NORTHEAST NOW (Assamese)
অসম

বোকাখাটত ৰাজহুৱা আলোচনা চক্ৰ : অসমৰ প্ৰগতিশীল ৰাজনৈতিক ইতিহাসত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 17, 2025 7:30 pm

অসমৰ প্ৰগতিশীল ৰাজনৈতিক ইতিহাসত গোলাঘাট জিলাৰ এক বিশেষ ভূমিকা আছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে স্মৰণীয় এগৰাকী ব্যক্তি ছোভিয়েট দেশ নেহৰু বঁটা প্ৰাপক, অসম ছাত্র ফেডাৰেছনৰ একালৰ সাধাৰণ সম্পাদক, কৃতী শিক্ষক, জনসুহৃদ চিদানন্দ শইকীয়া। সেয়ে এক ঐতিহাসিক বিশ্লেষণৰ মাজেদি বৰ্তমান সময়ৰ পটভূমিত ছাত্ৰ ৰাজনীতিৰ প্ৰয়োজনীয়তা আৰু তাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ ছাত্ৰ ফেডাৰেচন গোলাঘাট জিলা কমিটীৰ উদ্যোগত অহা ২২ জুলাই তাৰিখে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত  দিনৰ ১ বজা অনুষ্ঠিত হ’ব “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি’ শীৰ্ষক এটি আলোচনা চক্ৰৰ।

আলোচনাত চক্ৰখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব  বিশিষ্ট চিন্তাবিদ, লেখক, দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাটৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক হেম ফুকন, ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক সদস্য, যুৱ বক্তা ৰাজদ্বীপ মহন্ত, নিমন্ত্ৰীত অতিথি ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক সম্পাদক সংগীতা দাস। লগতে উপস্থিত থাকিব চিদানন্দ শইকীয়াৰ জেষ্ঠ পুত্ৰ,পুৱতি সাহিত্য সভাৰ সভাপতি গোপিকানন্দ শইকীয়া।আনহাতে “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি” শীৰ্ষক উক্ত আলোচনা চক্ৰখনৰ সঞ্চালনা কৰিব কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী মেনকা পাটগিৰিয়ে।