• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদায় পুৱা এই পানীয়ই হাড়ৰ পৰা বাহিৰ কৰি দিব যন্ত্ৰণা; মাত্ৰ ১৫ দিনতে ইউৰিক এচিডৰ পৰা সকাহ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 6:40 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতিপুৱা সাৰ পাই আঙুলি বেঁকা কৰিব পৰা নাই? নাইবা ভৰিৰ আঙুলিত অসহ্যকৰ বিষ হৈছে? যদি উত্তৰ হয়, তেন্তে আপোনাৰ শৰীৰত ইউৰিক এচিডৰ লক্ষণ দেখা দিছে। ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে ইউৰিক এচিডৰ সমস্যা আজিকালি তৰুণ যুৱক-যুৱতীসকলৰ মাজত অস্বাভাৱিক নহয়। ইফালে ইউৰিক এচিড সময়মতে নিয়ন্ত্ৰণ নকৰিলে একাধিক শাৰীৰিক সমস্যা বাঢ়িব পাৰে।

ইউৰিক এচিড হৈছে পিউৰিন নামৰ পদাৰ্থ এটাৰ ভাঙোনৰ ফলত শৰীৰত উৎপন্ন হোৱা পেলনীয়া পদাৰ্থ। পিউৰিন বহু ধৰণৰ খাদ্যত পোৱা যায়। শৰীৰত ইউৰিক এচিড অতিৰিক্তভাৱে জমা হ’লে গাঁঠিৰ বিষ, ফুলা, জঠৰতা, খোজ কঢ়াত অসুবিধা হয়। বিশেষকৈ যিসকলে প্ৰচুৰ পৰিমাণে প্ৰটিন, ৰিফাইন গ্ৰেইন, বা এলক’হল সেৱন কৰে, তেওঁলোকৰ ইউৰিক এচিড ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ সেৱন কৰি আৰু লগতে ঘৰুৱা ঔষধ ব্যৱহাৰ কৰি ইউৰিক এচিডৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

Apply Now

নগৰীয়া জীৱনশৈলী, অনিয়ন্ত্ৰিত খাদ্যাভ্যাস আৰু অত্যধিক মানসিক চাপৰ বাবে বহু লোকে ইউৰিক এচিডৰ সমস্যাত ভুগিবলগীয়া হয়। এই সমস্যাৰ পৰা আঁতৰি থাকিবলৈ যিদৰে ঔষধৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে উপযুক্ত খাদ্যাভ্যাসৰো প্ৰয়োজন। আয়ুৰ্বেদত কিছুমান ঘৰতে বনোৱা প্ৰাকৃতিক পানীয়ৰ কথা উল্লেখ কৰা হৈছে, যিবোৰে নিয়মীয়াকৈ সেৱন কৰিলে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে।

যদি আপুনি ঔষধ অবিহনে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে আপেল চাইডাৰ ভিনেগাৰ এটা সহজ আৰু ফলপ্ৰসূ সমাধান হ’ব পাৰে। প্ৰতিদিনে পুৱা খালী পেটত কুহুমীয়া পানীৰ লগত মিহলি এই বিশেষ পানীয় সেৱন কৰিলে ক্ৰমান্বয়ে ইউৰিক এচিড হ্ৰাস পাব।

আপেল বিশেষ পদ্ধতিৰে গুড়ি কৰি আপেল চাইডাৰ ভিনেগাৰ তৈয়াৰ কৰা হয়। এই তৰল পদাৰ্থত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক, ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট থাকে। উপযুক্ত পৰিমাণৰ পানীৰ লগত আপেল চাইডাৰ ভিনেগাৰ মিহলাই খালে বহু ৰোগ আঁতৰি থাকে।

এপল চাইডাৰ ভিনেগাৰে কেনেকৈ কাম কৰে

আপেল চাইডাৰ ভিনেগাৰে শৰীৰত থকা এচিডৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ইয়াত থকা এচিটিক এচিড আৰু অন্যান্য এনজাইমে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু বৃক্কক ইউৰিক এচিড নিৰ্গত কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই শৰীৰক বিষমুক্ত কৰাত সহায় কৰে যাৰ ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা কমি যায়।

কেনেকৈ ব্যৱহাৰ কৰিব

গৰম পানীত ১ৰ পৰা ২ চামুচ আপেল চাইডাৰ ভিনেগাৰ মিহলাই লওক। ৰাতিপুৱা খালী পেটত কমেও ২-৩ সপ্তাহ খালে সুফল পোৱা যায়।

আপেল চাইডাৰ ভিনেগাৰ খালে যাদুৰ দৰে অতিৰিক্ত চৰ্বি কমি যাব। অধ্যয়নত দেখা গৈছে যে এই ভিনেগাৰ নিয়মিতভাৱে খালে টাইপ ২ ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে, কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ই উপকাৰী। ছাল আৰু চুলি ৰক্ষণাবেক্ষণতো এপল চাইডাৰ ফলপ্ৰসূ।

সাৱধানতা

আপেল চাইডাৰ ভিনেগাৰ এচিডিক। গতিকে সদায় পানীৰ লগত মিহলাই লওক। যদি আপোনাৰ এচিডিটি, আলচাৰ বা পেটৰ কোনো গুৰুতৰ সমস্যা আছে, তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক। আপেল চাইডাৰ ভিনেগাৰ বৃহৎ পৰিমাণে খালে দাঁতৰ ইনামেলৰ ক্ষতি হ’ব পাৰে। গতিকে ষ্ট্ৰৰে পান কৰাটো ভাল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd