• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হঠাতে ৰক্তচাপ বাঢ়ি গৈছে, হাতৰ কাষত ঔষধো নাই; বিপদৰ পৰা হাত সাৰিবলৈ কি কৰিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2025 7:30 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰক্তচাপৰ সমস্যা কেৱল বয়স্কসকলৰ ক্ষেত্ৰতহে হয় বুলি থকা ধাৰণাটো এতিয়া শুদ্ধ নহয়। যুৱক-যুৱতীসকলো এতিয়া ৰক্তচাপৰ তাৰতম্যৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে। ৰাতি টোপনিৰ অভাৱ, অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ, অত্যধিক মদ্যপানৰ বাবে ৰক্তচাপৰ তাৰতম্য হৈছে।

যদি আপোনাৰ হাইপাৰটেনচন বা উচ্চ ৰক্তচাপ থাকে তেন্তে সকলো সময়তে  ঔষধ হাতত ৰাখিব লাগিব। মাজে মাজে ৰক্তচাপ জোখাটোও জৰুৰী। কিন্তু যদি আপুনি এনে পৰিস্থিতিত পৰে য’ত আপোনাৰ হাতত কোনো ঔষধ নাই আৰু আপোনাৰ ৰক্তচাপৰ তাৰতম্য ঘটিছে, তেন্তে কি কৰিব?

Apply Now

হঠাতে ৰক্তচাপ বৃদ্ধি হোৱাটো ভাল লক্ষণ নহয়। ইয়াৰ ফলত হাৰ্ট এটেকও হ’ব পাৰে। যদি আপুনি লক্ষ্য কৰে যে আপোনাৰ বুকুখন ধপধপাইছে, আপোনাৰ মূৰ ঘূৰোৱা বা বমি হৈছে, আপুনি চকুৰ সন্মুখত আন্ধাৰ দেখাবলৈ আৰম্ভ কৰিছে, আৰু আপোনাৰ হাত-ভৰিৰ পেশীবোৰ টান হৈছে, তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন।

যদি আপোনাৰ ৰক্তচাপ উচ্চ হয় তেন্তে ইয়াক হ্ৰাস কৰাৰ উপায় আছে। ঔষধ নাথাকিলেও চিন্তা নকৰিব। সাময়িকভাৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি বিপদৰ পৰা হাত সাৰিবলৈ কিছুমান পদ্ধতি জনাটো ভাল।

গভীৰ উশাহ লোৱা

ৰক্তচাপ দ্ৰুতভাৱে নিয়ন্ত্ৰণৰ বাবে শ্বাস-প্ৰশ্বাসৰ ব্যায়ামেই আদৰ্শ। শান্ত হৈ বহি দীঘলকৈ উশাহ লওক। কেইমুহূৰ্তমান উশাহ বন্ধ কৰি ৰাখক আৰু তাৰ পিছত লাহে লাহে এৰি দিয়ক। গোটেই প্ৰক্ৰিয়াটো ১০-২০ ছেকেণ্ডৰ বাবে কৰিব লাগে। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ একেৰাহে ৩বাৰ কৰক। এই পদ্ধতিয়ে শৰীৰৰ পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলে। ফলত অত্যধিক উত্তেজনা আৰু অস্থিৰতা কমি যায়। হৃদস্পন্দনও নিয়ন্ত্ৰিত হয়।

ঠাণ্ডা পানীৰ প্ৰয়োগ

অতি উপকাৰী পদ্ধতি। মুখ আৰু ডিঙিত ঠাণ্ডা পানী প্ৰয়োগ কৰিলে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ হয়। ইয়াৰ ফলত ৰক্তবাহী নলীত তেজ জমা হোৱাৰ সম্ভাৱনা কম হয়। চিকিৎসকে কয় যে শৰীৰত অস্বস্তি অনুভৱ কৰাৰ লগে লগে যদি মূৰ, ডিঙি, মুখ আৰু ভৰি ঠাণ্ডা পানীৰে ধুই লয় তেন্তে বিপদ বহু পৰিমাণে কমি যাব।

নেমুৰ পানী

নেমুত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। চেনি আৰু নিমখ মিহলি নকৰাকৈ নেমুৰ পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। আধা নেমুৰ ৰস এগিলাচ পানীত মিহলাই খালে শৰীৰত থকা পানী আৰু খনিজ পদাৰ্থৰ অভাৱ বহু পৰিমাণে নাইকিয়া হ’ব। নেমুৰ এন্টিঅক্সিডেন্টে শৰীৰক শক্তি প্ৰদান কৰিব।

লাহে লাহে পানী খাব

এগিলাচ পানী লাহে লাহে পান কৰক। যদি আপুনি ধপধপনি, ঘাম ওলোৱা, মূৰ ঘূৰোৱা অনুভৱ কৰে তেন্তে প্ৰথমে স্থিৰ হৈ বহি পানী খাব লাগে। ইয়াৰ ফলত ৰক্ত সঞ্চালন স্বাভাৱিক হ’ব। অৱশ্যে শীতল পানীয় বা চোডা নাখাব। ই হিতে বিপৰীত হ’ব।

তুলসীৰ পাত আৰু নহৰু

নহৰুত এলিচিন নামৰ যৌগ থাকে, যিয়ে ৰক্ত সঞ্চালন স্বাভাৱিক কৰি তেজ জমা হোৱাত বাধা দিয়ে। তুলসীৰ পাতত থকা এন্টিঅক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও তুলসীৰ প্ৰদাহ নিবাৰণকাৰী গুণো আছে। কেইটামান তুলসীৰ পাত চোবাই খালে বা পানীত তিয়াই খালে শৰীৰৰ প্ৰদাহ অতি সোনকালে কমি যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd