পুৰীৰ ৰথ যাত্ৰাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। বিপুল জনসমাগমৰ ফলত সংঘটিত হৈছে পদপিষ্টৰ ঘটনা।
এই ঘটনাৰ ফলত আহত হৈছে প্ৰায় ৫৮১ গৰাকী লোক। আহতসকলৰ ভিতৰত কমেও ৮ জনৰ অৱস্থা সংকটজনক। তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, জগন্নাথ, বলাৰাম আৰু সুভদ্ৰাৰ ৰথ ওলাই অহাৰ আগতেই ৰাজপথত লাখ লাখ লোক সমবেত হৈছিল। বলভদ্ৰৰ তলধ্বজ ৰথ তালৈ টানি অনাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। ৰথৰ ৰছী স্পৰ্শ কৰিবলৈ হাজাৰ হাজাৰ লোক সেই ঠাইত গোট খায়।
ঘটনাস্থলীৰ পৰা ডেৰ-দুই কিলোমিটাৰ দূৰত্বত থকা গুণ্ডিচা মন্দিৰৰ ফালে টানি অনা হৈছিল ৰথখন। তেতিয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। ৰাইজৰ হেঁচাত ৫৮১ গৰাকী তীৰ্থযাত্ৰী আহত হয়। নিৰাপত্তাৰক্ষীয়ে এই ভয়াৱহ পৰিস্থিতি চম্ভালিবলৈ অপাৰগ হয়।
আহত ৫৮১ জনৰ ভিতৰত ১৭৩ জনক এইচ ডি ইউত ভৰ্তি কৰা হৈছে। ৬৮ জনক অ’পিডিত ভৰ্তি কৰা হৈছে। তদুপৰি ৮জন লোকৰ অৱস্থাৰ অৱনতি ঘটাত জিলা সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।