• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 5, 2025 7:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিআৰ, ডিমা হাছাও, কাৰ্বি আংলঙৰ দৰে স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিকভাৱে প্ৰদত্ত ক্ষমতা ‘ৰিম’ট কণ্ট্ৰ’ল’ৰ জৰিয়তে এতিয়া দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি অসম চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ।

শনিবাৰে কাৰ্বি আংলঙৰ ডিফুত এক সংবাদমেলত তেওঁ কয় যে যিসকলে ষষ্ঠ অনুসূচীৰ আত্মাক ৰক্ষা কৰিব লাগিছিল সেইসকলেই এতিয়া ষষ্ঠ অনুসূচীৰ আত্মাক ধ্বংস কৰিছে।

Apply Now

গগৈয়ে কয় যে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত অঞ্চলসমূহক যি প্ৰশাসনিক আৰু আৰ্থিক স্বায়ত্তশাসন দিয়াৰ কথা, বাস্তৱত দিছপুৰৰ পৰাই নিয়ন্ত্ৰিত হৈ আছে।

তেওঁ কয়, “ষষ্ঠ অনুসূচী দিয়াৰ উদ্দেশ্য হৈছে বিভিন্ন জনগোষ্ঠীৰ লোকসকলক স্বায়ত্ব শাসনৰ সুযোগ প্ৰদান কৰা। নিজৰ অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত, সেই অঞ্চলৰ লোকসকলে ক্ষমতা পাব লাগে। মূল কথাটোৱেই হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। ক্ষমতা দিল্লী, দিছপুৰৰ পৰা নহয়, ডিফুৱে পাব লাগে। বিটিআৰে পাব লাগে, ডিমা হাছাওৱে পাব লাগে।”

কংগ্ৰেছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণক সদায়েই সন্মান কৰি আহিছে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয়, “আজি স্থানীয় পৰিষদসমূহৰ হাতত একো নাই। মুখ্যমন্ত্ৰীয়ে নিজেই সকলো সিদ্ধান্ত লৈছে। আজিৰ জনজাতীয় লোকসকলৰ ভৱিষ্যত দূৰৰ পৰা জাৰি কৰা নিৰ্দেশৰ ওপৰত নিৰ্ভৰশীল।”

তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে সদায় স্থানীয় নেতৃত্বক গুৰুত্ব দি আহিছে।  কংগ্ৰেছে বুজি পায় যে আমাৰ দেশৰ ভিতৰত মাত্ৰ এটা চিন্তাধাৰাৰ ৰাজত্ব হ’ব নোৱাৰে। অসমৰ ভিতৰতো মাত্ৰ এটা চিন্তাধাৰাৰ ৰাজত্ব হ’ব নোৱাৰে। আমি ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিব লাগিব। সকলোৰে নিজৰ আশা আছে, সপোন আছে। সকলোৱে আৰ্থিকভাৱে, সামাজিকভাৱে আৰু ৰাজনৈতিকভাৱে অধিক শক্তিশালী হোৱাতো বিচাৰে। কিন্তু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ষষ্ঠ অনুসূচীৰ আত্মাত আঘাত হানিছে।

লগতে তেওঁ কয় যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ত স্থানীয় জ্যেষ্ঠ নেতা আৰু ৰাইজৰ মতামত লৈ ঠেঙাল কছাৰী আৰু ৰাভাকে ধৰি কেইবাটাও জনগোষ্ঠীৰ বাবে উন্নয়ন পৰিষদ আৰু স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হৈছিল। তৰুণ গগৈয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত গুৰুত্ব দিছিল। আমাৰ দলৰ ক্ষতি কৰি হ’লেও তেওঁ বিটিআৰৰ স্থানীয় নেতাসকলক ক্ষমতা প্ৰদান কৰিছিল। কাৰ্বি আলং, ডিমা হাছাওত স্থানীয় জ্যেষ্ঠ নেতাসকলৰ লগতে বিভিন্ন দল-সংগঠনৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িছিল। পিছে আজি সকলো বিপৰীত। আজি কাউন্সিলবোৰৰ ক্ষমতা কাউন্সিলৰ ভিতৰত নাথাকে, থাকে হিমন্ত বিশ্বৰ হাতত।

স্বায়ত্ব শাসিত পৰিষদৰ ক্ষমতা হিমন্ত বিশ্বই কাঢ়ি লৈ ৰিম’ট কন্ট্ৰ’লেৰে চলাই আছে বুলি উল্লেখ কৰি গগৈয় কয়। গগৈয়ে আৰু কয় যে আজি কাউন্সিলসমূহৰ নেতাসকল দুৰ্বল হৈ পৰিছে আৰু নিজৰ জনগোষ্ঠীৰ লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ হৈছে। তেওঁ কয়, ”আমি বিচাৰো কাউন্সিলৰ নেতৃত্বত থকা লোকসকল ভাল হ’ব লাগে, শক্তিশালী হ’ব লাগে। চিন্তাধাৰা আদৰ্শ বেলেগ হ’লে নিজৰ অঞ্চলৰ স্বাৰ্থত, নিজৰ লোকসকলৰ পক্ষত মাত মাতিব লাগে। কিন্তু আজিৰ তাৰিখত সকলোতে কাউন্সিলৰ নেতৃবৃন্দই হিমন্ত বিশ্বই যি কৈছে, যি কৰিছে তাতেই আঠু কাঢ়ি হয়ভৰ দিছে।

গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও ভূমি বিতৰণৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে পৰিষদৰ মাটি আৰু জনসাধাৰণৰ সম্পদ নিজৰ ইচ্ছামতে কেনেকৈ বিতৰণ কৰিব? স্থানীয় নেতাসকলক শক্তিহীন কৰি তোলাৰ বাবে প্ৰতিবাদ কৰাৰ সাহসও নাই।”

তেওঁ লগতে কয়, “এয়া কেৱল ৰাজনীতিৰ প্ৰশ্ন নহয়। আমাৰ খিলঞ্জীয়া ভাই-ভনীসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰশ্ন। আজি এই অধিকাৰসমূহ যিদৰে কাঢ়ি লোৱা হৈছে সেয়া এক ভয়ংকৰ সংকেত।” ৰাজ্যৰ জনজাতীয় স্বায়ত্বশাসন গাঁথনি আজি চৰম ভাবুকিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি হিমন্ত চৰকাৰৰ এনে হস্তক্ষেপ বন্ধ কৰাৰ দাবীৰে কংগ্ৰেছ অনাগত দিনত অধিক সোচ্ছাৰ হৈ পৰিব বুলিও ইংগিত প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd