• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2025 12:24 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান দিনক দিনে বাঢ়ি গৈ আছে। আৰু এই পাৰ্থক্য এতিয়া ইমানেই স্পষ্ট যে এজন অর্থনৈতিক বিশ্লেষকে কৈছে যে দেশৰ পৰিস্থিতি বৃটিছৰ শাসনকালতকৈও ভয়াৱহ৷

লিংকডইনত এটা দীঘলীয়া পোষ্টত বিশ্লেষক হাৰ্দিক যোশীয়ে কয় যে, ‘ভাৰতত আয় আৰু সম্পদৰ বৈষম্য বৰ্তমান ইতিহাসৰ আটাইতকৈ ভয়াৱহ অৱস্থাত আছে।’

Apply Now

যোশীয়ে লিখিছে, ‘ভাৰতৰ শীৰ্ষ ১ শতাংশ মানুহৰ হাতত আছে দেশৰ মুঠ সম্পদৰ ৪০.১ শতাংশ। আনহাতে দেশৰ ৫০ শতাংশ মানুহৰ হাতত আছে মাত্ৰ ৬.৪ শতাংশ সম্পদ। আৰু শীৰ্ষ ১০ শতাংশ লোকে দেশৰ মুঠ আয়ৰ ৫৭.৭ শতাংশ উপাৰ্জন কৰে।’ এই তথ্য পোহৰলৈ অহাৰ লগে লগে চৌদিশে আলোড়নৰ সৃষ্টি হৈছে।

বিশ্লেষকগৰাকীৰ মতে সংখ্যাবোৰ কেৱল পৰিসংখ্যা নহয়। অৰ্থাৎ দেশৰ আধা সংখ্যক মানুহেই দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে সংগ্ৰাম কৰি আছে, আনহাতে একাংশ অভিজাত শ্ৰেণী বিলাসী জীৱনত অভ্যস্ত।’

এই চৰম বৈষম্যৰ বাবে যোশীয়ে দেশৰ অৰ্থনৈতিক ব্যৱস্থাক জগৰীয়া কৰিছে। তেওঁৰ স্পষ্ট বক্তব্য এই ব্যৱস্থাই ধনীসকলৰ স্বাৰ্থ ৰক্ষা কৰে। কৰ গাঁথনিয়ে ধনীসকলক উপকৃত কৰে। শ্ৰমিকৰ কোনো সুৰক্ষা নাই, কৰ্পৰেটৰ একচেটিয়া ব্যৱসায়ত ক্ষুদ্ৰ ব্যৱসায়ীসকল চেপা খাই পৰিছে, আৰু ৰিয়েল ইষ্টেট আৰু শ্বেয়াৰ বজাৰৰ পৰা পোৱা লাভ কেৱল ধনীসকলৰ হাতলৈ যায়। তদুপৰি ৰাজনৈতিক অনুদান আৰু লবীৰ জৰিয়তে ধনীসকলে নিশ্চিত কৰে যে যিকোনো সংস্কাৰে যাতে তেওঁলোকৰ স্বাৰ্থৰ ক্ষতি নকৰে।

তেওঁৰ মতে অৰ্থনৈতিক বৈষম্যই ধনী লোকৰ কোনো ক্ষতি নকৰে। সেয়ে তেওঁলোকে একো গুৰুত্ব নিদিয়ে। আচলতে সংবাদ মাধ্যমৰ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি বাকী সকলো ধনীৰ নিয়ন্ত্ৰণত থাকে। দুখীয়াৰ বাবে নীতি আনিলে তেওঁলোকে ‘ভিক্ষা’ বুলি প্ৰচাৰ কৰে। কিন্তু তেওঁলোকে নিজেই লাভ কৰে হাজাৰ হাজাৰ কোটি টকাৰ কৰ ৰেহাই আৰু ৰাজসাহায্য।

তেন্তে এই বৈষম্য দূৰ কৰিবলৈ কি কৰিব লাগিব? যোশীৰ মতে, ‘ধনী লোকৰ ওপৰত উপযুক্ত কৰ আৰোপ কৰা, শ্ৰমিকক সুৰক্ষা দিয়া, স্বাস্থ্য আৰু শিক্ষাত বিনিয়োগ কৰা, কৰ্পৰেটৰ একচেটিয়া অধিকাৰ ভংগ কৰা আদি সংস্কাৰ অবিহনে এইটো সমাধান হ’ব নোৱাৰে।’

শেষত তেওঁৰ প্ৰশ্ন হ’ল, ‘কাৰ বাবে এই ব্যৱস্থা? সাধাৰণ মানুহৰ বাবে, নে কেইটামান ধনী পৰিয়ালৰ স্বাৰ্থৰ বাবে?’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd