পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড খ্যাত টিআৰএফক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে আমেৰিকাই। বৃহস্পতিবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে দ্য ৰেজিষ্টেন্স ফ্ৰণ্টক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। মন কৰিবলগীয়া যে টি আৰ এফক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ বিৰুদ্ধে পাকিস্তানে বাৰে বাৰে মাত মাতি অহিছে। অৱশ্যে এইবাৰ আমেৰিকাৰ এই সংঠনটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।
২২ এপ্ৰিলৰ হত্যাকাণ্ডৰ পিছত লস্কৰৰ প্ৰক্সি সংগঠন ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু মাত্ৰ কেইঘণ্টামানৰ পিছতে টি আৰ এফেও এই দায়িত্ব প্ৰত্যাহাৰ কৰিলে। অৱশ্যে তদন্তকাৰীয়ে টিআৰএফৰ আঁৰত থকা পাকিস্তানৰ হাতখনেও সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰথমে দায়িত্ব গ্ৰহণ কৰা আৰু পিছত অস্বীকাৰ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে পেহেলগামত ২৬ জন লোকৰ মৃত্যু হোৱা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি প্ৰস্তাৱ জাৰি কৰে। অৱশ্যে এই প্ৰস্তাৱত সন্ত্ৰাসবাদী সংগঠনটোৰ নাম টি আৰ এফ বুলি উল্লেখ কৰা হোৱা নাই।
পাকিস্তান আৰু চীনৰ আপত্তিৰ বাবে এই প্ৰস্তাৱত টি আৰ এফৰ নাম উল্লেখ কৰা হোৱা নাই বুলি কূটনৈতিক সমাজে বিশ্বাস কৰে। দায়িত্ব অস্বীকাৰ কৰি পাকিস্তানে যুক্তি আগবঢ়ায় যে এই আক্ৰমণত টিআৰএফ জড়িত থকাৰ কোনো প্ৰমাণ এতিয়াও পোৱা হোৱা নাই। গতিকে কোনো কাৰণতে টি আৰ এফক জগৰীয়া কৰিব নোৱাৰিব। এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোক বচাবলৈ পাকিস্তানে কৰা প্ৰচেষ্টাই স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন কৰে যে ইছলামবাদে কিয় টি আৰ এফক বচাবলৈ চেষ্টা কৰিছে?
কিন্তু পাকিস্তানৰ বিৰোধিতা সত্ত্বেও এইবাৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত হ’ল টিআৰএফ। আমেৰিকাৰ এক বিবৃতিত কোৱা হৈছে যে, ‘এফটিঅ’ আৰু এছডিজিটি তালিকাত ৰেজিষ্টেন্স ফ্ৰণ্টক অন্তৰ্ভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।’ মন কৰিবলগীয়া যে পহলগাম কাণ্ড আৰু অপাৰেচন সিন্দুৰৰ পিছত ট্ৰাম্প আৰু পাকিস্তানৰ বন্ধুত্ব বহুবাৰ উন্মোচিত হৈছে। ইছলামবাদেও আমেৰিকাৰ সহায়ৰ আশাত ট্ৰাম্পৰ নাম নোবেল বঁটাৰ বাবে পৰামৰ্শ দিছে। যোৱা মাহত পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰ আমেৰিকালৈ গৈছিল। তাত তেওঁ ট্ৰাম্পৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছতো আমেৰিকাই টিআৰএফৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।