ভাৰতীয় ন্যায়িক ব্যৱস্থা ভাঙি পৰিছে। ন্যায় পাবলৈ দশক দশক পাৰ হৈ যায়, নিৰ্দোষী মানুহে বছৰৰ পিছত বছৰ জেলত কটায়। এই বাস্তৱতাক তুলি ধৰি ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে শনিবাৰে হায়দৰাবাদত নালছাৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাৰতীয় ন্যায়িক ব্যৱস্থাক চোকা ভাষাত সমালোচনা কৰে।
তেওঁ কয়, “আমাৰ ন্যায় ব্যৱস্থাৰ সংস্কাৰ প্ৰয়োজন। কিন্তু মই আশা কৰিছো যে এই সংকটৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণ আৰু আমাৰ যুৱ প্ৰতিভাই আগৰণুৱা হ’ব।”
ন্যায়াধীশ গাভাইয়ে কয়, “ন্যায় পাবলৈ কেতিয়াবা কেইবা দশকো লাগি যায়। বহু ক্ষেত্ৰত দেখা যায় যে অভিযুক্তই বছৰ বছৰ ধৰি কাৰাগাৰত কটাইছে, কিন্তু পিছত তেওঁলোক নিৰ্দোষী বুলি প্ৰমাণিত হৈছে। একবিংশ শতিকাত এনে পৰিস্থিতি গ্ৰহণযোগ্য নহয়।”
স্নাতকসকলক বাৰ্তা দি ন্যায়াধীশগৰাকীয়ে কয়, “বিদেশত পঢ়িবলৈ যাওক, কিন্তু বৃত্তি লৈ যাবলৈ চেষ্টা কৰক। পিতৃ-মাতৃয়ে যাতে আৰ্থিক কষ্টত নপৰে।”
একে সময়তে যুৱ অধিবক্তাসকলক তেওঁৰ অনুৰোধ, “শক্তিৰ ওপৰত ভিত্তি কৰি নহয়, সততাৰ ওপৰত ভিত্তি কৰি এজন গুৰু বিচাৰক। সততাই তোমাৰ প্ৰকৃত দিশ।”
সমাৱৰ্তনত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভন্ত ৰেড্ডী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিংহ আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সুজয় পল উপস্থিত আছিল।