• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গছ কটা আৰু স্থানান্তৰনক লৈ ৰাজ্য চৰকাৰৰ পৰা SOP বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

কোকিল শইকীয়া by কোকিল শইকীয়া
July 23, 2025 11:32 am
115
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক গছ কটা আৰু স্থানান্তৰন প্ৰক্ৰিয়া সম্পৰ্কে এছ অ’ পি ‎‎(ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ) দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উৰণীয়া সেঁতু নিৰ্মাণৰ নামত গুৱাহাটীৰ দীঘলীপুখুৰী আৰু আমবাৰী অঞ্চলৰ গছসমূহ কাটি পেলোৱা আৰু ‎স্থানান্তৰনৰ বিৰোধিতাৰে সাংবাদিক মহেশ ডেকা আৰু সমাজকৰ্মী জয়ন্ত গগৈয়ে উচ্চ ন্যায়ালয়ত দাখিল ‎কৰা জনস্বাৰ্থ জড়িত আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ মাইকেল ‎জোথানখুমাৰ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে।

এই গোচৰৰ শুনানিৰ সময়ত বাদীৰ অধিবক্তা কমল নাৰায়ণ চৌধুৰীয়ে উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত ‎অসংখ্য গছৰ ক্ষতি হোৱাৰ সম্ভাৱনাৰ বিষয়ে আদালতক অৱগত কৰে। ইয়াৰ উত্তৰত অসমৰ চৰকাৰৰ ‎মহাধিবক্তা দেৱজিৎ লন শইকীয়াই আদালতক আশ্বাস দিয়ে যে গছ কটা বা স্থানান্তৰন এৰাই চলিবলৈ ‎উৰণীয়া সেঁতুৰ প্ৰকল্পটোৰ পৰিকল্পনা সংশোধন কৰা হ’ব। লগতে, বাদীৰ অধিবক্তা কমল নাৰায়ণ ‎চৌধুৰীয়ে নিশ্চিত কৰে যে চৰকাৰে উৰণীয়া সেঁতু প্ৰকল্পৰ সংশোধনীৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰি ‎বিষয়টো সমাধানৰ বাবে আগুৱাই আহিছে।

কিন্তু পূৰ্ণবয়স্ক গছৰ স্থানান্তৰন সন্দৰ্ভত এক আশংকাৰ উদয় হোৱাৰ বিষয়ে আদালত জনোৱা হয়। ইয়াৰ ‎পিছত অসম চৰকাৰ মহাধিবক্তাগৰাকীয়ে কয় যে দীঘলীপুখুৰী-আমবাৰী অঞ্চলৰ ৭৭ জোপা গছৰ ভিতৰত ‎৭৬ জোপা গছ সফলতাৰে স্থানান্তৰ কৰা হৈছে। গছ স্থানান্তৰনৰ এই সফলতাৰ কথা স্বীকাৰ কৰি আদালতে ‎গছ স্থানান্তৰ আৰু কটাৰ বাবে বিশদ এছ অ’ পি আনুষ্ঠানিকভাৱে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে, ‎ভৱিষ্যতে গছ স্থানান্তৰ আৰু কটাৰ ক্ষেত্ৰত এই এছ অ’ পি যাতে কঠোৰভাবে মানি চলে সেয়াও নিশ্চিত ‎কৰিবলৈ আদালতে কয়।

মহাধিবক্তা শইকীয়াই আদালতক আশ্বাস দিয়ে যে পৰৱৰ্তী শুনানিৰ ভিতৰত এছ অ’ পিৰ বিশদ বিৱৰণ ‎আৰু নিৰ্মাণৰ সময়ত গছ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে শপতনামা দাখিল কৰা হ’ব।

উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে উন্নয়ন আৰু পৰিৱেশৰ মাজত ভাৰসাম্য ৰক্ষাৰ কথা ভাবি সকলো সাৱধানতা ‎উল্লেখ কৰিবলৈও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে শুনানিৰ সময়ত বিচাৰপীঠে আবেদনকাৰীক ‘বিৰোধী হিচাপে নহয়, উত্তৰ প্ৰজন্মৰ বাবে মাতৃ ‎প্ৰকৃতিক সংৰক্ষণ কৰাৰ প্ৰচেষ্টা’ হিচাপে উল্লেখ গণ্য কৰে।

এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৪ আগষ্ট, ২০২৫ত অনুষ্ঠিত হ’ব।

Recent News

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd