• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 8, 2025 7:18 pm
119
VIEWS
Share on FacebookShare on Twitter

একমাত্র আদানীৰ স্বাৰ্থত আজি চাপৰত প্রায় ৪০০০ বিঘা মাটিৰ পৰা সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে। আদানী – আম্বানী – জয় শ্বাহ – ৰামদেৱৰ দৰে বেপাৰীক অসমৰ খাটিখোৱা মানুহৰ মাটি গটাই দিবলৈ হিমন্ত বিশ্ব শৰ্মা উঠি পৰি লাগিছে আৰু এই স্বাৰ্থতে অসমৰ যতে ততে সাম্প্রতিক উচ্ছেদ চলোৱা হৈছে – আজি চাপৰত হোৱা উচ্ছেদ সন্দৰ্ভত এনেদৰে প্রতিক্রিয়া ব্যক্ত কৰিছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে।

এক বিবৃতিযোগে সংগ্রাম সমিতিৰ অন্যতম আহ্বায়ক সুব্রত তালুকদাৰ আৰু প্রণৱ দলেই কয় যে, এডভান্টেজ অসমৰ পিছত অসমত চৰকাৰৰ দ্বাৰা খাটিখোৱা মানুহৰ ভূমি অধিগ্রহণ আৰু উচ্ছেদ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে। ইয়াৰ বিৰুদ্ধে বিভিন্ন ঠাইত বিশেষকৈ জনজাতীয় মানুহে ব্যাপক  প্রতিবাদ সাব্যস্ত কৰিছে। তথাকথিত উন্নয়নৰ নামত জনজাতীয় মানুহৰ ভূমি অধিগ্রহণৰ বিৰুদ্ধে আন্দোলন তীব্রতৰ হোৱাত এই আন্দোলনৰ পৰা ৰাইজৰ দৃষ্টি বেলেগ ফালে নিবলৈ চৰকাৰে সংখ্যালঘু মানুহক উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে।

আজি চাপৰত হোৱা উচ্ছেদ সম্পূর্ণ অমানৱীয় আৰু অসাংবিধানিক। পুন:সংস্থাপন অবিহনে যিকোনো উচ্ছেদ অবৈধ। তদুপৰি উচ্ছেদ কৰা স্থানত যি তাপ বিদ্যুৎ প্রকল্প স্থাপনৰ কথা কোৱা হৈছে সেই প্রকল্প সেই স্থানত কাৰিকৰীভাবে কিমান দূৰ বাস্তবায়িত হব সেয়াও এক ডাঙৰ বিষয়। পৰিৱেশৰ ওপৰত প্রভাৱ তথা আন আন বিষয়সমূহ সম্পূর্ণ চালিজাৰি নোচোৱাকৈ কেৱল মাত্ৰ ৰাজনৈতিক মেৰুবিভাজন, কৰ্প’ৰেট সন্তুষ্টিকৰণ আৰু জনজাতীয় মানুহৰ আন্দোলনৰ পৰা ৰাইজৰ দৃষ্টি বেলেগ ফালে নিবলৈ আজি উচ্ছেদ চলোৱা হৈছে বুলি যৌথ সংগ্রাম সমিতিয়ে অভিযোগ উত্থাপন কৰে।লগতে আজি চাপৰত উচ্ছেদ কৰা লোকসকলক অতি সোনকালে পুন:সংস্থাপনৰ ব্যবস্থা কৰিবলৈ তেওঁলোকে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd