গুজৰাটত সংঘটিত হৈছে এক কৰুণ ঘটনা। ঋণৰ বোজা সহিব নোৱাৰি নিজৰ তিনি সন্তানক বিহ দি হত্যা কৰি নিজেও চৰম সিদ্ধান্ত লয় এহাল দম্পতীয়ে। তিনিটা সন্তানৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ প্ৰাৰম্ভিক তথ্য অনুসৰি এই দম্পতীহালে নিজৰ সন্তানক বিহ হত্যা কৰি নিজেও আত্মহত্যা কৰে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
বিপুল বাঘেলা (৩২) পেছাত এজন অটো চালক। তেওঁ আহমেদাবাদৰ বাগোদৰা অঞ্চলৰ বাসিন্দা আছিল। তেওঁ পত্নী সোণাল আৰু তিনিটা সন্তানৰ সৈতে ভাড়াঘৰত বাস কৰিছিল। শনিবাৰে পুৱা সেই ঘৰতে উদ্ধাৰ হয় পাঁচজনৰ মৃতদেহ।
স্থানীয় ৰাইজে প্ৰথমে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত গৈ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে আটাইকেইটাক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ঢোলকা নিবাসী বিপুলে আগতে বগোদ্ৰাৰ ভাড়াঘৰত বাস কৰিছিল। পাঁচজনীয়া পৰিয়ালত বিপুল আছিল একমাত্ৰ উপাৰ্জনকাৰী। অটো কিনিবলৈ লোৱা ঋণৰ কিস্তি পৰিশোধ কৰিব পৰা নাছিল তেওঁ। পৰিয়ালটোও তেওঁ ভালদৰে চলাব পৰা নাছিল।
প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে আৰ্থিক দুৰ্দশাৰ বাবে দম্পতীহালে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে।সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই বিহ কেনেদৰে প্ৰয়োগ কৰা হৈছিল তাৰো তদন্ত কৰি আছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেই বিষয়টো স্পষ্ট হৈ পৰিব।