অসমবাসীৰ গৌৰৱ, ইতিহাস আৰু সাংস্কৃতিক পৰিচয়ৰ প্ৰতীক ৰংঘৰৰ ছবি এখন সুৰা কোম্পানী অ’য়েচিছ গ্ৰুপ (Oasis Group) ৰ অল ছিজনছ (All Seasons) ব্ৰেণ্ডৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা দৃশ্যমান হোৱাৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত হোৱাৰ লগতে আম আদমী পাৰ্টী (AAP) অসমে এই ঘটনাটোক অসমীয়া জাতিৰ আত্মমৰ্যাদা আৰু সংস্কৃতিক গভীৰ অপমান বুলি অভিহিত কৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে।
এজাহাৰত উল্লেখ কৰা হৈছে যে, ৰংঘৰৰ দৰে ঐতিহ্যমণ্ডিত স্থাপনাক সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ কৰি Oasis Group-এ সম্পূৰ্ণ অসমবাসীৰ অনুভূতিত আঘাত হানিছে। এই বিজ্ঞাপনখন ইতিমধ্যে সামাজিক মাধ্যম আৰু বিভিন্ন ডিজিটেল প্লেটফৰ্মত ব্যাপকভাৱে প্ৰকাশ পাই অসমীয়াৰ গৌৰৱক হেয়জনকভাৱে প্ৰতিপন্ন কৰিছে।
এই ঘটনাৰ প্ৰতি কঠোৰ প্ৰতিবাদ জনাই আপ অসমে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে —
- Oasis Group-ৰ বিৰুদ্ধে অবিলম্বে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ।
- ৰংঘৰৰ ছবি থকা বিজ্ঞাপনখন তৎক্ষণাত আঁতৰাই সকলো মাধ্যমত নিষিদ্ধ ঘোষণা।
- অসমবাসীৰ ওচৰত আনুষ্ঠানিকভাৱে ক্ষমা খোজা।
- ৰংঘৰৰ অপমানৰ ক্ষতিপূৰণ হিচাপে ৫০ লাখ টকাৰ ৰংঘৰৰ উন্নয়ন বা ৰক্ষণাবেক্ষণ খাতে অসম চৰকাৰৰ তত্বাৱধানত জমা দিয়াৰ দাবী।
- অসমত এনে ধৰণৰ সুৰা কোম্পানীৰ বিজ্ঞাপন আৰু বাণিজ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা।
- এই অপকর্মত জড়িত ব্যক্তি তথা Oasis Group ৰ মালিক, মুখ্য বিষয়া আৰু অন্য দায়ীসকলক শাস্তি দিয়াৰ দাবী।
এই দাবীসমূহৰ লগতে আপ অসমৰ ৰাজ্যিক সম্পাদক (সংগঠন) জয়ন্ত শইকীয়াই দিছপুৰ থানাত আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰে। দলটোৰ উপ-সভাপতি অনুৰূপা ডেকাৰজাই সংবাদমাধ্যমৰ আাগত কয় এই অপমানৰ প্ৰতিকাৰ কেৱল এজাহাৰত সীমাবদ্ধ নহয়, অসমবাসীৰ গৌৰৱৰ স্বাৰ্থত Oasis Group ৰ বিৰুদ্ধে আইনী পদক্ষেপ লোৱা হ’ব। লগতে অসম চৰকাৰকো অনুৰোধ জনায় যাতে এইধৰণৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।