• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2025 10:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেলিপি-চিঙৰা খোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? এই সকলোবোৰ খাদ্য চিগাৰেটৰ দৰেই ক্ষতিকাৰক! গতিকে ধঁপাতজাতীয় সামগ্ৰীৰ দৰেই জেলিপি-চিঙৰাৰ ওপৰতো সতৰ্কবাণী জাৰি কৰা হ’ব। স্বাস্থ্য মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এক সিদ্ধান্ত।

আনুষ্ঠানিকভাৱে নিৰ্দেশ দিয়া হৈছে যে এতিয়াৰ পৰা নাগপুৰ এইমছকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ সকলো প্ৰতিষ্ঠানে দৈনন্দিন ‘জলপান’ৰ সন্দৰ্ভত সতৰ্কবাণী থকা বৰ্ড ওলোমাই দিব লাগিব। ইয়াত স্পষ্টকৈ উল্লেখ কৰা হ’ব যে প্ৰতিটো খাদ্যত কিমান পৰিমাণৰ চেনি বা তেল থাকে। চিঙৰা, জেলিপি, বৰা পাও, লাড্ডু, শীতল পানীয়, জাম-জুচ আদি সকলো খাদ্য এই তালিকাত থাকিব।

Apply Now

চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ স্বাস্থ্যজনিত বিপদৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰাৰ দীৰ্ঘদিন ধৰি নিয়ম চলি আহিছে। এইবাৰ চিঙৰা আৰু জেলিপিকো একেখন তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই।

মন্ত্ৰালয়ৰ মতে, দৈনন্দিন খাদ্যৰ ক্ষতিকাৰক দিশসমূহ সন্মুখলৈ অনাৰ বাবে এই পদক্ষেপ। সাধাৰণতে এনে খাদ্য পোৱা ঠাইত উজ্জ্বল হালধীয়া-নীলা ৰঙৰ বৰ্ড লগোৱা হ’ব। বৰ্ডবোৰত প্ৰতিটো খাদ্যবস্তুৰ নাম আৰু ছবিৰ লগতে প্ৰত্যেকটোত কিমান চামুচ তেল, ঘিউ, মাখন আদি আৰু চেনি (চৰ্বি) আছে, সেয়া লিখা থাকিব।

সেইবোৰে ইয়াৰ ক্ষতিকাৰক দিশৰ বিষয়ে সকলোকে সচেতন কৰি তুলিব। ফলত স্বাস্থ্য মন্ত্ৰালয়ৰ মতে স্বাস্থ্যসন্মত খাদ্যৰ প্ৰতি জনসাধাৰণৰ প্ৰৱণতা বৃদ্ধি পাব। এই অভিযান প্ৰথমে নাগপুৰ এইমছৰ পৰা আৰম্ভ হৈছে।

জনস্বাস্থ্যৰ ওপৰত কাম কৰা বিশেষজ্ঞসকলৰ মতে ধঁপাতজাতীয় সামগ্ৰীৰ দৰে অত্যধিক তেল আৰু চেনি থকা খাদ্য এই মুহূৰ্তত অতি বিপদজনক। এফালে ডায়েবেটিছ বাঢ়িছে, আনফালে হৃদৰোগ, উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰো উত্থান ঘটিছে। মেদবহুলতা (ওবেচিটি) নীৰৱে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। বৰ্তমান ভাৰত বিশ্বৰ মধুমেহ ৰোগৰ ৰাজধানী।

বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰিছে যে ভাৰতত ৭.৭ কোটি লোক টাইপ ২ ডায়েবেটিছত আক্ৰান্ত। আন ২.৫ কোটি লোক প্ৰি-ডায়েবেটিছ, অৰ্থাৎ তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ উপক্ৰম হৈছে। দেশৰ ৫০ শতাংশ জনসাধাৰণে নাজানে তেওঁলোকৰ তেজতচেনিৰ মাত্ৰা কিমান।

তদুপৰি বিভিন্ন মেডিকেল জাৰ্নেলৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত ভাৰতৰ প্ৰায় ৪৫ কোটি লোক মেদবহুলতাৰ চিকাৰ হ’ব। মেদবহুলতাৰ মাপকাঠীৰ ক্ষেত্ৰত কেৱল আমেৰিকাহে আমাৰ আগত থাকিব। বৰ্তমান ভাৰতৰ প্ৰতি পাঁচজন নাগৰিকৰ ভিতৰত এজনে অতিৰিক্ত ওজনৰ বাবে শাৰীৰিক সমস্যাত ভুগি আছে। ২০৫০ চনৰ ভিতৰত এই সংখ্যা প্ৰতি তিনিজনৰ ভিতৰত এজন হ’ব।

ওজন বৃদ্ধিৰ অন্যতম কাৰণ হৈছে খাদ্যাভ্যাস। হৃদৰোগৰ ক্ৰমাৎ বৃদ্ধি পোৱা ধাৰাটোৱেও উদ্বেগৰ সৃষ্টি  কৰিছে। তথ্য অনুসৰি দেশত প্ৰতি বছৰে কমেও ৭ লাখ লোক হাৰ্ট এটেক (হঠাৎ হৃদৰোগ)ত আক্ৰান্ত হয়। ইয়াৰ এটা কাৰণ হ’ল অস্বাস্থ্যকৰ খাদ্যাভ্যাস।

মধুমেহ বিশেষজ্ঞ ডাঃ সুনীল গুপ্তাই কয় যে, “যদি মানুহে জানে যে এটা গুলাব জামুনত পাঁচ চামুচ চেনি থাকে, তেন্তে খোৱাৰ আগতে দুবাৰ ভাবিব।” কেন্দ্ৰৰ এই পদক্ষেপক শলাগ লৈছে ভাৰতীয় কাৰ্ডিঅ’লজিকেল ছ’চাইটি (নাগপুৰ শাখা)ৰ সভাপতি অমল আমালে। তেওঁৰ মতে, চেনি আৰু ট্ৰেন্স ফেট এই মুহূৰ্তত ধঁপাতৰ দৰেই ক্ষতিকাৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd