বিগত ১ আগষ্ট, ২০২৫ তাৰিখে মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ কলাজ বৰ্তমান অসমৰ বিভিন্ন ছবিগৃহত চলি আছে। কলাজ ছবিখনৰ প্ৰযোজনা কৰিছে সুমিত্ৰা হাজৰিকাই। লগতে কলাজৰ কাহিনীভাগো সুমিত্ৰা হাজৰিকায়েই লিখিছে। কলাজৰ চিত্ৰনাট্য লিখাৰ লগতে ছবিখন পৰিচালনাও কৰিছে অমৰদীপ গগৈয়ে।
১৯৭৭ চনৰ পৰা ১৯৮৩ চনলৈকে অসমৰ ৰাজনৈতিক তথা সামাজিক বাতাৱৰণক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এই ছবিখন। বিগত বৰ্ষৰ সপ্তমতম শৈলধৰ বৰুৱা বঁটা প্ৰতিযোগিতাত কলাজৰ পৰিচালনাৰ বাবে অমৰদীপ গগৈয়ে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
ছবিৰ আৰম্ভণি হয় এন্ধাৰত ঘন জংঘলৰ মাজৰ এটি দৃশ্যৰে। আপোনজনৰ মৃতদেহৰ মাজেৰে ঘূৰি ফুৰা মুখ্য চৰিত্ৰ বৈকুণ্ঠ (কুল কুলদ্বীপ) অৱশেষত কান্দোনত ভাগি পৰে। দুই ভ্ৰমণৰত ভকত বা বৈৰাগীৰ কন্ঠেৰে মাজে-মাজে কাহিনীভাগৰ ভনিতা ধৰা হৈছে। ৮০ আৰু ৯০ ৰ দশক দুটা প্ৰধানতঃ অসমৰ বাবে এক ৰক্তাক্ত ইতিহাসৰ অতীত। পশ্চিমবংগৰ নক্সাল আন্দোলনে ক্ৰমশঃ অসমতো শিপাই উঠাৰ সময়ছোৱাতেই অসমত আছুৰ নেতৃত্বত আৰম্ভ হৈছিল অসম আন্দোলনৰ। এফালে যদি আৰক্ষী আৰু সেনাৰ সন্ত্ৰাস, আনফালে আকৌ আন্দোলন বা বিক্ষোভকাৰীৰ দ্বাৰা মৃত্যুমুখত পৰা বহু নিৰীহৰ প্ৰাণ। মূলতঃ ক্ষতি আছিলে সাধাৰণ খাটিখোৱা শ্ৰেণীৰ জনতাৰেই। আপোনাৰ হাতেৰে আপোনৰ ৰক্তপাত হোৱা এই সময়ছোৱাৰেই কিছু অংশৰ চিত্ৰণ হৈছে কলাজ।
আৰম্ভণিতেই বৈকুণ্ঠই নক্সাল আন্দোলনৰ সক্ৰিয় অংশ ল’বলৈ ঘৰ এৰা দেখুওৱা হৈছে। কাহিনীভাগৰ গতি আৰম্ভণিতে সামান্য মন্থৰ যেন লাগিলেও, কোনো অংশতেই আমনি লগা বা ৰৈ যোৱাৰ অৱকাশ নাই। কলাজৰ চিত্ৰনাট্যখন সু-সংৰচিত। খুব বেছিকৈ সংলাপৰ প্ৰয়োগো কৰা হোৱা নাই যদিও যিখিনি সংলাপ আছে তাৰ প্ৰয়োগো যথেষ্ট জুখি-মাখি কৰা হৈছে। পৰিচালকৰ হাতৰ পৰা ছবিখন এক মুহূৰ্তৰ বাবেও পিচলি পৰা নাই। ই কলাজৰ আন এক শক্তিশালী দিশ। কলাজত যিকেইটা নাৰী চৰিত্ৰ আছে যদিওবা চৰিত্ৰকেইটাৰ পৰ্দাত সময় কম, পিছে সেই সময়ত তেওঁলোকৰ আত্মপ্ৰকাশ শক্তিশালী। সমগ্ৰ ছবিখনতে পোহৰৰ ব্যৱহাৰ ভাল। বিশেষকৈ টিপচাকিৰ পোহৰৰ ব্যৱহাৰক প্ৰশংসা কৰিবই লাগিব। সমগ্ৰ ছবিখনজুৰি আৱহ-সংগীতৰ প্ৰয়োগ পৰিস্থিতি সাপেক্ষ। নাহিদ আহমেদৰ চিত্ৰগ্ৰহণ সুন্দৰ।
একেদৰেই ৱাৰিবাম ডৰেন্দ্ৰৰ সম্পাদনাৰ দিশটিও কলাজৰ আন এক ভাল লগা দিশ। কলাজৰ কাহিনীভাগত যে অকল প্ৰতিবাদ, বিদ্বেষৰ ছবি আছে তেনে নহয় ; প্ৰেম আৰু বিৰহৰ উপস্থাপনো কৰা হৈছে খুবেই কলাসুলভভাৱে। জাপানী চলচ্চিত্ৰ পৰিচালক হিৰ’কাজু ক’ৰিডাৰ চলচ্চিত্ৰত খোৱা-বোৱাৰ দৃশ্যৰ যিদৰে পয়োভৰ দেখা যায়, কলাজতো তেনে দৃশ্যৰ পয়োভৰ ঘটা দেখা গৈছে।
কলাজত অভিনয় কৰা আটাইৰে অভিনয়ত পৰিপক্কতা দেখিবলৈ পোৱা গৈছে। প্ৰধানতঃ কুল-কুলদীপ (বৈকুণ্ঠ)ৰ চৰিত্ৰটোৰ কথা উল্লেখ কৰিবই লাগিব। মনোৰঞ্জনধৰ্মী বা মছলাধৰ্মী চলচ্চিত্ৰ চাবলৈ বিচৰা বা ভালপোৱাসকলৰ অধিকাংশই কলাজ চাই সন্তুষ্ট নহ’ব। পিছে আপুনি যদি বাস্তৱধৰ্মী ছবি চাই ভালপায় তেন্তে কলাজ আপোনাৰ বাবে।
লেখিকাৰ মেইল : [email protected]