NORTHEAST NOW (Assamese)
অসম

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 21, 2025 9:36 pm

দৰং জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত লোটাখাট গাঁৱৰ এজন ২০ বছৰীয়া যুৱকে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়াত ৰীল পোষ্ট কৰাৰ বাবেই আটক কৰিছে আৰক্ষীয়ে।

মাহমুদ আলম নামৰ যুৱকজনে উচ্ছেদ প্ৰক্ৰিয়াক সমালোচনা কৰি চুটি ভিডিঅ’ পোষ্ট কৰাৰ লগতে আনকি ৰাজ্যৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি অপমানজনক কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

আৰক্ষীৰ সূত্ৰই নিশ্চিত কৰিছে যে ৰীলছৰ বিষয়বস্তু উচটনিমূলক আৰু ই চাইবাৰ নিয়ম উলংঘা কৰা বুলি ধৰা পৰিছে।

আৰক্ষীয়ে মাহমুদ আলমক আটক কৰি পৰৱৰ্তী সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।লগতে, অশান্তিৰ সৃষ্টি কৰিব পৰা বা ভুল তথ্য বিয়পাব পৰা ডিজিটেল বিষয়বস্তু শ্বেয়াৰ বা প্ৰস্তুত কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।