• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নীৰ বিৰুদ্ধে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 9:59 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঠিক যেন বলীউডৰ ব্লকবাষ্টাৰ চিনেমা ‘দৃশ্যম’ৰ এটা দৃশ্য। ক্ৰাইম থ্ৰিলাৰ চিনেমাখনৰ নায়কে পৰিয়ালটোৰ দুজন সদস্যক হত্যা কৰি মৃতদেহ মাটিত পুতি থৈছিল। মহাৰাষ্ট্ৰতো সংঘটিত হৈছে একেধৰণৰ এটা ঘটনা।

প্ৰেমিকৰ সহায়ত এগৰাকী মহিলাই স্বামীক হত্যা কৰাৰ অভিযোগ উঠিছে। ঘৰৰ ভিতৰতে মৃতদেহটো সমাধিস্থ কৰা হয়। মৃতদেহটো টাইলছৰ তলত পুতি থোৱা হয়। সোমবাৰে পুৱা টাইলছ ভাঙি মাটি খান্দি মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম বিজয় চৌহান (৩৪)। যোৱা দুসপ্তাহ ধৰি তেওঁক বিচাৰি পোৱা হোৱা নাছিল। তেওঁ পত্নী কোমল চৌহানৰ সৈতে মুম্বাইৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ নাল্লাচোপাৰাৰ গাংগানীপাৰা অঞ্চলৰ এখন হাউছিং ছ’চাইটিত বাস কৰিছিল।

বাতৰি অনুসৰি, বিজয়ৰ এগৰাকী ভাতৃয়ে তেওঁক কেইবাদিনো বিচাৰি নাপাই তালৈ আহিছিল। বিজয়ক বিচাৰি নাপাই তেওঁ দেওবাৰে নিশা তাত থকা থানাত নিৰুদ্দেশ ডায়েৰী দাখিল কৰে। সোমবাৰে পুৱা তালৈ গৈছিল আৰক্ষী। ঘৰত সোমাওঁতে দেখিলে ঘৰৰ মজিয়াৰ টাইলছৰ ৰং এঠাইত অলপ বেলেগ। এই কথা দেখি আৰক্ষী বিষয়াসকলৰ সন্দেহ উপজিল। লগে লগে ঠাইখিনি ভাঙি পেলোৱা হয়। তাৰ পৰাই বিজয়ৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

জনা গৈছে যে মনু শৰ্মা নামৰ চুবুৰীয়া এজনৰ লগত কোমলৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। অভিযোগ অনুসৰি মনুৰ সৈতে কোমলে স্বামীক হত্যা কৰি মৃতদেহ টাইলছৰ তলত মাটিত পুতি থৈছিল।

তাত থকা এম বি ভি ভি থানাৰ এজন বিষয়াই কয় যে তেওঁলোকৰ মতে বিজয়ক কমেও ২ সপ্তাহ আগতে হত্যা কৰা হৈছিল। তাত থকা বিষয়াসকলৰ উপস্থিতিত টাইলছ ভাঙি মৃতদেহটো উদ্ধাৰ কৰা হয়। ঘটনাৰ পিছৰে পৰা কোমল আৰু মনুৰ কোনো সন্ধান পোৱা নাই বুলিও তেওঁ কয়। দুয়োজনেই পলায়ন কৰা বুলি জানিব পৰা গৈছে। তেওঁ কয় যে ঘটনাৰ তদন্তৰ উপৰিও বিজয়ৰ পত্নী আৰু প্ৰেমিকৰ সন্ধানো অব্যাহত আছে।

অৱশ্যে বিজয় হত্যাৰ কাৰণ এতিয়াও আৰক্ষীৰ বাবে স্পষ্ট হোৱা নাই। সূত্ৰ অনুসৰি বিজয়ক হত্যা কৰাৰ বাবে কোমল আৰু মনুকে প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে। অৱশ্যে এই ক্ষেত্ৰত অন্ততঃ আন এজন স্থানীয় লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd