• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2025 8:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত ইংলেণ্ড-ভাৰত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত বেন ষ্ট’কছ ব্ৰিগেডে জয়লাভ কৰি ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে। বৰ্তমান চলি থকা শৃংখলাৰ লিডছত প্ৰথমখন খেলত ভাৰত ৫ উইকেটত পৰাস্ত হয়। কিন্তু বাৰ্মিংহাম টেষ্টত টিম ইণ্ডিয়াই দ্ৰুত প্ৰত্যাৱৰ্তন কৰি ইংলেণ্ডক ৩৩৬ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি ১-১ ব্যৱধানত  শৃংখলা সমতা স্থাপন কৰে। কিন্তু লৰ্ডছত অনুষ্ঠিত তৃতীয় টেষ্টত চতুৰ্থ দিনৰ প্ৰথম তিনিটা ছেছনলৈকে আগবাঢ়ি থকাৰ পিছতো গিল বাহিনী পৰাস্ত হ’বলগীয়া হয়।

সমগ্ৰ টেষ্টত আধিপত্য বজাই ৰাখিও টেষ্টৰ শেষৰ চাৰিটা ছেছনৰ ব্যৰ্থতাৰ ফলত ভাৰতে ২২ ৰানত পৰাস্ত হয়। চতুৰ্থ ইনিংছত ভাৰতীয় বেটছমেনসকলে নূন্যতম প্ৰতিৰোধো গঢ়ি তুলিব নোৱাৰিলে। মাত্ৰ লোকেশ ৰাহুলে অলপ চেষ্টা কৰ। কিন্তু যেতিয়া তেওঁ ৩৯ ৰানত আউট হয় গিল বাহিনীৰ সকলো আশাৰ অন্ত পৰে। শেষৰ ফালে ৰবীন্দ্ৰ জাডেজাই কিছু প্ৰতিৰোধ কৰিছিল ঠিকেই, কিন্তু পৰাজয় ৰোধ কৰিব পৰা নগ’ল।

Apply Now

ভাৰতে জয়ী হ’বলৈ দ্বিতীয় ইনিংছত ১৯৩ ৰান সংগ্ৰহ কৰিব লগা হৈছিল। কিন্তু চতুৰ্থ দিনা ৪টা উইকেট হেৰুৱাই ৫৮ ৰানত অন্ত পেলায়। তেতিয়ালৈকে যশস্বী জয়ছোৱাল, কৰুণ নায়াৰ, অধিনায়ক শুভমন গিল আৰু নৈশ প্ৰহৰী আকাশ দীপ ড্ৰেছিং ৰুমলৈ উভতি আহিছিল। তেতিয়াই ধাৰণা এটা হৈছিল যে এই টেষ্ট জয় ভাৰতৰ বাবে নহয়।

তথাপিও ভাৰতৰ ১৪০ কোটি লোকে আশাত বন্দী হৈ আছিল। লোকেশ ৰাহুল আৰু নিৰ্ভীক ঋষভ পন্ত তেতিয়াও ক্ৰীজত আছিল। কিন্তু পঞ্চম দিনা জোফ্ৰা আৰ্চাৰে যিদৰে বলিং আৰম্ভ কৰিলে, ভাৰতৰ জয়ৰ সকলো আশা ম্লান হৈ পৰিল। আঘাতৰ পৰা সুস্থ হৈ উঠি চাৰি বছৰৰ পাছত পুনৰ টেষ্ট খেলিবলৈ নামিছে আৰ্চাৰে। কিন্তু তেওঁৰ দুৰ্বাৰ গতি আৰু ছুইংয়ে সকলো ভাৰতীয় প্ৰতিৰোধ নিস্ফল কৰি পেলালে। ইয়াৰ লগতে লৰ্ডছৰ বাইশ গজো পঞ্চম দিনা বেটছমেনৰ বধ্যভূমি হৈ পৰিছিল।

প্ৰথম ছেছনত ঋষভ পন্ত (৯ ৰান) আৰু কে এল ৰাহুলৰ (৩৯ ৰান) উইকেট হেৰুৱায় ভাৰতে। আৰ্চাৰে যি বলিঙেৰে পন্তক আউট কৰিলে তাৰ কোনো উত্তৰ নাছিল ভাৰতীয় উপ অধিনায়কৰ হাতত। প্ৰথম ইনিংছত হাতত আঘাত পাই ওলাই গৈছিল ঋষভ। তাৰ পিছত কেৱল প্ৰথম ইনিংছতে নহয়, দ্বিতীয় ইনিংছতো তেওঁ উইকেটকীপাৰৰ গ্ল’ভছ পিন্ধিব পৰা নাছিল। তাৰ পৰিৱৰ্তে ধ্ৰুৱ জুৰেলে উইকেটকীপাৰৰ দায়িত্ব গ্ৰহণ কৰে।

কিন্তু আঘাতৰ মাজতো পন্তে প্ৰথম ইনিংছত দুৰ্দান্ত বেটিং কৰে। আৰ্চাৰৰ বলত আউট হৈ উভতি অহাৰ সময়ত তেওঁ ৰাহুলক তেওঁৰ আঘাতপ্ৰাপ্ত আঙুলিটো দেখুৱাইছিল। হয়তো তেওঁ ক’ব বিচাৰিছিল যে তেওঁৰ অসুবিধা হৈছে। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে ৰাহুলক এল বি ডব্লিউ কৰি পুনৰ পেভিলিয়নলৈ পঠিয়ায়।

ইয়াৰ পিছত ৱাশ্বিংটন সুন্দৰেও একাউণ্ট খুলিব নোৱাৰিলে। জোফ্ৰা আৰ্চাৰেই তেওঁক আউট কৰে। নীতিশ কুমাৰ ৰেড্ডীয়ে থিতাপি ল’বলৈ চেষ্টা কৰিছিল যদিও ক্ৰীছ ৱ’কছৰ ডেলিভাৰীত উইকেটকীপাৰ জেমী স্মিথে তেওঁক ধৰা পেলায়। ৫৩টা বলত ১৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে সুন্দৰ। দুপৰীয়াৰ ভোজন বিৰতিৰ পূৰ্বেই ভাৰতে ৮টা উইকেট হেৰুৱাই ১১২ ৰান সংগ্ৰহ কৰি পৰাজয়ৰ দিশে আগবাঢ়িছিল।

ইংলেণ্ডৰ বেটিং প্ৰশিক্ষক ট্ৰেস্কথিকে প্ৰথম ছেছনত ৬টা উইকেট ল’বলৈ চেষ্টা কৰিব বুলি কৈছিল। অৱশ্যে দুপৰীয়াৰ ভোজন বিৰতিৰ পূৰ্বে তেওঁৰ শিষ্যসকলে ৬টা উইকেট ল’ব নোৱাৰিলেও ৪টা উইকেট দখল কৰে।

কিন্তু শেষত ৰবীন্দ্ৰ জাডেজা আৰু যশপ্ৰীত বুমৰাহৰ চোলা ড্ৰপিং যুঁজখন যদি আন বেটছমেনসকলে কৰিব পাৰিলেহেঁতেন তেন্তে ভাৰত এই টেষ্টত পৰাস্ত নহ’লহেঁতেন। এই যুটিয়ে ৩৫ ৰান সংগ্ৰহ কৰে। কিবা এটা অঘটন হ’বলৈ গৈ থকা যেন লাগিল। অৱশেষত ডাঙৰ শ্বট খেলি ধৈৰ্য্য হেৰুৱাই বুমৰাহ ষ্ট’কছৰ চিকাৰ হয় (৫৪ বলত ৫ ৰান)।

তাৰপিছতো জাদেজাই মহম্মদ ছিৰাজক লগত যুঁজ দি থাকিল। কিন্তু বছিৰে যেতিয়া ছিৰাজক চাৰি ৰাণত আউট কৰে তেতিয়া ভাৰতৰ ইনিংছ ১৭০ ৰানত শেষ হয়। ১৮১টা বলত ৬১ ৰান সংগ্ৰহ কৰি নট আউট থাকি মেচৰ কৰুণ নায়ক হিচাপে পৰিগণিত হয় ৰবীন্দ্ৰ জাডেজা। ২২ ৰানত পৰাস্ত হোৱাৰ পাছত শৃংখলাত পিছ পৰি ৰ’ল গম্ভীৰ-গিলৰ টিম ইণ্ডিয়া ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd