ঘৰৰ পৰা চোৱা-চিতা কৰি বিয়াৰ ব্যৱস্থা কৰা হৈছিল। আৰু সেইবাবেই ভাৰতৰ পৰা আমেৰিকালৈ গুচি আহিছিল ২৪ বছৰীয়া যুৱতীগৰাকী। কিন্তু বিদেশলৈ গৈ তেওঁ সন্ধানহীন হৈ পৰিছে। জানিব পৰা মতে যুৱতীগৰাকীৰ নাম ছিমৰন।
যোৱা ২০ জুনত ভাৰতৰ পৰা গৈ নিউ জাৰ্চীত উপস্থিত হৈছিল ছিমৰন। সেই দেশৰ আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি এই কথা প্ৰকাশ কৰে। তাত দেখা যায় যুৱতীগৰাকীয়ে কাৰোবাৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে তেওঁৰ মুখত উদ্বিগ্নতাৰ কোনো চিন নাছিল।
যোৱা বুধবাৰে সন্ধানহীন হৈছিল ছিমৰন। পাঁচ দিনৰ পাছত এই কথা নিশ্চিত কৰে আৰক্ষীয়ে। প্ৰথম অৱস্থাত তদন্তকাৰীয়ে কয় যে যুৱতীগৰাকীয়ে এৰেঞ্জ মেৰেজৰ বাবে বিদেশলৈ গৈছিল।
বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীক বিদেশলৈ মাতি অনা বুলিও সন্দেহ কৰা হৈছে। তেওঁৰ হাতত বিনামূলীয়া বিমানৰ টিকটো তুলি দিয়া হৈছিল। ছিমৰনে ইংৰাজী ক’ব নোৱাৰে। আমেৰিকাত তেওঁৰ কোনো আত্মীয়ও নাই।
আমেৰিকাৰ তদন্তকাৰী সংস্থাটোৱে এতিয়াও ভাৰতত থকা যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই।
যুৱতীগৰাকীৰ উচ্চতা ৫ ফুট ৪ ইঞ্চি আৰু বাওঁ কপালত তেওঁৰ পাতল দাগ আছিল। শেষবাৰৰ বাবে দেখাৰ সময়ত তেওঁ পিন্ধি আছিল বগা টি-চাৰ্ট আৰু ছাই ৰঙৰ পেণ্ট। আমেৰিকান আৰক্ষীয়ে তেওঁৰ ফটো প্ৰকাশ কৰি তথ্য বিচাৰিছে।
প্ৰশ্ন উঠিছে, বিদেশলৈ লৈ যাৱলৈকে ছিমৰণক বিয়াৰ প্ৰলোভিত দিয়া হৈছিল নেকি? তেওঁৰ পৰিয়ালে এই বিষয়ে জানিছিল নে? কোনোবা দুষ্ট চক্ৰৰ জালত পৰিল নেকি যুৱতীগৰাকী? তদন্তকাৰীয়ে সকলো দিশ নিৰীক্ষণ কৰি আছে।