দেওবাৰে সন্ধিয়া হোজাই ৰে’ল ষ্টেশ্যনত উদ্ধাৰ হয় বৃহৎ সংখ্যক সক্ৰিয় গুলী। হোজাই জি আৰ পিয়ে লাভ কৰা গোপন সূত্ৰৰ ভিত্তিতে নামনিমুৱা অৱধ আচাম এক্সপ্ৰেছৰ এটা সাধাৰণ দবাত অভিযান চলাই ছিটৰ তলত এটা কলা বেগত লুকুৱাই অনা অৱস্থাতে বৃহৎ পৰিমাণৰ গুলীখিনি জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে জি আৰ পিৰ অভিযানকাৰী দলটোৱে ক’লা বেগটোৰ ভিতৰৰ পৰা মুঠ ২৭৫ টা সক্ৰিয় গুলী উদ্ধাৰ কৰে। ইয়াৰে ২২৭ টা ইনছাৰ্চ ৰাইফলৰ গুলী আৰু ৪৮ টা এছ এল আৰৰ গুলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লক্ষ্যণীয় যে জি আৰ পিয়ে বৃহৎ পৰিমাণৰ সক্ৰিয় গুলীখিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ হয়। কোনে কি কাৰণত ক’লৈ এই বৃহৎ পৰিমাণৰ গুলীখিনি সৰবৰাহ কৰিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হোজাই ভ্ৰমণৰ পূৰ্বে এনেদৰে বৃহৎ পৰিমাণৰ গুলী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে মুখ্য মন্ত্ৰী সোণোৱালে আজি হোজাইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজ্ঞান শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰগৰাকীক আনুষ্ঠানিক সম্বৰ্ধনা জনাব। এই অনুষ্ঠানৰ পাছতে গীতাশ্ৰমত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নেতৃত্বৰ লগতো সোণোৱালে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে।