তিনি ভাষিক নীতি বিষয়ক লৈ অস্থিৰ হৈ পৰিছে মহাৰাষ্ট্ৰ! হিন্দী-হিন্দু-হিন্দুস্তানৰ মতাদৰ্শ পাহৰি আৰ এছ এছে স্পষ্ট কৰি দিছে যে সংঘ কোনো ভাষা জাপি দিয়াৰ পক্ষপাতী নহয়। আৰ এছ এছৰ মুখ্য মুখপাত্ৰ সুনীল আম্বেকাৰে এই বিষয়ত কয়, “ভাৰতৰ সকলো ভাষা জাতীয় ভাষা। আৰু সংঘই দীৰ্ঘদিন ধৰি মাতৃভাষাত পাঠদানৰ পোষকতা কৰি আহিছে।”
কেন্দ্ৰৰ নতুন শিক্ষা নীতি অনুসৰি পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মাতৃভাষাত পঢ়া-শুনা কৰিব পাৰিব। তেতিয়াৰ পৰা তেওঁলোকে ৩টা ভাষা শিকিব লাগিব। অৱশ্যে নিজ নিজ ৰাজ্য চৰকাৰে এই ভাষাসমূহ বাছি ল’ব পাৰিব। কোনো ভাষা কোনো ৰাজ্যৰ ওপৰত জাপি দিয়া নহ’ব। কিন্তু বিজেপি শাসিত কেইবাখনো ৰাজ্যত সেই নীতি ব্যৱহাৰ কৰি হিন্দী পাঠদান বাধ্যতামূলক কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো হৈছে। বহু ক্ষেত্ৰত হিংসাত্মক প্ৰতিবাদো সংঘটিত হৈছে। ইয়াৰ শেহতীয়া উদাহৰণ হৈছে মহাৰাষ্ট্ৰ।
মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি মানি চলিলেও অৱশেষত তীব্ৰ বিৰোধিতাৰ বাবে পিছুৱাই গৈছে ফাদনৱী মিত্ৰজোঁটৰ চৰকাৰ। শেহতীয়াকৈ হিন্দীক তৃতীয় ভাষা হিচাপে বাধ্যতামূলক কৰাৰ সিদ্ধান্তও প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ পুনৰ একেটা ছাতিৰ তললৈ আহিছে ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰে।
ইয়াৰ পিছত সংঘই কয়, “সংঘই সদায় বিশ্বাস কৰি আহিছে যে সকলো ভাৰতীয় ভাষাই ৰাজ্যিক ভাষা। তদুপৰি সংঘই দীৰ্ঘদিন ধৰি মাতৃভাষাত পাঠদানৰ কথা কৈ আহিছে।”
আচলতে হিন্দী-হিন্দু-হিন্দুস্তান সংঘ আৰু বিজেপিৰ পুৰণি এজেণ্ডা। বিৰোধীৰ অভিযোগ যে সংঘৰ মতে এখন দেশৰ দুখন পতাকা, দুটা আইন বা বহু ভাষা থাকিলে সেই দেশৰ একত্ৰিত হোৱাটো কঠিন। হয়তো সেইবাবেই কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে ক্ষমতালৈ অহাৰ পিছত হিন্দী প্ৰসাৰত ইমান গুৰুত্ব দিছে। কিন্তু আৰ এছ এছে হয়তো উপলব্ধি কৰিছে যে আচলতে ই বিপৰীতমুখী। সেইবাবেই এক ভাষাৰ ওপৰত সুৰ অলপ কোমল কৰিছে আৰ এছ এছ-এ।