• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 11, 2025 11:30 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী)ৰ  ১০-১১ জুলাই, ২০২৫ ত গুৱাহাটীত  অনুষ্ঠিত অসম ৰাজ্যিক কমিটিৰ সভাই বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ৰাজ্যখনৰ বিভিন্ন স্থানত ব্যাপক উচ্ছেদ অভিযান সংগঠিত কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। গোৱালপাৰাৰ হাচিলা বিল, ধুবুৰী জিলাৰ চাপৰ, আলমগঞ্জ, নলবাৰী জিলাৰ বৰক্ষেত্ৰী-বাকৰিকুছি আদি  সংখ্যালঘু বসতিপ্রধান অঞ্চলসমূহত ব্যাপক আৰু নির্মম উচ্ছেদ অভিযান চলোৱা হৈছে। উচ্ছেদ কাৰ্যক ন্যায্যতা দিয়াৰ বাবে মুখ্যমন্ত্রী গৰাকীয়েই উৎকট সাম্প্রদায়িক প্রচাৰৰো নেতৃত্ব দিছে। বংগমূলীয় মুছলমান সম্প্রদায় মানেই বাংলাদেশী, বেদখলকাৰী আদি আখ্যা দি এই সম্প্রদায়ৰ লোকসকলক নাগৰিক অধিকাৰসমূহৰ পৰা বঞ্চিত কৰাটোৱে চৰকাৰৰ মূল লক্ষ্য হৈ পৰিছে। এনে অৱস্থাত সংখ্যালঘু সম্প্রদায়ৰ লোকসকল চৰম অনিশ্চয়তা আৰু নিৰাপত্তাহীনতাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।

আকৌ কামৰূপ জিলাৰ পলাশবাৰী বৰদুৱাৰ বাগান, ৰামপুৰ দৰাবিল,উত্তৰ লক্ষীমপুৰৰ  ফুকনৰ হাট, দেবেৰা দলনি আৰু খ্ৰীষ্টান, কার্বি আংলং জিলাৰ বৰজান,  কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বাশবাৰী আদি স্থানত হাজাৰ হাজাৰ বিঘা মাটিত বসবাস কৰি থকা মূলতঃ জনজাতীয় লোকক উচ্ছেদৰ জাননী দিয়া হৈছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনৰ মাটিৰ পৰাও জনজাতীয় লোকক উচ্ছেদৰ জাননী দিয়া হৈছে। আনকি দীৰ্ঘদিন ধৰি ভোগ দখল কৰি থকা ভূমিহীন প্ৰাক্তন চাহ বনুৱাকো এই চৰকাৰ খনে উচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ৰাজ্যখনৰ ঔদ্যোগীকৰণৰ বাবেই এনেবোৰ মাটি দৰকাৰ বুলি প্রচাৰ চলোৱা হৈছে।

Apply Now

উল্লেখযোগ্য যে এডভাণ্টেজ অসমৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই উদ্যোগপতি সকলক বিনামূল্যে মাটি নিদিলে  ৰাজ্যখনত কোনো উদ্যোগপতিয়ে শিল্পোদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি নাহে বুলি ঘোষণা কৰি থৈছে। পর্বতঝোৰাত  আদানিৰ তাপ বিদ্যুত প্রকল্প স্থাপনৰ বাবে ৩,৪০০ বিঘা কৃষি, বনাঞ্চল আৰু গ্ৰেজিং ভূমিৰ পৰা জনজাতীয় লোকসকলক উচ্ছেদ কৰিব বিচৰা হৈছে।

কর্পৰেটৰ স্বার্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যেই চৰকাৰে ইতিমধ্যে ধুবুৰী জিলাত আন্তঃগাঁ‌থনি  উন্নত কৰাত মনযোগ দিছে। জিঅ’লজিকেল চাৰ্ভে অৱ ইণ্ডিয়াই  উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমূহত দুষ্প্ৰাপ্য খনিজ সম্পদৰ বিশাল ভাণ্ডাৰ থকাটো নিশ্চিত কৰিছে। ধুবুৰী  জিলাৰ চান্দৰদিঙা অঞ্চলতে ১৮.২৯ নিযুত টন লোৰ খনি থকাটো নিশ্চিত কৰাৰ পাছত চাপৰ আৰু আলমগঞ্জত উচ্ছেদ অভিযান কোনো কাকতলীয় ঘটনা নহয়। ধুবুৰী জিলাৰ যোগীঘোপাত মাল্টি মডাল লজিষ্টিক পাৰ্ক, ব্রহ্মপুত্রৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰী সংযোগী ৫০০০ কোটি টকা ব্যয় সাপেক্ষ ১৯ কিলোমিটাৰ দৈৰ্ঘৰ দলং নির্মাণ, চম্পা নদীৰ ওপৰত চাৰিখনকৈ দলং নিৰ্মাণ, অসমৰ খনিজ সম্পদ লুণ্ঠনৰ বাবে কৰ্প’ৰেটক ৰঙা দলিচা পাৰি দিয়াৰ দিশতহে চৰকাৰী উদ্যোগ।

  অসম চৰকাৰৰ নেতৃত্বত চলা অমানৱীয় উচ্ছেদ অভিযানৰ প্রকৃত কাৰণ কর্প’ৰেট গোষ্ঠীক  প্রায় বিনামূল্যে মাটি হস্তান্তৰ পৰিকল্পনা। আৰু ইয়াক ন্যায্যতা দিয়াৰ ৰাজনীতি হৈছে সাম্প্রদায়িক প্রচাৰ, তথা উন্নয়নৰ ফটা ঢোল। কৰ্পৰেট গোষ্ঠীৰ লালসা বাস্তৱায়িত কৰাৰ দিশত অসম চৰকাৰে আৰম্ভ কৰা এই উচ্ছেদ অভিযান ক’ত থমকি ৰ’ব সেয়া অনুমান কৰিবলৈ টান। এই উচ্ছেদ অভিযানে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোককেই ক্ষতিগ্রস্ত কৰিব। সেয়ে বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শর্মা চৰকাৰখনে আৰম্ভ কৰা ব্যাপক আৰু অমানৱীয় উচ্ছেদ অভিযানৰ প্ৰকৃত কাৰণ বিবেচনা কৰি এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে জাতি-ধর্ম-ভাষা নির্বিশেষে সকলো দেশপ্রেমিক লোকক ঐক্যবদ্ধভাৱে থিয় দিয়াৰ বাবে চি পি আই (এম)ৰ ৰাজ্যিক কমিটিৰ সভাই আহ্বান জনায়।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd