• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2025 12:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী হোৱাৰ পাছত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ নামত দুটা দিনত ৭৫ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্ৰয়ৰ তথ্য ৰাজহুৱা হোৱাৰ পাছত আজি পুনৰ উন্মোচিত হয় মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাৰ গুৱাহাটীৰ মাজ মজিয়াত পাঁচ মহলীয়া এক বিশাল হোটেলৰ তথ্য৷

হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি৷ ঠিকনাঃ আৰ পি ৰ’ড, এম এল এ হোষ্টেলৰ পিছফাল, গণেশগুৰি৷ ৪ জুনত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ফাদিল কৰিছিল জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ মালিকানাধীন কোম্পানী ‘জেএমবি একুৱা এগ্ৰ’ প্ৰাইভেট লিমিটেড’-এ ৰঙিয়াত একেটা দিনতে ২৬ এপ্ৰিল, ২০২৩ তাৰিখে ক্ৰয় কৰা ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটিৰ তথ্য৷

Apply Now

বিধায়কজনে লগতে প্ৰকাশ কৰিছিল যে মন্ত্ৰী জয়ন্তমল্লই ৮৫ বিঘা চৰকাৰী ভূমিও বেদখল কৰিছে৷ তাৰ আগতে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই একেটা দিনতে তেজপুৰত ক্ৰয় কৰা ৩৬ বিঘা মাটিৰ তথ্য৷ এইদৰে ফাদিল হৈছিল জুলি ডেকা বৰুৱাৰ নামত ক্ৰয় কৰা ৭৫ বিঘা মাটিৰ তথ্য৷

এজন মন্ত্ৰী পত্নীৰ নামত বিঘাই বিঘাই মাটি ক্ৰয়ৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশৰ পাছতে আজি পুনৰ অখিল গগৈয়ে ফাদিল কৰে জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ নামত গুৱাহাটীৰ অভিজাত এলেকাত নিৰ্মাণ কৰা বিশাল হোটেল কৈলাশ ৰেচিডেন্সিৰ তথ্য৷

উল্লেখযোগ্য যে ২৬ এপ্ৰিল, ২০২৩ তাৰিখৰ দিনা ৰঙিয়াত ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্ৰয় কৰা সেই ২৬ এপ্ৰিল, ২০২৩ তাৰিখৰ দিনাই জুলি ডেকা বৰুৱাৰ নামত ক্ৰয় কৰা হয় দিছপুৰ ৰাজহ চক্ৰৰ অধীনত জটিয়া ৰাজহ গাঁৱত ২ কঠা ১৮.৭৯ লেচা মাটিও৷ এজন মানুহৰ হাতত কিমান টকা থাকিলে একেটা দিনতে প্ৰায় ৪০ বিঘা মাটি ক্ৰয় কৰাৰ উপৰিও গুৱাহাটীত বহু কোটি টকীয়া মাটি ক্ৰয় কৰিব পাৰে বুলি সংবাদ মেলত অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰে৷

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই যে মাটি ক্ৰয় কৰা হৈছে ৰামেশ্বৰ তালুকদাৰ নামৰ গুৱাহাটীৰ এগৰাকী কুখ্যাত মাটিৰ দালালৰ পৰা৷ পট্টা নং ৮২০, দাগ নং ১০৮৩৷ গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ এলেকাৰ এই মাটিৰ মূল্যই হ’ব কেইবা কোটি টকা৷ দিছপুৰৰ এম এল এ হোষ্টেলৰ পিছফালে এম পি বুকষ্টলৰ লগতে লাগি থকা এই মাটিতে নিৰ্মাণ কৰা হৈছে কৈলাশ ৰেচিডেন্সি৷

কেইবা কোটি টকাৰ এই মাটিত নিৰ্মাণ কৰা হৈছে কেইবা কোটি টকীয়া হোটেল কৈলাশ ৰেচিডেন্সিৰ বিল্ডিং৷ হোটেলখনৰ তলৰ মহলাত ইতিমধ্যে খোলা হৈছে বহুজাতিক কোম্পেনী কে এফ চিৰ ফ্ৰেনচাইজী৷ ৪ জুনত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে পৰ্যবেক্ষণ কৰি আহে জুলি ডেকা বৰুৱাৰ কৈলাশ ৰেচিডেন্সি৷ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা পাঁচ মহলীয়া বিলাসী হোটেলখনৰ ভিতৰচোৱা অত্যাধুনিক সা-সুবিধাৰে তিনি তাৰকাযুক্ত হোটেলখনৰ অন্তৰ্ভাগৰ কামো শেষ হোৱাৰ পথত৷

অতি বিলাসবহুল এই হোটেলখনৰ ফটোও সংবাদ মেলত ৰাজহুৱা কৰে বিধায়ক অখিল গগৈয়ে৷ ফটোৰ পৰাই প্ৰমাণ হয় কিমান বিলাসী হোটেল নিৰ্মাণ কৰিছে মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই৷

মন্ত্ৰী হোৱাৰ পাছতে জয়ন্তমল্ল বৰুৱাৰ পত্নীয়ে হাতত পাইছে নেকি আলাদিনৰ চাকি? নহ’লে ক’ৰ ধনেৰে এইদৰে সম্পত্তিৰ পাহাৰ গঢ়িছে মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই?

উল্লেখযোগ্য যে এটকাৰ দুৰ্নীতি দেখিলেও বাঘৰ দৰে জঁপিয়াম বুলি কৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ সেই বাঘটো ক’ত এতিয়া? বাঘটোৱে নাকত তেল দি শুইছে৷ বাঘটো নুঠে৷ কেৰাণী, মহৰী, মণ্ডল, শিক্ষক, পিয়ন, কনিষ্টবলৰ দুৰ্নীতি দেখিলেহে বাঘটোৱে সাৰ পাই গুজৰণি দিয়ে৷ জয়ন্তমল্ল, জুলি ডেকা বৰুৱাক বাঘটোৱে হয়তো ভয় কৰে৷ আৰ এছ এছৰ ডাঙৰ নেতা বশিষ্ঠ বুজৰবৰুৱা, উমেশ চক্ৰৱৰ্তী, ভূপেশ শৰ্মাৰ দৰে বাঘটোৱে শুই নিঃপালি দিছে৷

অসমত কপালৰ ঘাম মাটিত পেলাই তিলতিলকৈ বিজেপিৰ ভেটি বনোৱাসকলে বিজেপি চৰকাৰৰ দিনত মাটি, সম্পত্তিৰ পাহাৰ বনাব পৰা নাই৷ ২০১৪ চনত দিল্লীত মোডী চৰকাৰ হোৱাৰ পিছত বিজেপিৰ ভাল দিন দেখি জেল যাত্ৰাৰ ভয়ত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাকেইজনৰ পত্নী কেইজনীহে কোটিপতি হৈছে৷ পুৰণি বিজেপিৰ পত্নীবোৰে ঘৰত ভাত ৰান্ধিয়ে আছে। সংবাদ মেলত অখিল গগৈয়ে এইদৰে মন্তব্য কৰে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd