• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 4, 2025 4:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালৰ কোম্পানী ‘জেএমবি একুৱা এগ্রো প্রাইভেট লিমিটেড’ৰ নামত এদিনতে পুনৰ ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি ক্ৰয় কৰাৰ চাঞ্চল্যকৰ তথ্য লাভ কৰা হৈছে। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞা ৰাজহ চক্ৰৰ পাণ্ডুৰি মৌজাৰ কুমতিবাৰী ৰাজহ গাঁৱত ২০২৩ চনৰ ২৬ এপ্রিল তাৰিখে একেটা দিনতে প্রায় ৪০ বিঘা মাটিৰ মালিকীস্বত্ব লাভৰ গৌৰৱ অৰ্জন কৰিছে জেএমবি (জয়ন্ত মল্ল বৰুৱা?) একুৱা এগ্রো প্রাইভেট লিমিটেড নামৰ কোম্পানীটোৱে। এই কোম্পানীটোৰ মেনেজিং ডাইৰেক্টৰ হ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলী ডেকা বৰুৱা আৰু ডাইৰেক্টৰ হ’ল ক্ৰমে মন্ত্ৰীৰ জী তৃণাবৃতা বুজৰবৰুৱা।

কোম্পানীটোৰ আন এজন ডাইৰেক্টৰ হ’ল জেহিৰুল ইছলাম। এই জেহিৰুল ইছলামৰ নামতে জেএমবি একুৱা এগ্রো প্রাইভেট লিমিটেডৰ হৈ এই ৪০ বিঘা মাটি ক্রয় কৰা হৈছে। অসম চৰকাৰৰ ৰাজহ বিভাগৰ জৰীপ হোৱা গাঁওৰ জমাবন্দীত উল্লেখ আছে যে ২৬/৪/২০২৩ তাৰিখে অর্থাৎ; জয়ন্ত মল্ল বৰুৱাই অসম মন্ত্রী সভাত মন্ত্রীত্ব লাভ কৰাৰ পাছত, জেএমবি (জয়ন্ত মল্ল বৰুৱা?) একুৱা এগ্রো প্রাইভেট লিমিটেডৰ নামত ৰঙিয়াৰ কুমতিবাৰী গাঁৱত পট্টা নং ৭ ৰ দাগ নং ১৪৬, ১৪৫, ৩০০, ৩০২, ৩০১, ৬২৮, ৬২৬ আৰু ২৪৯ দাগৰ ক্ৰমে ১ বিঘা ১০ লেচা; ৫ বিঘা ৩ কঠা ১০ লেচা; ১ বিঘা ২ কঠা ২ লেচা; ১ কঠা ১০ লেচা; ৩ বিঘা, ১ কঠা; ১ কঠা ৮ লেচা; আৰু ১ বিঘা ২ কঠা ১৭ লেচা সর্বমুঠ ১৩ বিঘা ২ কঠা ১৭ লেচা মাটি ক্ৰয় কৰিছে। তদুপৰি একেখন গাঁৱৰে পট্টা নং ১১ ৰ দাগ নং ২৪৭ ত ১ বিঘা; ২৪৬ দাগত ১ বিঘা ২ কঠা; ২৪৫ দাগত ১ বিঘা ১ কঠা; ১৭৩ দাগত ৪ কঠা; ১৭৪ দাগত ২ কঠা আৰু ৩০ নং দাগত ৪ বিঘা সর্বমুঠ ১০ বিঘা ১ কঠা মাটি ক্রয়; ১৩ নং পট্টাৰ দাগ নং ৪১৫ ৩ ১২ লেচা; দাগ নং ৬৩৩ ত ২ কঠা ২ লেচা সর্বমুঠ ২ কঠা ১৪ লেচা মাটি ক্রয়; পট্টা নং ২৩ ৰ দাগ নং ২৫২ ত ১ বিঘা ৩ কঠা ১৮ লেচা; দাগ নং ৪৪৯ ৩ ২ কঠা ১৫ লেচা; দাগ নং ২৫১ ৩ ১ বিঘা ১ কঠা ৩ লেচা; দাগ নং ১৬৬ ত ৪ কঠা ১৬ লেচা; দাগ নং ১৬৫ ৩ ১ কঠা ১৫ লেচা; সর্বমুঠ মাটি ক্রয় ৪ বিঘা ৪ কঠা ১৭ লেচা; ২৫ নং পট্টাৰ দাগ নং ৩২২ ৩ ৩ বিঘা ৫ লেচা; দাগ নং ৩২১ ৩ ২ বিঘা ১ কঠা সর্বমুঠ ৫ বিঘা ১ কঠা ৫ লেচা মাটি ক্ৰয় কৰাৰ লগতে পুনৰ একেখন গাঁৱৰে ৪৩ নং পট্টাৰ দাগ নং ৩২৫ ৩ ১ কঠা ১০ লেচা; দাগ নং ৩১৬ ৩ ৩ বিঘা ৪ কঠা ১৬ লেচা; দাগ নং ১৯০ ৩ ১৪ লেচা; দাগ নং ২৩৫ ৩ ২ কঠা ৪ লেচা; দাগ নং ২২৭ ৩ ২ কঠা ৯ লেচা সর্বমুঠ ৫ বিঘা ১ কঠা ১৩ লেচা মাটি ক্রয় কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকানাধীন কোম্পানীটোৱে এইদৰে একেদিনাই ৰঙিয়াৰ কুমতিবাৰীত ক্রয় কৰে ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটি।

Apply Now

২০২১ ৰ নিৰ্বাচনী শপতনামা অনুসৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নী বা পৰিয়ালৰ নামত নাই কোনো কৃষিভূমি কিন্তু মন্ত্রী হোৱাৰ পিছতে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে কোম্পানীৰ নামত ক্ৰয় কৰে ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটি। ইতিমধ্যে সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে যে জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই তেজপুৰত ক্ৰয় কৰিছে ৩৬ বিঘা অকৃষিভূমি।

অর্থাৎ, এতিয়ালৈকে পোহৰলৈ অহা তথ্য অনুসৰি মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই ক্ৰয় কৰিছে ৭৫ বিঘা ৩ কঠা ১৬ লেচা মাটি। জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ কৰিছে ২০২২ চনৰ জুনত। মন্ত্ৰী হোৱাৰ তিনি বছৰৰ ভিতৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰিয়ালৰ নামত এইদৰে গঢ়ি তুলিছে সম্পত্তিৰ পাহাৰ। স্বাভাৱিকতে প্রশ্ন উত্থাপন হ’ব ক’ৰ পৰা আহিছে এইদৰে ভূ-সম্পত্তিৰ গঢ়াৰ ধন? জেজেএমৰ পৰা নে পৰ্যটন বিভাগৰ পৰা? নে গুৱাহাটী উন্নয়নৰ পৰা?

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd