হ্ৰাস পাইছে ভাৰতলৈ অবৈধভাবে বাংলাদেশৰ অনুপ্ৰৱেশ কৰা লোকৰ হাৰ। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ বৈঠকত এই বিষয়ত দীঘলীয়া আলোচনা হয়।
উক্ত বৈঠকৰ অন্তত কমিটীৰ অধ্যক্ষ তথা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত স্পষ্টকৈ উল্লেখ কৰে যে কমিটীক দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত পৰিসংখ্যাই ইংগিত দিয়ে যে বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা হ্ৰাস পাইছে।
শুকুৰবাৰে বৈদেশিক পৰিক্ৰমাৰ স্থায়ী সমিতিয়ে এখন বিশেষজ্ঞ সমিতিৰ সৈতে বাংলাদেশৰ সৈতে ভাৰতৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। এই বিশেষজ্ঞৰ তালিকাত আছে প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শিৱশংকৰ মেনন, বাংলাদেশৰ প্ৰাক্তন ভাৰতীয় উচ্চায়ুক্ত ৰিভা গংগোপাধ্যায় দাস, লেফটেনেণ্ট জেনেৰেল চৈয়দ আটা হাছনেইন আৰু বিখ্যাত শিক্ষাবিদ অমিতাভ মট্টু।
তেওঁলোকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা স্থায়ী সমিতিৰ অধ্যক্ষ তথা কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ শশী থাৰুৰে কয় যে তেওঁলোকে অতি ভাল পৰামৰ্শ আৰু মতামত দিছে।