চলিত ইংলেণ্ড-ভাৰত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত বেন ষ্ট’কছ ব্ৰিগেডে জয়লাভ কৰি ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে। বৰ্তমান চলি থকা শৃংখলাৰ লিডছত প্ৰথমখন খেলত ভাৰত ৫ উইকেটত পৰাস্ত হয়। কিন্তু বাৰ্মিংহাম টেষ্টত টিম ইণ্ডিয়াই দ্ৰুত প্ৰত্যাৱৰ্তন কৰি ইংলেণ্ডক ৩৩৬ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি ১-১ ব্যৱধানত শৃংখলা সমতা স্থাপন কৰে। কিন্তু লৰ্ডছত অনুষ্ঠিত তৃতীয় টেষ্টত চতুৰ্থ দিনৰ প্ৰথম তিনিটা ছেছনলৈকে আগবাঢ়ি থকাৰ পিছতো গিল বাহিনী পৰাস্ত হ’বলগীয়া হয়।
সমগ্ৰ টেষ্টত আধিপত্য বজাই ৰাখিও টেষ্টৰ শেষৰ চাৰিটা ছেছনৰ ব্যৰ্থতাৰ ফলত ভাৰতে ২২ ৰানত পৰাস্ত হয়। চতুৰ্থ ইনিংছত ভাৰতীয় বেটছমেনসকলে নূন্যতম প্ৰতিৰোধো গঢ়ি তুলিব নোৱাৰিলে। মাত্ৰ লোকেশ ৰাহুলে অলপ চেষ্টা কৰ। কিন্তু যেতিয়া তেওঁ ৩৯ ৰানত আউট হয় গিল বাহিনীৰ সকলো আশাৰ অন্ত পৰে। শেষৰ ফালে ৰবীন্দ্ৰ জাডেজাই কিছু প্ৰতিৰোধ কৰিছিল ঠিকেই, কিন্তু পৰাজয় ৰোধ কৰিব পৰা নগ’ল।
ভাৰতে জয়ী হ’বলৈ দ্বিতীয় ইনিংছত ১৯৩ ৰান সংগ্ৰহ কৰিব লগা হৈছিল। কিন্তু চতুৰ্থ দিনা ৪টা উইকেট হেৰুৱাই ৫৮ ৰানত অন্ত পেলায়। তেতিয়ালৈকে যশস্বী জয়ছোৱাল, কৰুণ নায়াৰ, অধিনায়ক শুভমন গিল আৰু নৈশ প্ৰহৰী আকাশ দীপ ড্ৰেছিং ৰুমলৈ উভতি আহিছিল। তেতিয়াই ধাৰণা এটা হৈছিল যে এই টেষ্ট জয় ভাৰতৰ বাবে নহয়।
তথাপিও ভাৰতৰ ১৪০ কোটি লোকে আশাত বন্দী হৈ আছিল। লোকেশ ৰাহুল আৰু নিৰ্ভীক ঋষভ পন্ত তেতিয়াও ক্ৰীজত আছিল। কিন্তু পঞ্চম দিনা জোফ্ৰা আৰ্চাৰে যিদৰে বলিং আৰম্ভ কৰিলে, ভাৰতৰ জয়ৰ সকলো আশা ম্লান হৈ পৰিল। আঘাতৰ পৰা সুস্থ হৈ উঠি চাৰি বছৰৰ পাছত পুনৰ টেষ্ট খেলিবলৈ নামিছে আৰ্চাৰে। কিন্তু তেওঁৰ দুৰ্বাৰ গতি আৰু ছুইংয়ে সকলো ভাৰতীয় প্ৰতিৰোধ নিস্ফল কৰি পেলালে। ইয়াৰ লগতে লৰ্ডছৰ বাইশ গজো পঞ্চম দিনা বেটছমেনৰ বধ্যভূমি হৈ পৰিছিল।
প্ৰথম ছেছনত ঋষভ পন্ত (৯ ৰান) আৰু কে এল ৰাহুলৰ (৩৯ ৰান) উইকেট হেৰুৱায় ভাৰতে। আৰ্চাৰে যি বলিঙেৰে পন্তক আউট কৰিলে তাৰ কোনো উত্তৰ নাছিল ভাৰতীয় উপ অধিনায়কৰ হাতত। প্ৰথম ইনিংছত হাতত আঘাত পাই ওলাই গৈছিল ঋষভ। তাৰ পিছত কেৱল প্ৰথম ইনিংছতে নহয়, দ্বিতীয় ইনিংছতো তেওঁ উইকেটকীপাৰৰ গ্ল’ভছ পিন্ধিব পৰা নাছিল। তাৰ পৰিৱৰ্তে ধ্ৰুৱ জুৰেলে উইকেটকীপাৰৰ দায়িত্ব গ্ৰহণ কৰে।
কিন্তু আঘাতৰ মাজতো পন্তে প্ৰথম ইনিংছত দুৰ্দান্ত বেটিং কৰে। আৰ্চাৰৰ বলত আউট হৈ উভতি অহাৰ সময়ত তেওঁ ৰাহুলক তেওঁৰ আঘাতপ্ৰাপ্ত আঙুলিটো দেখুৱাইছিল। হয়তো তেওঁ ক’ব বিচাৰিছিল যে তেওঁৰ অসুবিধা হৈছে। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে ৰাহুলক এল বি ডব্লিউ কৰি পুনৰ পেভিলিয়নলৈ পঠিয়ায়।
ইয়াৰ পিছত ৱাশ্বিংটন সুন্দৰেও একাউণ্ট খুলিব নোৱাৰিলে। জোফ্ৰা আৰ্চাৰেই তেওঁক আউট কৰে। নীতিশ কুমাৰ ৰেড্ডীয়ে থিতাপি ল’বলৈ চেষ্টা কৰিছিল যদিও ক্ৰীছ ৱ’কছৰ ডেলিভাৰীত উইকেটকীপাৰ জেমী স্মিথে তেওঁক ধৰা পেলায়। ৫৩টা বলত ১৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে সুন্দৰ। দুপৰীয়াৰ ভোজন বিৰতিৰ পূৰ্বেই ভাৰতে ৮টা উইকেট হেৰুৱাই ১১২ ৰান সংগ্ৰহ কৰি পৰাজয়ৰ দিশে আগবাঢ়িছিল।
ইংলেণ্ডৰ বেটিং প্ৰশিক্ষক ট্ৰেস্কথিকে প্ৰথম ছেছনত ৬টা উইকেট ল’বলৈ চেষ্টা কৰিব বুলি কৈছিল। অৱশ্যে দুপৰীয়াৰ ভোজন বিৰতিৰ পূৰ্বে তেওঁৰ শিষ্যসকলে ৬টা উইকেট ল’ব নোৱাৰিলেও ৪টা উইকেট দখল কৰে।
কিন্তু শেষত ৰবীন্দ্ৰ জাডেজা আৰু যশপ্ৰীত বুমৰাহৰ চোলা ড্ৰপিং যুঁজখন যদি আন বেটছমেনসকলে কৰিব পাৰিলেহেঁতেন তেন্তে ভাৰত এই টেষ্টত পৰাস্ত নহ’লহেঁতেন। এই যুটিয়ে ৩৫ ৰান সংগ্ৰহ কৰে। কিবা এটা অঘটন হ’বলৈ গৈ থকা যেন লাগিল। অৱশেষত ডাঙৰ শ্বট খেলি ধৈৰ্য্য হেৰুৱাই বুমৰাহ ষ্ট’কছৰ চিকাৰ হয় (৫৪ বলত ৫ ৰান)।
তাৰপিছতো জাদেজাই মহম্মদ ছিৰাজক লগত যুঁজ দি থাকিল। কিন্তু বছিৰে যেতিয়া ছিৰাজক চাৰি ৰাণত আউট কৰে তেতিয়া ভাৰতৰ ইনিংছ ১৭০ ৰানত শেষ হয়। ১৮১টা বলত ৬১ ৰান সংগ্ৰহ কৰি নট আউট থাকি মেচৰ কৰুণ নায়ক হিচাপে পৰিগণিত হয় ৰবীন্দ্ৰ জাডেজা। ২২ ৰানত পৰাস্ত হোৱাৰ পাছত শৃংখলাত পিছ পৰি ৰ’ল গম্ভীৰ-গিলৰ টিম ইণ্ডিয়া ৷