NORTHEAST NOW (Assamese)
অসম

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2025 8:59 am

জনসুৰজ পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰে ৰোড শ্ব’ৰ সময়ত এক দুৰ্ঘটনাৰ সন্মুখীন হয়। বিহাৰৰ আৰাত ৰাজনৈতিক অনুষ্ঠানৰ সময়ত তেওঁৰ গাড়ীত খুন্দা মাৰে এখন বাইকে। এই ঘটনাত প্ৰশান্ত কিশোৰে কামিহাড়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক পাটনা হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, শুকুৰবাৰে বিহাৰৰ আৰাৰ ৰমনা ময়দানত প্ৰশান্ত কিশোৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। তাৰ আগতে জনসুৰজ পাৰ্টিৰ ৰোড শ্ব’ আছিল। তাতে তেওঁ নিজৰ গাড়ীৰ দৰ্জা খুলি থিয় হৈ ৰাইজলৈ হাত জোকাৰিছিল। সেই সময়ত হঠাৎ সেই পথেৰে এখন বাইক আহে। কোনোৱে একো গম পোৱাৰ আগতেই বাইকখনে গাড়ীৰ খোলা দৰ্জাত জোৰেৰে খুন্দা মাৰে।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে দৰ্জাত প্ৰচণ্ড খুন্দা মৰাৰ বাবে প্ৰশান্ত কিশোৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ভিৰত ৰাইজক সম্বোধন কৰি থকা অৱস্থাত প্ৰশান্ত কিশোৰ দুৰ্ঘটনাত আহত হোৱা বুলি ছ’চিয়েল মিডিয়াযোগে জনায় জনসুৰজ পাৰ্টিয়ে। বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ।

আঘাত পোৱাৰ পিছত তেওঁক কেনেবাকৈ মঞ্চলৈ লৈ যোৱা হয়। তেতিয়াই বুকুৰ বিষৰ বাবে তেওঁক কাতৰ হৈ থকা দেখা গৈছিল। সেই পৰিস্থিতিত ততাতৈয়াকৈ ৰাজহুৱা সভা স্থগিত ৰখা হয় আৰু তেওঁক আৰাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰাই তেওঁক পাটনালৈ ৰেফাৰ কৰা হয় ।

তাৰপিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। সূত্ৰ অনুসৰি তেওঁৰ কামিহাড়ত আঘাত পোৱা বুলি চিকিৎসকে জনাইছে। বিষ কমোৱাৰ বাবে পেইনকিলাৰ দিয়া হৈছে, চিকিৎসা চলি আছে।