেট্ৰাপিব সেৱন কৰাসকলৰ এল ডি এল কলেষ্টেৰল ৩২.৬ শতাংশ আৰু লিপ’প্ৰটিনৰ মাত্ৰা ৩৩.৫ শতাংশ হ্ৰাস পাইছে। এই গৱষণা পত্ৰ ব্ৰিটেইনত অনুষ্ঠিত ‘ইউৰোপিয়ান এথেৰ’স্কলেৰ’ছিছ ছ’চাইটি কংগ্ৰেছ’ আৰু ‘দ্য নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিন’ত প্ৰকাশিত হৈছে।

যদি তেজত এল ডি এল (low density lipoprotein) অৰ্থাৎ ‘বেয়া কলেষ্টেৰল’ৰ মাত্ৰা বেছি হয়, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। মনাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ষ্টিফেন নিকোলছে কয়, “এই ঔষধ হৃদৰোগৰ চিকিৎসাত ভৱিষ্যতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ইয়াক দিনটোত মাত্ৰ এবাৰ সেৱন কৰিলেই হয় আৰু ই অতি উপকাৰী।”

জানিব পৰা মতে, ৰোগীসকলে দিনটোত মাত্ৰ এবাৰহে এই ঔষধ ব্যৱহাৰ কৰিছিল। গৱেষকসকলে কয় যে শেহতীয়াকৈ নেদাৰলেণ্ডৰ এটা ঔষধ কোম্পানীয়ে অবিচেট্ৰপিব নিৰ্মাণ কৰিছে। কিন্তু সেই ঔষধৰ কিছু সীমাবদ্ধতা আছিল। উদাহৰণস্বৰূপে, উচ্চ এল ডি এল থকা ৰোগীক সেই ঔষধৰ ব্যৱহাৰৰ বাবে নিৰ্বাচিত কৰা হোৱা নাছিল। সেই অধ্যয়নত এল ডি এলৰ তাৰতম্য জুখিছিল। কিন্তু ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায় নে নহয় সেয়া স্পষ্ট হোৱা নাছিল।

Tags: CholesterolControlHeartHealthHelthNewsLifeStiyleMedicalBreakthroughObicetrapib

Recent News

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd