ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে অসমত অবাধে বন ধ্বংসৰ অভিযোগ কোনো নতুন কথা নহয়। প্রকৃতি ধ্বংসৰ এই প্ৰচেষ্টাৰ মাজতে ৰাজ্যখনৰ ৭ খনকৈ সংৰক্ষিত বনাঞ্চলত চলি থকা অবৈধ শিল খননক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে গোচৰ।
সংৰক্ষিত বনাঞ্চলত অসাধু চক্রই কেনেকৈ অবৈধভাৱে শিল খনন চলাবলৈ সক্ষম হৈছে তাক লৈ উচ্চতম ন্যায়ালয়ৰ জবাবদিহি হ’বলগীয়া হৈছে অসম চৰকাৰ। ‘আমাৰ অসম’ কাকতত প্ৰকাশিত প্ৰতিবেদন অনুসৰি উচ্চতম ন্যায়ালয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে।
উল্লেখ্য, উচ্চতম ন্যায়ালয়ে টি এন গৌভাবর্মন তিৰুমুলপদ বনাম ভাৰত চৰকাৰৰ ১৯৯৫ চনৰ এটা গোচৰত সংৰক্ষিত বনাঞ্চলত অবৈধ শিল খননত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ৰ এই স্পষ্ট নিষেধাজ্ঞাৰ পাছতো অসমত এতিয়াও বন বিভাগৰ পৃষ্ঠপোষকতাত সংৰক্ষিত বনাঞ্চলত বনজ সম্পদ ধ্বংসৰ কামকাজ চলি আছে।
উচ্চতম ন্যায়ালয়ত ধুবুৰী বন সংমণ্ডলৰ টোকৰবন্ধা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল, গোৱালপাৰা বন সংমণ্ডলৰ চিতলমাৰি সংৰক্ষিত বনাঞ্চল, নগাঁও দক্ষিণ আৰু হোজাই বন সংমণ্ডলৰ ডবকা সংৰক্ষিত বনাঞ্চলত অবৈধ শিল খননৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰটো।
এই গোচৰটোত নগাঁও বন সংমণ্ডলৰ আন তিনি সংৰক্ষিত বনাঞ্চল ক্রমে সোনাইকুছি সংৰক্ষিত বনাঞ্চল, কন্দলি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু ঢোলপাহাৰ সংৰক্ষিত বনাঞ্চলতো হেক্টৰে হেক্টৰে অবৈধ শিল খনন চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।
তদুপৰি, এই ৭ সংৰক্ষিত বনাঞ্চলত দেৱেশ চন্দ্ৰ ৰায়, বনো দাস, অলিউৰ ৰহমান লস্কৰ, ফাৰহান উদ্দিন, জিয়াউৰ ৰহমান, জয়ন্ত কুমাৰ লস্কৰ, বিশ্বজিৎ বানিক, ৰাতুল চন্দ্র বৰদলৈৰ লগতে একাধিক ব্যক্তিয়ে অবৈধভাৱে শিল খনন চলাই থকাৰো অভিযোগ উত্থাপন কৰা হৈছে।
সেইদৰে নগাঁও বন সংমণ্ডলৰ অধীনৰ সোণাইকুছি সংৰক্ষিত বনাঞ্চলত মেচাৰ্ছ হিলছ ট্রেড এজেঞ্চি নামৰ এটা প্রতিষ্ঠানক পৰিৱেশ নিষ্কাষণ আৰু খনি পট্টাৰ অধীনত মাত্র ২ হেক্টৰ এলেকাত শিল খননৰ অনুমতি দিছিল যদিও সংস্থাটোৱে বনাঞ্চলৰখনৰ ৩০ হেক্টৰ ভূমিত খনন চলোৱাৰ উপগ্ৰহীয় ছবিসহ প্রমাণ দাখিল কৰা হৈছে সর্বোচ্চ ন্যায়ালয়ত।
শেহতীয়াকৈ অসমৰ বন ধ্বংসযজ্ঞক লৈ ৰুজু হোৱা এই গোচৰটোৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ৩০ জুনৰ ভিতৰত অসম চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে।
ৰাজনৈতিক পৃষ্ঠপোষকতাতে মাফিয়া আৰু বন বিষয়াই মিলি এই বন ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে। উচ্চতম ন্যায়ালয়ৰ এই স্থিতিৰ পাছত বন বিভাগে সংৰক্ষিত বনাঞ্চলত শিলৰ খনন চলোৱা এই চক্ৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।