• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2025 10:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি নাগৰিক সমাজৰ শক্তিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে “ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে মই নাগৰিক সমাজৰ শক্তিৰ কাষৰ পৰা দেখিছিলোঁ। তথ্য জনাৰ অধিকাৰ আইন আৰু এমজিএনৰেগাৰ দৰে আঁচনি নাগৰিক সমাজৰ আন্দোলনৰ ফলত সম্ভৱ হৈ উঠিছিল।” তেওঁ লগতে উল্লেখ কৰে যে নাগৰিক সমাজৰ সীমাবদ্ধতা উপলব্ধি কৰি তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে। ২০০১ চনত অসমৰ আৰ্থিক সংকটৰ সময়ত কংগ্ৰেছৰ নেতৃত্বত ৰাজনৈতিক কৌশলৰ জৰিয়তে পৰিস্থিতি সলনি কৰা হৈছিল। তেওঁ সকলো নাগৰিক সমাজ আৰু ৰাজনৈতিক দলৰ সৈতে আলোচনাৰ জৰিয়তে ঐক্য গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।

ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে উল্লেখ কৰে যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলসমূহৰ মহাজোট গঠনৰ ব্যৰ্থতাই তেওঁলোকৰ পৰাজয়ৰ কাৰণ হৈছিল। তেওঁ কয়, “আমি সেই ভুলৰ পুনৰাবৃত্তি নকৰোঁ। আমি কৌশলগতভাবে আগবাঢ়িব লাগিব।” তেওঁ অসমৰ ভোটাৰ তালিকাত বিসংগতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে প্ৰায় ২০ শতাংশ ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছে। যিসকলে লোকসভাত ভোট দিলে তেওঁলোকে পঞ্চায়তত ভোট দিব নাপালে৷ নিৰ্বাচন আয়োগৰ চয়তানি এতিয়াৰ পৰাই আৰম্ভ হৈছে৷  ভোটাৰৰ ওপৰত আৰএছএছে আক্ৰমণ কৰিছে। তেওঁ ৰাইজক সজাগ কৰি ভোটাৰ তালিকা পৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগৰ ৱেবছাইট ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে আৰু নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া বুজাই দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, ‘মই ব্যক্তিগতভাৱে খবৰ পাইছো যে ইতিমধ্যে প্ৰথম পৰ্যায়ত পৰীক্ষণৰ কাম হৈ গৈছে৷ পুনৰ দ্বিতীয় পৰ্যায়ৰ পুনৰীক্ষণ আৰম্ভ হৈছে।’

Apply Now

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰ সমালোচনা কৰি গগৈয়ে কয় যে জনজাতীয় অঞ্চলৰ মাটিৰ ওপৰত চৰকাৰৰ লোভৰ ফলত জনজাতি সম্প্ৰদায়ৰ মাজত অসন্তোষ বাঢ়িছে। তেওঁ কয় যে আজি কৃষক, নাগৰিকে এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে যে এজনো অসমীয়া, এজনো ভাৰতীয়ৰ ভোট দিয়াৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি ল’বলৈ নিদিও৷ অমাৰ দায়িত্ব আমি সকলোৱে ল’ব লাগিব৷ ৰাইজে আমাক ভোট দিব বিচাৰে৷ আজি ট্ৰাইবেলৰ মাটিত হিমন্ত বিশ্ব শৰ্মাৰ চকু পৰিছে৷ ক’ৰবাত ৯ হাজাৰ বিঘা, ক’ৰবাত ১৮ হাজাৰ বিঘা, ক’ৰবাত ১২ হাজাৰ বিঘা, ক’ৰবাত ৬ হাজাৰ বিঘা ল’ব বিচাৰিছো৷ কিয়নো ট্ৰাইবেল মানুহৰ ওচৰত ভূমি পট্টা নাই৷ স্বায়ত্ব শাসিত পৰিষদৰ নেতৃত্ব ইমানে দুৰ্বল যে হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্দেশ দিয়ে তাকেই কৰিবলৈ বাধ্য হয়৷ নিজৰ জনজাতিৰ সৈতে বিশ্বাসঘাতকটা কৰিছে৷ আমি অসমৰ খিলঞ্জীয়াৰ মাটি হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি লৈ যাবলৈ নিদিওঁ৷

মানুহৰ স্বাভিমান আছে, আকাংক্ষা আছে, সপোন আছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই গৰু-গাহৰিৰ কথা কৈ আমাৰ আশাবোৰত চেঁচা পানী পেলাইছে৷ সমাজত বিভ্ৰান্তি কৰিব বিচাৰিছে৷ আমি ৰাইজক বুজাব লাগিব যে আমি আৰএছএছৰ জালত ভৰিব দিব নালাগে৷ অহা বছৰ এই সাম্প্ৰদায়িক চৰকাৰক বিদায় দিব লাগিব৷ বড়ো মানুহ, কাৰ্বি মানুহৰ আৱেগ কি আমি বুজিব লাগিব৷ আমি বুজিব লাগিব ৰাভা মানুহৰ আৱেগ কি? লখিমপুৰত সোণোৱাল-কছাৰী মানুহৰ আৱেগ কি? আমি এই কথা ক’ব লাগিব যে আমি সংবিধানক সন্মান দিব লাগে৷ সকলো নাগৰিকক সম-অধিকাৰৰ দিয়াৰ কথা ক’ব লাগিব৷ হিন্দু-মুছলমান, খ্ৰীষ্টান, বৌদ্ধিক, বঙালীভাষী সকলোকে আমি সমমৰ্যাদাৰে জীয়াই থাকিব দিয়াৰ প্ৰতিশ্ৰুতি দিব লাগিব৷ ক্ষমতা আহিব, ক্ষমতা যাব৷ কিন্তু কংগ্ৰেছে সকলোৰে হৈ মাত মাতিব৷

তেওঁ অভিযোগ কৰে যে কাৰ্বি আংলং আৰু কোকৰাঝাৰ-ওদালগুৰিত মণিপুৰৰ দৰে পৰিস্থিতি সৃষ্টিৰ চেষ্টা চলিছে। তেওঁ সকলো সম্প্ৰদায়ৰ আৱেগক সন্মান জনাই সংবিধানৰ মৰ্যাদা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰাবৃত্তি কৰে। গৌৰৱ গগৈয়ে ঘোষণা কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ অকলশৰীয়াকৈ নহয়, সকলো ৰাজনৈতিক দল আৰু নাগৰিক সমাজৰ সৈতে আলোচনাৰ জৰিয়তে ঐক্যবদ্ধভাৱে অগ্ৰসৰ হ’ব। তেওঁ ৰাইজক আৰএছএছৰ প্ৰভাৱৰ পৰা সজাগ থাকিবলৈ আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে একত্ৰিত হৈ সংগ্ৰাম কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd