• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2025 2:40 pm
83
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় সংস্থা ‘ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ’ই খুচুৰা বজাৰত ঔষধৰ মূল্য নিৰ্ধাৰণ কৰে। এই এজেন্সীয়ে নিয়মীয়াকৈ ঔষধ নিৰ্মাণ কোম্পানীত ঔষধৰ দাম নিৰ্ধাৰণ কৰে। এই সংস্থাটোৱে ইয়াৰ পূৰ্বেও বহুবাৰ ঔষধৰ দাম বৃদ্ধিৰ অনুমতি প্ৰদান কৰে।

কেন্সাৰ, ডায়েবেটিছকে ধৰি ৭১টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গেজেট অধিসূচনা জাৰি কৰি এই সিদ্ধান্ত ঘোষণা কৰিছে। ঔষধৰ দাম নিয়ন্ত্ৰণ কৰা কেন্দ্ৰীয় সংস্থা ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি’(এন পি পি এ)য়ে এই মূল্য নিৰ্ধাৰণ কৰিছে। এই তালিকাত মেটাষ্টেটিক স্তন কেন্সাৰ আৰু গেষ্ট্ৰিক কেন্সাৰৰ ঔষধো অন্তৰ্ভুক্ত কৰা হৈছে। কিছুমান ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী কৰা হৈছে।

ৰিলায়েন্স লাইফ চাইন্সেছে প্ৰস্তুত কৰা ‘ট্ৰাষ্টুজুমেব’ ঔষধ মেটাষ্টেটিক স্তন কেন্সাৰ আৰু গেষ্ট্ৰিক কেন্সাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। গেজেট অধিসূচনা অনুসৰি প্ৰতিটো ফাইলৰ ঔষধৰ খুচুৰা মূল্য ১১,৯৬৬ টকা। টৰেণ্ট ফাৰ্মাচিউটিকেলছৰ দ্বাৰা নিৰ্মিত এই ঔষধ পেপটিক আলচাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ক্ল’ৰিথ্ৰ’মাইচিন, ইছ’মেপ্ৰাজ’ল আৰু এমোক্সিচিলিনৰ মিশ্ৰণেৰে তৈয়াৰী এই ঔষধৰ প্ৰতিটো টেবলেটৰ মূল্য ১৬২.৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ উপৰিও কিছুমান কোম্পানীয়ে প্ৰস্তুত কৰা ২৫ টা এন্টি ডায়েবেটিক ঔষধৰ মূল্যও নিৰ্ধাৰণ কৰা হৈছে। একাংশ কোম্পানীৰ পেৰাচিটামল ঔষধৰ মূল্যও নিৰ্ধাৰণ কৰা হৈছে। যোৱা ৪ জুলাইত এটা গেজেট অধিসূচনা প্ৰকাশ কৰা হৈছিল য’ত উল্লেখ কৰা হৈছিল যে ২০১৩ চনৰ মূল্য নিয়ন্ত্ৰণ নিয়ম অনুসৰি এই ঔষধসমূহৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত দেশত ৭৪৮ টা অত্যাৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছিল। কেন্দ্ৰীয় সংস্থাটোৱে পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত এই ঔষধসমূহৰ মূল্য ‘এম আৰ পি’তকৈ ১.৭৪ শতাংশ বৃদ্ধিৰ বাবে সেউজ সংকেত দিছিল। এই তালিকাত পেৰাচিটামল, কাহ,বাতবিষ, কৃমি, ৰক্তচাপ নিয়ন্ত্ৰণ, টোপনি, ভিটামিন, কোষ্ঠকাঠিন্য আদি সাধাৰণ ৰোগৰ ঔষধৰ লগতে গুৰুত্বপূৰ্ণ এন্টিবায়টিককে ধৰি বিভিন্ন ৰোগৰ টেবলেট আৰু বেজীও সন্নিবিষ্ট কৰা হৈছিল।

ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত কেঁচামালৰ মূল্য বৃদ্ধিৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে হাঁপানী, গ্ল’ক’মা, থেলাছেমিয়া, যক্ষ্মা আৰু মানসিক ৰোগৰ ঔষধকে ধৰি আঠটা প্ৰয়োজনীয় ঔষধৰ মূল্য কমেও ৫০ শতাংশ বা তাতকৈ অধিক বৃদ্ধিৰ অনুমোদন জনাইছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd