• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ১৬ বছৰতে ভোটাধিকাৰ দিয়াৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 9:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইন চৰকাৰে গণতান্ত্ৰিক ব্যৱস্থাৰ বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিছে। পৰৱৰ্তী নিৰ্বাচনত ১৬ আৰু ১৭ বছৰীয়াসকলৰ ভোটাধিকাৰ সুনিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে। দেশখনৰ কৰ্তৃপক্ষৰ মতে এই পৰিৱৰ্তনে গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব।

স্কটলেণ্ড আৰু ৱেলছৰ যুৱ ভোটাৰৰ বাবে এনে নীতি ৰূপায়ণ কৰাৰ পিছত ব্ৰিটেইনৰ বৰ্তমানৰ শাসকীয় লেবাৰ পাৰ্টিয়ে সেই পথ অনুসৰণ কৰিব বিচাৰিছে। তেওঁলোকৰ মতে ইয়াৰ ফলত ভোটাধিকাৰত সামঞ্জস্য সৃষ্টি হ’ব।

Apply Now

এক সাক্ষাৎকাৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেয়াৰ ষ্টাৰমাৰে কয় যে কামত যোগদান কৰিবলৈ তেওঁলোকৰ (তৰুণ-তৰুণী) বয়সটো যথেষ্ট। কৰ দিব পৰাকৈও তেওঁলোকৰ যথেষ্ট বয়স হৈছে। মই ভাবো আপোনাৰ টকা ক’ত খৰচ হয় সেইটো কোৱাৰ সুযোগ পোৱা উচিত। তদুপৰি চৰকাৰে কোন পথে যোৱা উচিত সেই সন্দৰ্ভতো তেওঁলোকে মতামত দিব পাৰিব।

ভোটাধিকাৰৰ এই পৰিৱৰ্তনৰ বাবে সংসদীয় অনুমোদনৰ প্ৰয়োজন। কিন্তু সংসদত এই আইনখন গৃহীত কৰাৰ বাটত বিশেষ বাধা আহিব যেন নালাগে। কাৰণ যোৱা বছৰ নিৰ্বাচনী প্ৰচাৰত তৰুণসকলক ভোটাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দি লেবাৰ পাৰ্টিয়ে সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

ক্ষমতালৈ অহাৰ পিছত কেয়াৰ ষ্টাৰমাৰৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁৰ চৰকাৰে ধাৰাবাহিকভাৱে ভুল সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। বেছিভাগ জনমত সমীক্ষাতে তেওঁৰ দলটোৱে নাইজেল ফাৰাজৰ সোঁপন্থী ৰিফৰ্ম ইউ কে পাৰ্টিৰ পিছৰ স্থানত আছে।

অৱশ্যে ১৬-১৭ বছৰ বয়সৰ যুৱ ভোটাৰৰ ওপৰত কৰা এক সমীক্ষাত লেবাৰ পাৰ্টিৰ অৱস্থা অতি ভাল। এই সমীক্ষাটো মাৰ্লিন ষ্ট্ৰেটেজি নামৰ এটা সংস্থাই কৰিছিল। য’ত প্ৰায় ৫০০ তৰুণে অংশগ্ৰহণ কৰে।

সংবাদ মাধ্যমত প্ৰকাশিত পৰিসংখ্যাই প্ৰকাশ কৰিছে যে বেছিভাগ তৰুণে লেবাৰ পাৰ্টিক ভোট দিব। তেওঁলোকৰ সংখ্যা ৩৩ শতাংশ। আনহাতে ২০ শতাংশই ব্ৰিটেইন ৰিফৰ্ম পাৰ্টিক ভোট দিব। ১৮ শতাংশই গ্ৰীণ পাৰ্টিক ভোট দিব। ১২ শতাংশই লিবাৰেল ডেম’ক্ৰেটক ভোট দিব। এই ক্ষেত্ৰত যুক্তৰাজ্যৰ পূৰ্বৰ চৰকাৰী দল কনজাৰ্ভেটিভ পাৰ্টি তলত আছে। ১০ শতাংশ তৰুণে তেওঁলোকক ভোট দিব।

চৰকাৰী তথ্য অনুসৰি ব্ৰিটেইনত বৰ্তমান ১৬ৰ পৰা ১৭ বছৰ বয়সৰ ১৬ লাখ তৰুণ-তৰুণী আছে। মুঠ ভোটাৰৰ সংখ্যা ৪ কোটি ৮০ লাখ। ২০০১ চনৰ পিছত এই সংখ্যা সৰ্বনিম্ন। ২০২৯ চনত দেশৰ পৰৱৰ্তী সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

June 22, 2026 5:22 pm
ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

June 22, 2026 5:18 pm
দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

June 22, 2026 5:22 pm
ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

June 22, 2026 5:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd