সকলো সামাজিক, ৰাজ্য বা ৰাষ্ট্ৰৰ সমস্যা সমাধানৰ বাবে সকলোতকৈ উৎকৃষ্ট সমাধানৰ উপায় হ’ল – ৰাজনৈতিক সমাধান। সকলো সমস্যাৰ কাৰণ বিচাৰি উলিয়াই তাৰ বাস্তৱসন্মত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কৰ্মসূচীৰ সমন্বয়ত সঠিক আৰ্থ-ৰাজনৈতিক সমাধান কৰিব পৰাটোৱেই হ’ল দক্ষ ৰাজনীতিকৰ পৰিচয়। তাকে নকৰি সামৰিক বা অস্ত্ৰসৰ্বস্ব সমাধানৰ দিশে আগুওৱাৰ অৰ্থই হ’ল – সকলো ৰাজনৈতিক সমাধানৰ ব্যৰ্থতা প্ৰত্যক্ষ বা পৰোক্ষভাবে শাসকে স্বীকাৰ কৰা আৰু নিজৰ ব্যৰ্থতাৰ দোষ এক লোকৰ ওপৰত জাপি দিয়াৰ কুটিল ষড়যন্ত্ৰৰে ৰাজ্যখনক এক ভয়ংকৰ নৈৰাজ্যৰ দিশলৈ গতিয়াই দিয়া !
আজি বেচ কিছুদিন ধৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এষাৰ কথা ঘনাই কৈ আছে যে -অসমীয়া মানুহ নিঃশেষ হ’বলৈ গৈ আছে। গতিকে অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ অসমীয়াই হাতে হাতে বন্দুক তুলি লোৱাৰ কোনো বিকল্প নাই আৰু ই অপৰিহাৰ্য আৰু একমাত্ৰ সমাধানৰ পথ !
আমি প্ৰথমতেই আৰু পোনচাটেই এই জনবিৰোধী বন্দুক লোৱা সংস্কৃতিৰ বিৰোধিতা কৰিছোঁ আৰু ঘোষণা কৰিছোঁ যে এই মানসিকতা গণতান্ত্ৰিক ধাৰণা আৰু পৰম্পৰাৰ বিৰোধী। কাৰণ আমি জানো যে আমি ৰাজতন্ত্ৰ বা সামৰিক তন্ত্ৰত বাস কৰা নাই। ৰাজতন্ত্ৰ বা সামৰিক তন্ত্ৰতো প্ৰজা বা নাগৰিকক অস্ত্ৰ দিয়া নহয়।
আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছে যদি কোনোবাই অস্ত্ৰ ল’ব বিচাৰে তেনেহ’লে তেওঁলোকে ল’ব পাৰে আৰু অনুজ্ঞাপত্ৰ পাব ! (আমি এটা প্ৰশ্ন এৰাই চলিছোঁ ভাৰতীয় সংবিধানে এই অনুমতি দিব নে ? ) ইয়াত আমি তিনিটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ – (১) ধৰি লোৱা হ’ল অসমৰ ল’ৰা বুঢ়া সকলোৰে হাতত অস্ত্ৰ তুলি দিয়া হ’ল আৰু এখন পথাৰত সকলোকে থিয় কৰাই দিয়া হ’ল আৰু কোৱা হ’ল নিজক ৰক্ষা কৰিবলৈ তোমালোকে অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰা ,আইনে অনুমতি দিছে। এতিয়া হাতে হাতে থকা অস্ত্ৰৰে কোনে কাক হত্যা কৰিব?
(২) অসমৰ ৰাইজে যদি নিজৰ অনুজ্ঞাপত্ৰ থকা বন্দুক ব্যৱহাৰ কৰি নিজৰ সমস্যা নিজেই সমাধান কৰিব পাৰে, তেনেহ’লে বন্দুক দিয়াৰ পিছত চৰকাৰৰ কিবা বিশেষ কাম থাকিবগৈনে? অৰ্থাৎ বিধানমণ্ডলী, ন্যায়পালিকা, কাৰ্যপালিকাৰ কিবা কাম থাকিবগৈনে ? এইবোৰ ভংগ কৰি দিব নালাগিবনে ? কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতে নাগৰিকে নিজৰ সমস্যা নিজেই সমাধান কৰি ল’ব পাৰিব! কাৰণ এখন নিৰ্বাচিত চৰকাৰ থকাৰ পিছতো নাগৰিকক চৰকাৰে নিৰাপত্তা দিব পৰা নাই! চৰকাৰেই নাগৰিকে নিজৰ নিৰাপত্তা নিজে কৰি লোৱাৰ পোষকতা কৰিছে আৰু হাতে হাতে বন্দুক তুলি দিয়াৰ পোষকতা কৰিছে !
(৩) যদি নাগৰিকৰ হাতত বন্দুক নাথাকিলে নিৰাপত্তা নাথাকেই তেনেহ’লে পাঁচ কিলো চাউল আৰু ১২৫০.০০ টকাৰ বাবে শাৰী পাতি লৈ থকা সকলে বন্দুক কিনিবলৈ ধন ক’ত পাব নে হিতাধিকাৰীক চৰকাৰে চাউলৰ দৰে বন্দুকো বিনামূলীয়াকৈ যোগান ধৰিব ?
চৰকাৰে যিহেতু নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিলেই এতেকে গণতান্ত্ৰিক ব্যৱস্থাপনাৰে কেনেদৰে অসমীয়াৰ দৰে ক্ষুদ্ৰ জাতিৰ জাতীয় সমস্যা নিৰস্ত্ৰভাবে সমাধান কৰিব পৰা যায় সেই ক্ষেত্ৰত আমি আমাৰ দৃষ্টিভংগী ৰাজহুৱাভাবে অৱগত কৰিব বিচাৰিছোঁ আৰু এইক্ষেত্ৰত ৰাইজকো বিষয়টো সু-চিন্তিতভাবে বিবেচনা কৰিবলৈ গোহাৰি জনাইছোঁ !
প্ৰথম কথা – ভাৰত ৰাষ্ট্ৰ পোনপটীয়াকৈ লেমটৌ পুঁজিবাদী (কোনো কোনোৰে মতে ধান্দাৰ পুঁজিবাদী, Crony Capitalism) ব্যৱস্থাৰে চলি আছে । যি ব্যৱস্থাত শাসক পুঁজিপতিৰ সেৱকহে , ৰাষ্ট্ৰ পোনপটীয়াকৈ পুঁজিপতিৰ জমিদাৰী যেন হৈছেগৈ! লেমটৌ পুঁজিবাদ নো কি তাৰ সংজ্ঞা দিওঁতে গুগলে কাৰ্টুন ছবি এখনো সংযোজন কৰিছে -আগ্ৰহী পাঠকে ছবিখন চাব পাৰে !
বহুতে এনেদৰে কৈছে -অসমৰ চাৰিওপিনে ইমান সুন্দৰ বাটপথ সজাৰ কাৰণ প্ৰত্যক্ষভাবে জনকল্যাণ নহয়। সেইটো পৰোক্ষ উপকাৰিতাহে – প্ৰত্যক্ষ লাভ মুক্ত বজাৰ অৰ্থনীতিয়ে দিয়া সুবিধাৰে বৃহৎ পুঁজিপতিয়ে যাতে অ’ন লাইন ব্যৱস্থাৰ জৰিয়তে গাঁৱে-ভূঁয়ে, চহৰে-নগৰে ঘৰে ঘৰে নঙলামুখলৈ আহি সামগ্ৰী বিপণন কৰিব পাৰে!
তদুপৰি বাট-ঘাট, উৰণ সেঁতু আদিৰ পৰা প্ৰত্যক্ষভাবে লাভবান হয় -বৃহৎ পুঁজি! মদৰ মুকলি ব্যৱসায়ৰ জৰিয়তে লাভবান হয় সুৰা বেৰণ -অৰ্থাৎ পুঁজিপতি! উচ্ছেদৰো ঘাই কাৰণ বৃহৎ পুঁজিপতিক অসমৰ খনিজাত সম্পদৰ আকৰবোৰ গটাব বিচাৰিছে!
সম্প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ নাগৰিকৰ নিৰাপত্তাৰ বাবে ৰাইজৰ হাতত অস্ত্ৰ তুলি দিয়াৰ বাবে বাৰে বাৰে আগ্ৰহ প্ৰকাশ কৰিছে ! চৰকাৰৰ এনে বক্তব্যই যে ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতাকেই প্ৰকাশ কৰিছে সেইটো নিজেই প্ৰমাণ কৰিছে ! এনে ক্ষেত্ৰত স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হ’ব -নাগৰিকক নিৰাপত্তা দিব নোৱাৰা চৰকাৰৰ প্ৰয়োজনেই বা কি? এনেধৰণৰ আত্মঘাতীমূলক সিদ্ধান্তৰ পিছত অস্ত্ৰ ব্যৱসায়ীৰ স্বাৰ্থ আৰু শকত অংকৰ কমিচন জড়িত হৈ আছে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে ! এইবাবেই প্ৰতিটো ঘটনা দেখাৰ দৰে প্ৰত্যক্ষভাবে নাচাই ঘটনাৰ আঁৰৰ ৰাজনৈতিক-অৰ্থনীতি পৰ্যবেক্ষণ আৰু পৰ্যালোচনা কৰাটো প্ৰয়োজনীয় হৈ পৰে!!
অসমৰ সচেতন যুক্তিবাদী নাগৰিকে অসমখন মধ্যপ্ৰাচ্য হোৱাটো নিবিচাৰে আৰু সেয়েহে সুৰা-বেৰণৰ স্বাৰ্থ সুৰক্ষিত কৰা মদৰ দৰে অস্ত্ৰ-ব্যৱসায়ীৰ স্বাৰ্থ সুৰক্ষিত কৰা জনস্বাৰ্থ বিপন্ন কৰা বন্দুকৰ বিৰোধ কৰিছে! ইয়াৰ বিপৰীতে অসম আৰু অসমৰ স্বাৰ্থ বৰ্তাই ৰখা গণতান্ত্ৰিক অধিকাৰৰ হকে অস্ত্ৰৰ বিৰুদ্ধে নিজৰ কণ্ঠ তুলি ধৰিছে।
প্ৰথম কথা – এই কথা সকলোৱে জানে যে ভাৰত ৰাষ্ট্ৰ এখন বহুজাতিক আৰু বহুভাষিক ৰাষ্ট্ৰ। ভাষাৰ ভিত্তিতেই ৰাজ্যবোৰ সৃষ্টি কৰা হৈছিল। আৰু সংবিধানে ঘোষণা কৰিছে ভাৰত ৰাষ্ট্ৰ ৰাজ্যসমূহৰ সংঘ ( Union of states) । কিন্তু মন কৰিলে দেখা পাওঁ যে সংঘাধীন ৰাজ্যসমূহৰ প্ৰতিনিধি সংসদত সমান নহয়। আৰু এই ক্ষেত্ৰত আপাত দৃষ্টিত যদিওবা সি ৰাজ্যৰ প্ৰতিনিধি ( সাংসদ)। বাস্তৱিকতে এই প্ৰতিনিধিত্ব জন প্ৰতিনিধিত্বহে ! ফলত ৰাজ্যৰ দৃষ্টিৰে চালে প্ৰতিনিধিত্ব অসমান হৈ থাকে। এতেকে, ৰাজ্যসমূহ বিভাজনৰ আধাৰত সমান প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰাটো হ’ব গণতান্ত্ৰিক সমাধানৰ পথ ! এই ক্ষেত্ৰত ‘চাৰকাৰীয়া আয়োগ’ৰ সিদ্ধান্ত কাৰ্যকৰী হোৱাটো অসমৰ ৰাইজে বহুদিন ধৰি বিচাৰি আছে !
দ্বিতীয় কথা – ৰাজ্যৰ সম্পূৰ্ণ ৰাজনৈতিক ক্ষমতা ৰাজ্যৰ হাতত থকাৰ ব্যৱস্থা কৰক ! সংবিধানখন যুক্তৰাষ্ট্ৰীয় আৰ্হিৰ সংঘীয় নহৈ প্ৰকৃত যুক্তৰাষ্ট্ৰীয় কৰা হওঁক। তাৰ বাবে সংবিধানৰ উমৈহতীয়া তালিকা আৰু ৰাজ্যৰ চাৰিসীমাৰ অধীনত থকা সকলো বিষয় সমাধানৰ কাৰ্যকৰী ক্ষমতা ৰাজ্যৰ হাতত দিয়ক ! লগতে , ৰাজ্যৰ বাবে প্ৰয়োজনীয় আইন প্ৰণয়নৰ ক্ষমতাও ৰাজ্যৰ হাতত দিয়াটো নিশ্চিত কৰক ! ইয়াৰ বাবে প্ৰয়োজনত ৰাজ্য আৰু ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকৰ বাবে দ্বি-নাগৰিকত্বৰ ব্যৱস্থাও প্ৰৱৰ্তন কৰক !
তৃতীয় কথা – ৰাজ্যৰ সকলো ধৰণৰ অৰ্থনৈতিক ক্ষমতা, ৰাজ্যৰ সকলো সম্পদৰ ওপৰত কেন্দ্ৰৰ অধিকাৰ মুক্ত কৰি ৰাজ্যৰ সমুদায় ক্ষমতা নিশ্চিত কৰক।
চতুৰ্থ কথা -ৰাজ্যত ৰাজ্যৰ ভাষা, সংস্কৃতি প্ৰয়োগ আৰু ৰক্ষাত কেন্দ্ৰৰ সামান্যতমো হস্তক্ষেপ নথকাকৈ ৰাজ্যৰ অধিকাৰত থকাৰ ব্যৱস্থা কৰক !
পঞ্চম কথা -ৰাজ্যৰ ভূ-খণ্ড ৰক্ষাৰ সকলো অধিকাৰ ৰাজ্যৰ হাতত দিয়াৰ আইনী ব্যৱস্থা কৰক।
অসমৰ প্ৰতিটো স্বকীয় বৈশিষ্ট্যসম্পন্ন জনগোষ্ঠী সমন্বিতে গঠিত অসমীয়া জাতিয়ে চৰকাৰৰ ওচৰত সমূহীয়াকৈ বা ৰাজহুৱাকৈ কোনো আগ্নেয়াস্ত্ৰ বিচৰা নাই, বিচাৰিছে অস্তিত্ব ৰক্ষা আৰু বিকাশৰ অধিকাৰহে। এইখিনি সাধাৰণ দেৱালৰ লিখন অনুধাৱন কৰিব নোৱাৰা চৰকাৰখনে নিজকে জনকল্যাণমুখী চৰকাৰ বুলি কোৱাৰ অধিকাৰ হেৰুৱাই পেলাব ধৰিছে। সেইষাৰ কথা যদি অনুধাৱন কৰিব নোৱাৰে তাতোকৈ ডাঙৰ ব্যৰ্থতা আন একো নাই !