ধেমাজি জিলাৰ চিলাপথাৰৰ প্ৰাগ নিউজৰ সাংবাদিক মাধু্ৰ্য শইকীয়াক বাতৰি সংগ্ৰহৰ সময়ত দুৰ্বৃত্তই কৰা আক্ৰমণ কৰা গুৱাহাটী প্ৰেছ ক্লাবে গৰিহণা দিয়ে৷
এক বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে ঢেকীয়াজুলিৰ ND24ৰ সাংবাদিক বিমলজ্যোতি নাথ আৰু তেওঁৰ সতীৰ্থক আক্ৰমণৰ এসপ্তাহ নৌহওঁতেই আজি আৰু সাংবাদিক কৰ্তব্যৰত অৱস্থাত আক্ৰমণৰ সন্মুখীন হ’ব লগা হ’ল বুলি জানিব পৰা গৈছে৷
সাংবাদিকৰ ওপৰত আক্ৰমণ দিনকদিনে বৃদ্ধি পোৱা বিষয়টো উদ্বেগজনক আৰু অতিশীঘ্ৰে চৰকাৰে এই বিষয়ত গুৰুত্ব দিব লাগে৷ সাংবাদিকৰ সুৰক্ষাৰ বাবে সুকীয়া আইন গ্ৰহণৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক স্মাৰকপত্ৰ প্ৰদানো কৰিছিল৷
কিন্তু বৰ্তমানলৈকে সাংবাদিকৰ সুৰক্ষাৰ দিশত কোনো ব্যৱস্থা নোলোৱাটো পৰিতাপৰ বিষয়৷ মাধুৰ্য শইকীয়াক আক্ৰমণৰ বিষয়টো তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনোৱা হয়৷