• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 6:40 am
112
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত এতিয়া গৰমে দহিছে। তাপমান লাহে লাহে বাঢ়িবলৈ ধৰিছে। অসমত বায়ুৰ আৰ্দ্ৰতা বেছি, সেইবাবে গৰমত ঘাম বেছিকৈ ওলায়। ইয়াৰ ফলস্বৰুপে শৰীৰ শুষ্ক হৈ পৰে। তদুপৰি ঘামৰ লগত ভালেমান খনিজ পদাৰ্থও শৰীৰৰ পৰা ওলাই যায়। ফলত শৰীৰ দুৰ্বল হৈ পৰে। সুৰ্যৰ ৰশ্মিৰ প্ৰভাৱ ছালৰ ওপৰতো পৰে আৰু ছালৰ ক্ষতি কৰে। গতিকে এনে এক পৰিৱেশত আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ তথা শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ কেতবোৰ বিশেষ ফল-মtল আৰু শাক-পাচলি গ্ৰহণ কৰাটো প্ৰয়োজনীয়। গৰমৰ দিনত কেইবিধমান ফল-মtল আৰু শাক-পাচলি অতিকৈ গুৰুত্বপূৰ্ণ।

এই সন্দৰ্ভত চিকিৎসক প্ৰাঞ্জল চেতিয়াই কয় যে, গৰমৰ দিনত আম যথেষ্ট উপকাৰী। ইয়াত প্ৰচূৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। সেইবাবে আম কেন্সাৰ প্ৰতিৰোধী বুলিও কোৱা হয়। ই শৰীৰত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে আৰু খাদ্যৰ পাচনতো সহায় কৰে। তদুপৰি ই দেহৰ ইমিউনিটি বৃদ্ধি কৰে।

অতিপাত গৰমত তৰমুজ খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। তৰমুজত ৯২ শতাংশ পানী থাকে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে তৰমুজত থকা লাইকোপেনৰ কেন্সাৰ প্ৰতিৰোধত বিশেষ ভূমিকা আছে। তদুপৰি লাইকোপেনে কলেষ্টেৰল আৰু ৰক্তচাপ কমোৱাত সহায় কৰে। তৰমুজত যথেষ্ট পৰিমাণৰ ভিটামিন-চি আৰু ভিটামিন এ থাকে। এই দুবিধ ভিটামিনে গাৰ ছাল আৰু চুলিৰ যতন হয়। তৰমুজৰ প্ৰচুৰ পৰিমাণৰ পানী আৰু কম পৰিমাণৰ আঁহবোৰে খাদ্য পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।

গৰমৰ দিনৰ বাবে আমাৰ চিৰপৰিচিত তিঁয়হ উপকাৰী। ইয়াতো পানীৰ পৰিমাণ যথেষ্ট। সেইবাবে দেহৰ জলযোজনত সহায় কৰে, এইবিধ খাদ্য পটাছিয়ামৰো ভাল উৎস।

মিঠা আলুক খাদ্য হিচাপে বৰ গুৰুত্ব দিয়া নহয়। কিন্তু ই এবিধ উপকাৰী খাদ্য। এইবিধ খাদ্য, বিটা-কেৰ’টিন, ভিটামিন-বি-১ আৰু বি-২ ভিটামিন চি, মেংগানিজ, ফছফৰাছ, কপাৰ আৰু পটাছিয়ামৰ ভাল উৎস। ইয়াৰ অৰ্থ হ’ল মিঠা আলুৰ ব্যৱহাৰে আমাৰ দেহৰ বিভিন্ন দিশৰ যত্ন লয়। গৰমৰ দিনৰ প্ৰতিকুল পৰিৱেশত এইবিধ খাদ্যই আমাক সহায় কৰে।

গৰমৰ দিনতদৈ এবিধ উত্তম খাদ্য। যিকোনো ঠাইতে আৰু যিকোনো সময়তে দৈ খাব পাৰি। ভাল গাখীৰৰ পৰা দৈ অতি সহজে প্ৰস্তুত কৰিব পাৰি। সেইবাবেই ইয়াৰ প্ৰচলন বেছি। আজিকালি বিভিন্ন ব্ৰেণ্ডৰ দৈ বজাৰত উপলব্ধ। দৈত আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বেক্টেৰিয়া থাকে, যিবোৰে অন্ত্ৰৰ সক্ৰিয়তা বৃদ্ধি কৰে আৰু পাচনত সহায় কৰে। গৰমৰ দিনত বহুতে দৈৰ চৰবত (লচ্চী) বনাই ৰাখে। অতিপাত গৰমত দৈৰ ব্যৱহাৰে আমাৰ শৰীৰলৈ শীতলতা আৰু সজীৱতা আনে।

Recent News

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd