চৰকাৰী নিবিদাত মুছলমানৰ বাবে ৪ শতাংশ সংৰক্ষণৰ পিছত কৰ্ণাটক কংগ্ৰেছ চৰকাৰে গৃহ নিৰ্মাণ আঁচনিতো সংখ্যালঘুৰ সংৰক্ষণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। যাৰ ফলত ৰাজ্যখনত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে।
ইতিমধ্যে কৰ্ণাটকত চৰকাৰী নিবিদাত মুছলমানৰ বাবে ৪ শতাংশ সংৰক্ষণ কৰা হৈছে। বৃহস্পতিবাৰে কৰ্ণাটকৰ গৃহ নিৰ্মাণ মন্ত্ৰী জমিৰ আহমেদ খানে কৰ্ণাটক বিধানসভাত এখন বিধেয়ক উত্থাপন কৰে। বিধেয়কখনত উল্লেখ কৰা হৈছে যে ৰাজ্যৰ বিভিন্ন গৃহ নিৰ্মাণ প্ৰকল্পত সংখ্যালঘুৰ বাবে সংৰক্ষণ ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব । ইয়াৰ পিছত ভোটদানত বিধেয়কখন গৃহীত হয়।
বিধেয়ক অনুসৰি মুছলমান, খ্ৰীষ্টান আৰু আন সকলো সংখ্যালঘু লোকে এই বিধেয়কৰ সুবিধা লাভ কৰিব। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ মতে, “দুখীয়া জনসাধাৰণৰ কথা মনত ৰাখি এই বিধেয়কখন অনা হৈছে। ৰাজ্যখনৰ সংখ্যালঘুসকল বহুলাংশে পিছপৰা। সেইবাবেই তেওঁলোকক ইয়াৰ অধীনলৈ অনা হৈছে।”
ইয়াৰ পূৰ্বে ২১ মাৰ্চত কৰ্ণাটক বিধানসভাই মুছলমান সংৰক্ষণ বিধেয়ক গৃহীত কৰে। ফলত কৰ্ণাটকত চৰকাৰী চুক্তিত সংখ্যালঘুসকলে লাভ কৰিব ৪ শতাংশ সংৰক্ষণ। পৰম্পৰা অনুসৰি বিধেয়কখন ৰাজ্যপালৰ হাতলৈ যায় যদিও ৰাজ্যপালে বিধেয়কখনত স্বাক্ষৰ নকৰি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে। এই বিধেয়কখনৰ ক্ষেত্ৰতো একেই হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিছে বিজেপিয়ে।
মুছলমান বিষয়ত কৰ্ণাটকত কংগ্ৰেছ আৰু বিজেপিৰ স্থিতি সম্পূৰ্ণ বিপৰীত। কৰ্ণাটকত বিজেপি শাসনৰ অধীনত মুছলমানৰ বাবে সংৰক্ষণ প্ৰত্যাহাৰ কৰা হৈছিল। পাছলৈ কংগ্ৰেছে কয় যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে সংৰক্ষণ ঘূৰাই আনিব। সেয়েহে, পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি কংগ্ৰেছে সংখ্যালঘুৰ সংৰক্ষণৰ বাবে বিধেয়ক উত্থাপন কৰিছে।