সৌন্দৰ্য্য বা গুণৰ একোৰে অভাৱ নাই তেওঁৰ। একমাত্ৰ অভাৱ হৈছে টোপনিৰ। আৰু সেই টোপনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থাকোঁতে টাইৱানৰ এগৰাকী জনপ্ৰিয় মডেলে নিজৰ প্ৰাণ হেৰুৱালে।
তেওঁ দীৰ্ঘদিন ধৰি নিদ্ৰাহীনতা ৰোগত ভুগি আছিল। ফলত তেওঁৰ শৰীৰত ইয়াৰ প্ৰভাৱ পৰিছিল। সমস্যাটো সমাধান কৰিবলৈ তেওঁ ‘লিপ’ছাকচনৰ গডফাদাৰ’ নামেৰে পৰিচিত এজন চিকিৎসকৰ ওচৰ পালেগৈ। তাৰ পৰাই আৰম্ভ হৈছিল সমস্যা।
টোপনিৰ সমস্যা নিৰাময়ৰ বাবে এইগৰাকী জনপ্ৰিয় মডেলৰ শৰীৰত দিয়া হৈছিল মিল্ক ইঞ্জকশ্যন। তাতেই বিপদ আৰম্ভ হ’ল। হঠাৎ তেওঁৰ শৰীৰটো দুৰ্বল হ’বলৈ ধৰিলে। উশাহ লোৱাত সমস্যা বাঢ়িল। হৃদযন্ত্ৰৰ ওপৰত চাপ বাঢ়িবলৈ ধৰিলে। মৰ্মান্তিকভাৱে তেওঁ মৃত্যুৰ কোলাত ঢলি পৰিল। চিকিৎসকৰ যৎপৰোনাস্তি চেষ্টা ব্যৰ্থ হোৱাৰ পিছত মডেলগৰাকী ক’মালৈ গুচি গ’ল।
এই মিল্ক ইঞ্জেকশ্যন কি?
বহুতৰে বাবে এইটো এটা নতুন বিষয় হ’ব পাৰে। এই মিল্ক ইঞ্জেকশ্যনৰ বাবেই পপ গায়ক মাইকেল জেকচনৰ মৃত্যু হয়। সহজ ভাষাত ক’বলৈ গ’লে ই এক প্ৰকাৰৰ অজ্ঞান কৰা বেজী। কাৰোবাৰ টোপনিত অসুবিধা হ’লে সমস্যা সমাধানৰ বাবে হৰম’ন থেৰাপী কৰা হয়। এই চিকিৎসাৰ সময়ত মিল্ক ইঞ্জেকশ্যন দিয়া হয়।
কিন্তু দুৰ্ভাগ্যজনকভাৱে এই বেজীৰ ‘ঔষধ’ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে টাইৱানৰ মডেলগৰাকী দুৰ্বল হৈ পৰে। তাৰ পাছত ডাক্তৰে কিবা বুজি পোৱাৰ আগতেই তেওঁ ক’মাত গুচি গ’ল। তাৰ পিছৰ পৰিস্থিতি চিকিৎসকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ পিছতো ১৮ দিন ক’মাত থাকিল। তাৰ পিছত ১২ জুনত তেওঁৰ পৰিয়ালে লাইফ ছাপোৰ্ট আঁতৰোৱাৰ সিদ্ধান্ত লয়।
টাইৱানৰ এখন অতি জনপ্ৰিয় ক্লিনিকত চিকিৎসাধীন হৈ আছিল এই মডেলগৰাকী। ইয়াৰ পিছতো এই দুৰ্যোগ ৰোধ কৰিব পৰা নগ’ল। এই বেজী লোৱাৰ পিছত তেওঁৰ ধপধপনি আৰু উশাহ-নিশাহৰ সমস্যা হয়।
এই মৃত্যুৰ বাবে ডাক্তৰক দোষাৰোপ কৰা হৈছে। অৱশ্যে তেওঁ টাইৱানৰ এজন বিখ্যাত চিকিৎসক হিচাপে পৰিচিত। কচমেটিক চাৰ্জন হিচাপে তেওঁৰ বহু বছৰৰ অভিজ্ঞতা আছে। তথাপিও এনে দুৰ্যোগ কেনেকৈ হ’ব পাৰে তাৰ তদন্ত চলি আছে।
এই বেজীৰ পৰা যদি কিবা ক্ষতিকাৰক প্ৰভাৱ পৰিল, তেন্তে কিয় দিয়া হ’ল? ডাক্তৰে আগতীয়াকৈ গম পোৱা নাছিল নেকি? এই মৃত্যুক কেন্দ্ৰ কৰি বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।