নব্বৈৰ দশকত ভাৰতত মৃত্যুদণ্ডৰ দৰে আছিল এইচ আই ভি আক্ৰান্ত হোৱাটো। আৰু ভাইৰাছটোতকৈও ভয়াবহ আছিল এই ৰোগ আৰু আক্ৰান্তৰ প্ৰতি সমাজৰ ধাৰণা আৰু আচৰণ। কিন্তু আজি আৰু সেই সময় নাই। এতিয়া এন্টিৰেট্ৰ’ভাইৰেল থেৰাপীয়ে (ART) এইচ আই ভি পজিটিভ লোকসকলক দীৰ্ঘ, সুস্থ জীৱন যাপন, বিবাহ আৰু সন্তান জন্ম দিয়াত সহায় কৰে। ২০০২ চনত মুম্বাইৰ ৪৬ বছৰীয়া এগৰাকী ব্যক্তিৰ শৰীৰত এই ৰোগ ধৰা পৰাৰ পিছত ৩০ দিনৰ সময় দিয়া হৈছিল যদিও ২৩ বছৰ পাৰ হৈ যোৱাৰ পিছোতো স্বাভৱিক জীৱন যাপন কৰি আহিছে। এতিয়া তেওঁ বিবাহিত।
উল্লেখ্য যে তেওঁ পত্নীও এইচ আই ভি পজিটিভ। সম্প্ৰতি এই দম্পতীৰ এগৰাকী এইচ আই ভি নেগেটিভ কন্যা আৰু এজন পুত্ৰ আছে। তেওঁলোকোৰ এই জীৱন যুঁজে চিকিৎসাৰ অগ্ৰগতি আৰু সমৰ্থনে জীৱন কেনেকৈ সলনি কৰিছে। আৰু এই ৰোগত আক্ৰান্ত হ’লেও যে স্বাভাৱিক জীৱন যাপন কৰিব পাৰি তাৰ উজ্জ্বল নিদৰ্শন।
উল্লেখনীয় যে ভাৰতত প্ৰায় ২৫-৩০ লাখ এইচ আই ভি পজিটিভ লোক আছে, ইয়াৰে বহুতেই ২১-৩৫ বছৰ বয়সৰ আৰু সংগী বিচাৰে। এইচ আই ভি-নিৰ্দিষ্ট বৈবাহিক চাইট যেনে এইচ আই ভি পৰিচয় ডট কম আৰু পজিটিভছাথি ডট কমৰ উন্মেষ ঘটিছে, আৰু জীৱনসাথী ডট কম নামৰ ৱেবচইটেও এতিয়া এইচ আই ভি পজিটিভ ব্যক্তিৰ বাবে সুবিধা আগবঢ়াইছে। অৱশ্যে যদিও বেছিভাগ মানুহেই ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা (NACO)ৰ দ্বাৰা আয়োজিত বাৰ্ষিক সভাৰ জৰিয়তে অংশীদাৰ বিচাৰি পায়, লিংগ ভাৰসাম্যহীনতা আৰু জাতিগত পছন্দৰ বাবে মাত্ৰ ১-২% লোকেহে অংশীদাৰ বিচাৰিবলৈ সক্ষম হয়।
প্ৰসংগ ক্ৰমে সম্প্ৰতি এ আৰ টিৰ দ্বাৰা এইচ আই ভি পজিটিভ দম্পতীয়েও নিৰাপদে সন্তান জন্ম দিব পাৰে, আৰু ভাইৰাছ নিয়ন্ত্ৰণ হ’লে মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণৰ আশংকা ১%তকৈ কম। ভাৰতৰ এটা সংস্থা (NACO) নাকোৱে বিনামূলীয়া এ আৰ টি প্ৰদান কৰে, যাৰ বাবে নিজাকৈ প্ৰতিমাহে ১৫০০-২০০০ টকা খৰচ হয়।
এতিয়া সমাজৰ চিন্তা আৰু সংগী বিচাৰি উলিওৱাৰ দৰে প্ৰত্যাহ্বানৰ মাজতো এইচ আই ভি পজিটিভ ব্যক্তিসকলে বিশেষজ্ঞৰ পৰামৰ্শ আৰু এই ৰোগত আক্ৰান্তসকলক একত্ৰিত কৰা সামাজিক গোটৰ সহায়ত পৰিয়াল আৰু সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে। যিয়ে প্ৰমাণ কৰিছে যে এইচ আই ভিয়ে তেওঁলোকৰ ভৱিষ্যতৰ সংজ্ঞা নিৰূপণ নকৰে।