ৰাজ্যজুৰি খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণৰ চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্রতিবাদ। কোকৰাঝাৰৰ গৰৈমাৰী, কামৰূপ জিলাৰ হাজো, আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ বাগান অঞ্চলত আদানী গোষ্ঠীৰ তাপবিদ্যুৎ প্রকল্প, উদ্যোগিক ক্ষেত্ৰ আৰু চেটেলাইট টাউনশ্বিপৰ বাবে ভূমি প্ৰদানৰ প্ৰচেষ্টাৰ বিৰুদ্ধে ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তুলিছে।
কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বাশবাৰী, পানীজানী আৰু গৰৈমাৰী অঞ্চলত আদানী গোষ্ঠীক ৩৫০০ বিঘা ভূমি প্ৰদানৰ উদ্যোগৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তিনিদিন ধৰি ৰাইজে বন বিভাগ, ৰাজহ বিভাগ আৰু আৰক্ষী বিষয়া উপস্থিত থাকোঁতেই, পেট্ৰ’ল ঢালি ক্ষোভ প্ৰদৰ্শন কৰে। “জীৱন দিম, মাটি নিদিও”, “আমাৰ ভূমি দিয়া বন্ধ কৰক”, “আমাক তাপবিদ্যুৎ প্রকল্প নালাগে” আদি ধ্বনিত উত্তাল হৈ পৰে গৰৈমাৰী অঞ্চল। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে স্থানীয় লোকক উন্নয়ন আৰু চাকৰি দানৰ আশ্বাস দিলেও ৰাইজে আদানী গোষ্ঠীক ভূমি নিদিব বুলি দৃঢ় হুংকাৰ দিয়ে।
ইফালে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ গন্ধমৌ গো-চৰণীয়া পথাৰখনত উদ্যোগিক ক্ষেত্ৰ গঢ়ি তুলিবলৈ চৰকাৰে কৰা প্ৰচেষ্টাৰ বিৰুদ্ধে অঞ্চলটোৰ সাতখন গাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। “এই পথাৰ কৃষকৰ সাহসৰ প্ৰতীক” বুলি উল্লেখ কৰি, সংৰক্ষণ সমিতিৰ নেতাসকলে চৰকাৰৰ জাননী বাতিলৰ দাবী জনায়। আন্দোলনত অংশগ্ৰহণ কৰা বক্তাসকলে উন্নয়নক স্বাগতম জনালেও, কৃষিভিত্তিক পৰিৱেশ ধ্বংস কৰি উদ্যোগ স্থাপন কৰাক লৈ কঠোৰ মন্তব্য কৰে।
আন্হাতে পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক কেন্দ্ৰ কৰি ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। যদিও বিধানসভাত মুখ্যমন্ত্ৰীয়ে ‘বৰদুৱাৰ’ৰ ঠাইত ‘পলাশবাৰী টাউনশ্বিপ’ হ’ব বুলি কৈছে, তথাপিও স্থানীয় ২১০০খন জনজাতীয় পৰিয়াল উদ্বিগ্ন হৈ পৰিছে। ভূমি পট্টা দাবী সমিতিয়ে আন্দোলনৰ জৰিয়তে চেটেলাইট টাউনশ্বিপ বাতিল, পতিত ভূমিত বাস কৰা সকলো পৰিয়ালক স্থায়ী পট্টা প্ৰদান, আৰু চানডুবি বিলৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ দাবী জনাইছে।
ইয়াৰোপৰি ২০২৬ৰ পূৰ্বে সকলো পৰিয়ালক পট্টা দিব লাগিব বুলি ৰাইজে দাবী কৰিছে। আৰু আদিত্য ৰাভাৰ নেতৃত্বত ভূমি পট্টা দাবী সমিতিয়ে গণতান্ত্ৰিকভাৱে আন্দোলন চলাই যোৱাৰ কথা ঘোষণা কৰে।