• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2025 9:45 am
55
VIEWS
Share on FacebookShare on Twitter

মহাকাশলৈ মানুহ পঠিয়াবলৈ সাজু হোৱা একেখন ভাৰততে ডাইনী সন্দেহত মৰিয়াই মৰা, ক’লা যাদু, অন্ধবিশ্বাসৰ চৰ্চা এতিয়াও একে গতিৰে চলি আছে। বিহাৰৰ পূৰ্ণিয়া জিলাৰ এখন গাঁৱত ক’লা যাদু চলোৱাৰ সন্দেহত একেটা পৰিয়ালৰ পাঁচজন সদস্যক প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই চাঞ্চল্যকৰ ঘটনা দেওবাৰে (৬ জুলাই) পূৰ্ণিয়াৰ তেতাগামা গাঁৱত সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, শেহতীয়াকৈ অঞ্চলটোত কেইবাজনো লোকৰ মৃত্যু হৈছে। এই মৃত্যুৰ আঁৰত পৰিয়ালটোৱেই আছিল বুলি সন্দেহ কৰে গাঁওবাসীয়ে।

তিনিদিন পূৰ্বে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছিল। সেইদিনা ৰামদেৱ ওৰাওন নামৰ গাঁৱৰ এজন লোকৰৰ পুত্ৰৰ মৃত্যু হয়। একেটা পৰিয়ালৰ আন এটা শিশুও অসুস্থ হৈ পৰে।

ইয়াৰ পিছতে ক্ষোভিত হৈ উঠে গাঁৱৰ ৰাইজ। দেওবাৰে পৰিয়ালটোৰ ঘৰত অভিযান চলায়। পৰিয়ালটোৰ পাঁচজন সদস্য – বাবুলাল ওৰাওন, সীতা দেৱী, মনজিৎ ওৰাওঁ, ৰানিয়া দেৱী আৰু তপটো মছমত ক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰে।

মাত্ৰ এটা শিশুকহে ৰেহাই দিয়া হয়। শিশুটি ইমানেই মানসিকভাৱে আঘাত পাইছিল যে তেওঁ এই ঘটনাৰ কোনো সবিশেষ প্ৰকাশ কৰিব নোৱাৰিলে। তেওঁ কেৱল আৰক্ষীক জনাইছিল যে প্ৰায় সকলো গাঁওবাসীয়ে এই আক্ৰমণত জড়িত।

ঘটনাৰ এদিন পাৰ হৈ গ’ল যদিও এই ঘটনাত এতিয়ালৈকে কোনো এফআইআৰ ৰুজু হোৱা নাই। অৱশ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। গাঁওখন প্ৰায় পৰিত্যক্ত হৈ পৰিছে। ডগ স্কোয়াড লৈ টহল দি আছে আৰক্ষী। ইতিমধ্যে নকুল কুমাৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ দাবী যে তেওঁৱেই গাঁওবাসীক আক্ৰান্ত পৰিয়ালটোৰ বিৰুদ্ধে উচটনি দিছিল।

পূৰ্ণিয়া আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, গাঁওখনৰ এটা পুখুৰীৰ পৰা চাৰিজন লোকৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰিছে। কিন্তু তেওঁলোকক প্ৰথমে মাৰপিট কৰি হত্যা কৰা হৈছিল আৰু তাৰ পিছত জ্বলাই দিয়া হৈছিল নে জীৱন্তে জ্বলাই দিয়া হৈছিল তাক লৈ আৰক্ষীয়ে এতিয়াও নিশ্চিত নহয়।

ইপিনে, সন্মুখত বিহাৰৰ নিৰ্বাচন। স্বাভাৱিকতে এই ঘটনা ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ বাবেও চৰ্চাৰ বিষয় হৈ পৰিছে। বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱে নীতিশ কুমাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, দুদিন পূৰ্বে ছিৱানত তিনিজন লোকক ৰাইজে প্ৰহাৰ কৰি হত্যা কৰিছিল। শেহতীয়াকৈ বাক্সাৰত মব লিঞ্চিঙত তিনিজন লোকৰ মৃত্যু হয়। ভোজপুৰত আন এক ঘটনাত মব লিঞ্চিঙত তিনিজন লোক নিহত হয়। তেওঁ অভিযোগ কৰে যে ইমানবোৰ মব লিঞ্চিং হোৱাৰ পাছতো মুখ্যমন্ত্রীৰ এই বিষয়ত গা লৰা নাই৷

Recent News

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd