• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2025 9:36 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকাশ অন্বেষণৰ এক উল্লেখযোগ্য কৃতিত্ব পোহৰলৈ আহিছে। ভাৰতৰ চন্দ্ৰযান-২য়ে চন্দ্ৰপৃষ্ঠৰ পৰা বিধ্বস্ত জাপানী চন্দ্ৰযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিছে। ভাৰতৰ চন্দ্ৰযান-২ মিছন মহাকাশপ্ৰেমী শনমুগা সুব্ৰমণিয়ানৰ তীক্ষ্ণ দৃষ্টিৰ বাবেই এই চিনাক্তকৰণ সম্ভৱ হৈছে।

চন্দ্ৰযান-২ৰ অৰ্বিটাৰ হাই ৰিজ’লিউচন কেমেৰা (OHRC)ৰ দ্বাৰা বন্দী উচ্চ ৰেজোলিউচনৰ ছবি ব্যৱহাৰ কৰি সুব্ৰমণিয়ানে জাপানৰ মহাকাশযান হাকুটো-আৰ ২ৰ সিঁচৰতি হৈ থকা ধ্বংসাৱশেষ চিনাক্ত কৰে।

Apply Now

অৱতৰণৰ সময়ত যোগাযোগ হেৰুৱাই পেলোৱা জাপানীজ লেণ্ডাৰখনে বিশ্বজুৰি মিছন কণ্ট্ৰ’লাৰ আৰু মহাকাশ অনুৰাগীসকলৰ পৰা সূত্ৰ বিচাৰি হাবাথুৰি খাইছে।

উত্তৰ গোলাৰ্ধৰ চন্দ্ৰৰ ঠাণ্ডা সাগৰত অৱতৰণ কৰিবলৈ সাজু হোৱা জাপানী মহাকাশযানখন টকিঅ’ৰ মিছন কণ্ট্ৰ’লৰ সৈতে যোগাযোগ আৰু টেলিমেট্ৰি হেৰাই যায়।

মহাকাশযানখন চন্দ্ৰপৃষ্ঠত বিধ্বস্ত হোৱাৰ কেইঘণ্টামানৰ পিছতে আইস্পেছে মহাকাশযানখনে চন্দ্ৰত কঠিন অৱতৰণ কৰাৰ কিছু সময়ৰ পূৰ্বে লাভ কৰা তথ্যৰ প্ৰাৰম্ভিক ফলাফল প্ৰকাশ কৰে।

চন্দ্ৰৰ পৃষ্ঠৰ পৰা দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা লেজাৰ ৰেঞ্জফাইণ্ডাৰৰ বৈধ জোখ-মাখ পোৱাত পলম হৈছিল। ফলত লেণ্ডাৰখনে পৰ্যাপ্ত পৰিমাণে গতি কমাই দিব নোৱাৰিলে।

চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ উচ্চ ৰিজ’লিউচন কেমেৰাৰ আকৰ্ষণীয় ৰিজ’লিউচনে চন্দ্ৰৰ কক্ষপথত দুৰ্ঘটনাস্থলীটো চিনাক্ত কৰি গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে।

ইয়াৰ পূৰ্বে ২০১৯ চনত চন্দ্ৰযান-২ অভিযানৰ পৰা ভাৰতৰ নিজা বিক্ৰম লেণ্ডাৰৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰি শিৰোনাম দখল কৰা শনমুগা সুব্ৰমণিয়ানে পুনৰবাৰ চন্দ্ৰৰ প্ৰতিচ্ছবি বিশ্লেষণৰ ক্ষেত্ৰত নিজৰ উল্লেখযোগ্য দক্ষতা প্ৰদৰ্শন কৰিছে।

অৰ্বিটাৰৰ হাই ৰিজ’লিউচন কেমেৰা (OHRC) দ্বাৰা লোৱা ছবি পৰীক্ষা কৰি শনমুগাই আশা কৰা ধৰণে দুৰ্ঘটনাস্থলীত অস্বাভাৱিক আৰ্হি আৰু উজ্জ্বল দাগ চিনাক্ত কৰে, যিবোৰ মহাকাশযানৰ ধ্বংসাৱশেষৰ বৈশিষ্ট্যৰ সৈতে সামঞ্জস্যপূৰ্ণ।

চন্দ্ৰযান-২ OHRC ছবিসমূহ অবিশ্বাস্যভাৱে বিশদ, যাৰ ফলত জ্যোতিৰ্বিজ্ঞানীসকলে চন্দ্ৰপৃষ্ঠৰ সৰু সৰু বিৱৰণসমূহো চাব পাৰে। অৱশ্যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই আৱিষ্কাৰ নিশ্চিত কৰিব পৰা নাই।

২০১৯ চনত নিয়োজিত হোৱাৰ পিছৰে পৰা চন্দ্ৰযান-২ অৰ্বিটাৰখনে কাৰিকৰী দক্ষতাৰ বাবে প্ৰশংসা লাভ কৰিছে। ব্যক্তিগত কোম্পানী আইস্পেচৰ দুৰ্ঘটনাগ্ৰস্ত মহাকাশযানখনৰ অৱতৰণ স্থানতো অনুসন্ধান চলাইছিল।

এই আৱিষ্কাৰে জাপানী মহাকাশ সংস্থাটোৰ অভিযানৰ বিফলতাৰ বিশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰাই নহয়, মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নাগৰিক বিজ্ঞানীসকলৰ ক্ৰমবৰ্ধমান ভূমিকাকো আলোকপাত কৰে।

এই অৰ্বিটাৰখনে উচ্চ ৰেজোলিউচনৰ ছবি আৰু বৈজ্ঞানিক তথ্য প্ৰদান কৰি আহিছে, যিয়ে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ অভিযান দুয়োটাকে সহায় কৰিছে।

চন্দ্ৰৰ ৰহস্যসমূহ উন্মোচন কৰিবলৈ বিশ্বই সাজু হোৱাৰ লগে লগে চন্দ্ৰযান-২-এ চন্দ্ৰৰ ভূখণ্ডৰ ছবি আৰু বিশ্লেষণৰ বাবে এক নতুন আশাৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd