• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্ছেদ অভিযানক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য: মুখ্যমন্ত্ৰীৰ সৈতে বুলড’জাৰত উঠি ঘৰ ভাঙিবলৈ সাজু অখিল গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 6:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে শিৱসাগৰত এক সংবাদমেল যোগে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয়, “যদিহে সঁচাকৈ বাংলাদেশী আছে, মই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন বুলড’জাৰত উঠি ঘৰ ভাঙিবলৈ যাম আৰু তেওঁলোকক গাড়ীত তুলি বাংলাদেশলৈ পঠিয়াই দিম।” তেওঁ অভিযোগ কৰে যে চৰকাৰে উচ্ছেদ অভিযানত কেৱল এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে।

অখিল গগৈয়ে উৰিয়ামঘাট আৰু মেৰাপানীত চৰকাৰে উচ্ছেদ অভিযানৰ পৰিকল্পনা কৰা প্ৰসংগত কয়, যে হিন্দু হওক বা মুছলমান, আৰক্ষীৰ অত্যাচাৰ হ’লে মই মাত মাতিম। উৰিয়ামঘাট আৰু মেৰাপানীত মুছলমানসকলক কেৱল তেওঁলোকৰ ধৰ্মৰ বাবেই উচ্ছেদ কৰা হৈছে নেকি? উচ্ছেদৰ আগতে তেওঁলোক বিদেশী নে খিলঞ্জীয়া সেইটো পৰীক্ষা কৰা উচিত।

Apply Now

গোৱালপাৰাৰ উচ্ছেদ অভিযানৰ প্ৰসংগত তেওঁ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় “উচ্ছেদিত লোকে আৰক্ষীক আক্ৰমণ কৰা নাই, বৰঞ্চ আৰক্ষীয়ে উচ্ছেদিত লোকৰ ওপৰত আক্ৰমণ কৰিছে। প্ৰতিৰোধৰ সময়তহে উচ্ছেদিত লোক আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। বিজেপিয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই বিষয়টো ভুল দিশলৈ লৈ গৈছে। মাত্ৰ এজন বা দুজন আৰক্ষীয়ে শিলগুটিৰ আঘাত পাইছে। এতিয়া সকলো দোষ মুছলমানৰ ওপৰত জাপি দিয়াৰ ধাৰা সৃষ্টি হৈছে। আমি হিন্দু-মুছলমান সকলোৰে সৈতে আছোঁ বুলি উল্লেখ কৰে।

সংবাদমেলত অখিল গগৈয়ে বিৰোধী ঐক্যমঞ্চৰ প্ৰতি কংগ্ৰেছৰ উদাসীনতাৰো অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “বিৰোধী ঐক্যমঞ্চই বিজেপিক ৰোধ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু কংগ্ৰেছে কেৱল নিজৰ দলৰ স্বাৰ্থৰ কথাহে চিন্তা কৰিছে। দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈৰ দৰে নেতাই বিৰোধী ঐক্যক গুৰুত্ব দিয়া নাই।” তেওঁ লগতে কয়, “কংগ্ৰেছে জাতীয় স্বাৰ্থৰ কথা নাভাবি কেৱল নিজৰ কথা চিন্তা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছতকৈ বেছি বেয়া কাম কৰিছে, গতিকে বিজেপিক ৰোধ কৰিবলৈ বিৰোধী ঐক্যৰ প্ৰয়োজন।”

প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈক সমালোচনা কৰি অখিল গগৈয়ে কয়, “গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পৰা বিৰোধী ঐক্যৰ বিষয়ে একো কৰা নাই। তেওঁ কেৱল কয় যে ছেপ্টেম্বৰত এই বিষয়ে ঘোষণা কৰিব। আমি কংগ্ৰেছক কেতিয়াও সমালোচনা কৰা নাই, কিন্তু তেওঁলোকে মোক তুচ্ছ-তাচ্ছিল্য কৰি আহিছে।” তেওঁ স্পষ্ট কৰে, “অসমীয়া জাতিৰ স্বাৰ্থত মই গৌৰৱ গগৈক সমালোচনা কৰা নাই। কেৱল বিহালী নিৰ্বাচনৰ সময়ত কিছু কথা কৈছিলোঁ। কিন্তু কংগ্ৰেছে আমাৰ ধৈৰ্য পৰীক্ষা কৰি আছে।”

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অখিল গগৈয়ে কয়, “নিৰ্বাচনৰ কেইদিনমান আগত মিত্ৰতা ঘোষণা কৰিলে আমি বিজেপিক কেনেকৈ ৰোধ কৰিম? তৃণমূল পৰ্যায়ৰ লোকৰ মাজলৈ যাবলৈ সময়ৰ প্ৰয়োজন। যিমান দেৰি হ’ব, আমি সিমানেই জনতাৰ পৰা আঁতৰি যাম।” তেওঁ জোৰ দি কয়, “বিৰোধী ঐক্য কাৰো মুখ্যমন্ত্ৰী পাতিবৰ বা মোৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে নহয়, সাম্প্ৰদায়িক বিজেপিক ৰোধ কৰিবৰ বাবেই।”

বইধায়ক গৰাকীয়ে আৰু অভিযোগ কৰে যে কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে যোগাযোগ ৰাখিবলৈ আগ্ৰহী নহয়। তেওঁ কয়, “গৌৰৱ গগৈক ফোন কৰিলেও তেওঁ ফোন নধৰে। পঞ্চায়ত নিৰ্বাচন আমাৰ বাবে এটা ভাল সুযোগ আছিল, কিন্তু আমি সেই সুযোগ হেৰুৱালোঁ।” তেওঁ লগতে কয়, “যোৰহাট লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক জয়ী কৰিবলৈ ৰাইজৰ দলে কিমান কষ্ট কৰিছিল, সকলোৱে জানে। কিন্তু তেওঁ এতিয়াও ধন্যবাদৰ এটা কথাও কোৱা নাই।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd