• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭০ বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ গোস্বামী নৃতাত্ত্বিক সংগ্ৰহালয়; অচিৰেই পাব নতুন ৰূপ

ভৱেশ মেধি by ভৱেশ মেধি
June 4, 2018 5:33 pm
GU_museum_3
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ গোস্বামী নৃতাত্ত্বিক সংগ্ৰহালয়টোৱে চলিত বৰ্ষত ৭০ বছৰত ভৰি দিছে। এই সংগ্ৰহালয়টো উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি সংগ্ৰহালয়  হিচাপে জনাজাত। বৰ্তমান বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত থকা সংগ্ৰহালয়টোক নতুন ৰূপ দিয়া হ’ব।

এই সন্দৰ্ভত নৃতত্ত্ব বিভাগৰ মুৰববী অধ্যাপক ড০ আব্দুলা আলী আশ্ৰফে কয় যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই সংগ্ৰহালয়টোক নতুন ধৰণে সজাই-পৰাই তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে। উপাচাৰ্যই সংগ্ৰহালয়টোৰ সকলো দিশ ঠিকে ৰাখি বিজ্ঞানসন্মতভাৱে মেৰামতি কৰাৰ দিশত গুৰুত্ব দিছে।

Apply Now

তেওঁ জনায় যে সংগ্ৰহালয়টো মেৰামতি আৰু সম্প্ৰসাৰণ কৰাৰ কামৰ দায়িত্ব নৃতত্ত্ব বিভাগক অৰ্পণ কৰা হৈছে। কাৰণ, সংগ্ৰহালয়টো আৰম্ভণিৰ পৰা নৃতত্ত্ব বিভাগে চোৱাচিতা কৰি আহিছে। উল্লেখ্য যে সংগ্ৰহালয়টো প্ৰথমে গুৱাহাটীৰ ডনবস্ক’ হাইস্কুলত স্থাপন কৰা হৈছিল। পিছলৈ সংগ্ৰহালয়টো আইন মহাবিদ্যালয় চৌহদলৈ স্থানান্তৰিত কৰা হয়। শেষত সংগ্ৰহালয়টো গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগলৈ স্থানান্তৰিত কৰা হয়।

উল্লেখযোগ্য যে বিশিষ্ট নৃতত্ত্ববিদ তথা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ মুৰববী অধ্যাপক মাধৱ চন্দ্ৰ গোস্বামীয়ে ১৯৪৮ চনত এই সংগ্ৰহালয়টোৰ জন্ম দিছিল। নৃতত্ত্ব বিভাগৰ মুৰববী অধ্যাপক ড০ আশ্ৰফে কয় যে মাধৱ চন্দ্ৰ গোস্বামীৰ একক প্ৰচেষ্টাত এই সংগ্ৰহালয়টোৰ জন্ম হৈছিল। ১৯৫০ চনত এই সংগ্ৰহালয়টো বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগলৈ স্থানান্তৰিত কৰা হয়। তেওঁ কয় যে অধ্যাপক মাধৱ চন্দ্ৰ গোস্বামীৰ পিছত অধ্যাপক ভুৱনমোহন দাস, অধ্যাপক অন্নদা চৰণ ভাগৱতী আৰু অধ্যাপক অধ্যাপক তৰুণ চন্দ্ৰ শৰ্মাই এই সংগ্ৰহালয়টোক এক অন্য মাত্ৰা দি গৈছে।

GU_museum_2

সংগ্ৰহালয়টোত সন্দৰ্ভত ড০ আশ্ৰফে জনায় যে সংগ্ৰহালয়ত বাৰ হাজাৰৰো অধিক ঐতিহাসিক শিলৰ অস্ত্ৰ আৰু বাৰশৰো অধিক নৃতাত্ত্বিক সামগ্ৰী আছে। এইবোৰ সম্পূৰ্ণ সঁচা সামগ্ৰী। সংগ্ৰহালয়ত কোনো কৃত্ৰিম সামগ্ৰী ৰখা হোৱা নাই। সংগ্ৰহালয়ত দুই ধৰণৰ সামগ্ৰী অছে–  ধাতুযুক্ত আৰু জৈৱিক সামগ্ৰী। সামগ্ৰীবোৰ দুই ধৰণে উপাচাৰ (Treatment)  কৰা হয়। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি আৰু পদাৰ্থগতভাৱে সামগ্ৰীবোৰৰ উপাচাৰ কৰা হয়।

সংগ্ৰহালয়টোক সংলগ্ন কৰি নৃতত্ত্ব বিভাগৰ নিৰ্দিষ্ট পাঠ্যক্ৰম আছে। এই পাঠ্যক্ৰমতে সংগ্ৰহালয়টো সংৰক্ষণৰ বিষয় সন্নিৱিষ্ট আছে। নৃতত্ত্ব বিভাগৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে সংগ্ৰহালয়টো চোৱাচিতা কৰে। ফলত আজি ৭০ বছৰ ধৰি সংগ্ৰহালয়টো অক্ষত অৱস্থাত আছে বুলি তেওঁ জনায়। নৃতত্ত্ব বিভাগৰ মুৰববী অধ্যাপক ড০ আশ্ৰফে কয় যে সংগ্ৰহালয়টো সম্প্ৰসাৰণ আৰু মেৰামতি কৰা দিশবোৰ ইতিমধ্যে পৰ্যৱেক্ষণ আৰু জৰীপ কৰা  হৈছে। তেওঁ লগতে কয় যে সংগ্ৰহালয়টো এটা দুমহলীয়া অট্টালিকালৈ স্থানান্তৰিত কৰা হ’ব।

ঐতিহাসিক সমলবোৰ যাতে সঠিকভাৱে আৰু শৃংখলাবদ্ধভাৱে ৰাখিব পৰা যায়,  সেইধৰণে অট্টালিকাটো নিৰ্মাণ কৰা হ’ব। বিশ্ববিদ্যালয়ৰ এক সূত্ৰৰ পৰা জানিব মতে, এই কামখিনি কৰাৰ বাবে নিৰ্দিষ্ট ধন নিৰ্ধাৰণ কৰা হৈছে। সূত্ৰটোৱে জনায় যে নতুন অট্টালিকাটোত এটা সভাকক্ষ,  প্ৰদৰ্শনী কক্ষ, মেৰামতি কক্ষ, সংগ্ৰহালয়ৰ পুথিভঁৰাল, দৃশ্য-শ্ৰাব্য আৰু আলোকচিত্ৰ প্ৰদৰ্শনী কক্ষ থাকিব।

সংগ্ৰহলায়টোত আৰম্ভণিৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ সাংস্কৃতিক সম্পদবোৰ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা আছে। সংগ্ৰহালয়টোত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত পোৱা বিভিন্ন ঐতিহাসিক কাঠৰ সঁজুলি, বাদ্যযন্ত্ৰ, যুদ্ধৰ সামগ্ৰী, ৰন্ধন সামগ্ৰী, মুখা, বস্ত্ৰ আৰু লোৰ বিভিন্ন সামগ্ৰী সুন্দৰভাৱে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা আছে। এসময়ত লণ্ডন বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক Von Furer Haimendrof-এ সংগ্ৰহালয়লৈ আহি অভিভূত হৈ পৰিছিল। এতিয়াও এই বিশ্ববিখ্যাত নৃততত্ত্ববিদগৰাকীৰ সংগ্ৰহালয়টো সন্দৰ্ভত দিয়া উক্তি মিনি সংগ্ৰহালয়টোৰ বেৰত আঁৰি থোৱা আছে।

বিশ্ববিদ্যালয়ৰ আন এক সূত্ৰৰ পৰা জানিব পৰা মতে,  বিশ্ববিদ্যালয়ে সংগ্ৰহালয়ৰ সামগ্ৰী সংৰক্ষণ কৰাৰ এক চাৰ্টিফিকেট পাঠ্যক্ৰম আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰি আছে। ইতিমধ্যে এই পাঠ্যক্ৰমটো আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয়ে ভূপালত থকা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয়ৰ লগত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd