• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
August 4, 2025 2:36 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ১ আগষ্ট, ২০২৫ তাৰিখে মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ কলাজ বৰ্তমান অসমৰ বিভিন্ন ছবিগৃহত চলি আছে। কলাজ ছবিখনৰ প্ৰযোজনা কৰিছে সুমিত্ৰা হাজৰিকাই। লগতে কলাজৰ কাহিনীভাগো সুমিত্ৰা হাজৰিকায়েই লিখিছে। কলাজৰ চিত্ৰনাট্য লিখাৰ লগতে ছবিখন পৰিচালনাও কৰিছে অমৰদীপ গগৈয়ে।

১৯৭৭ চনৰ পৰা ১৯৮৩ চনলৈকে অসমৰ ৰাজনৈতিক তথা সামাজিক বাতাৱৰণক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এই ছবিখন। বিগত বৰ্ষৰ সপ্তমতম শৈলধৰ বৰুৱা বঁ‌টা প্ৰতিযোগিতাত কলাজৰ পৰিচালনাৰ বাবে অমৰদীপ গগৈয়ে শ্ৰেষ্ঠ পৰিচালকৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছিল।

Apply Now

ছবিৰ আৰম্ভণি হয় এন্ধাৰত ঘন জংঘলৰ মাজৰ এটি দৃশ্যৰে। আপোনজনৰ মৃতদেহৰ মাজেৰে ঘূৰি ফুৰা মুখ্য চৰিত্ৰ বৈকুণ্ঠ (কুল কুলদ্বীপ) অৱশেষত কান্দোনত ভাগি পৰে। দুই ভ্ৰমণৰত ভকত বা বৈৰাগীৰ কন্ঠেৰে মাজে-মাজে কাহিনীভাগৰ ভনিতা ধৰা হৈছে। ৮০ আৰু ৯০ ৰ দশক দুটা প্ৰধানতঃ অসমৰ বাবে এক ৰক্তাক্ত ইতিহাসৰ অতীত। পশ্চিমবংগৰ নক্সাল আন্দোলনে ক্ৰমশঃ অসমতো শিপাই উঠাৰ সময়ছোৱাতেই অসমত আছুৰ নেতৃত্বত আৰম্ভ হৈছিল অসম আন্দোলনৰ। এফালে যদি আৰক্ষী আৰু সেনাৰ সন্ত্ৰাস, আনফালে আকৌ আন্দোলন বা বিক্ষোভকাৰীৰ দ্বাৰা মৃত্যুমুখত পৰা বহু নিৰীহৰ প্ৰাণ। মূলতঃ ক্ষতি আছিলে সাধাৰণ খাটিখোৱা শ্ৰেণীৰ জনতাৰেই। আপোনাৰ হাতেৰে আপোনৰ ৰক্তপাত হোৱা এই সময়ছোৱাৰেই কিছু অংশৰ চিত্ৰণ হৈছে কলাজ।

আৰম্ভণিতেই বৈকুণ্ঠই নক্সাল আন্দোলনৰ সক্ৰিয় অংশ ল’বলৈ ঘৰ এৰা দেখুওৱা হৈছে। কাহিনীভাগৰ গতি আৰম্ভণিতে সামান্য মন্থৰ যেন লাগিলেও, কোনো অংশতেই আমনি লগা বা ৰৈ যোৱাৰ অৱকাশ নাই। কলাজৰ চিত্ৰনাট্যখন সু-সংৰচিত। খুব বেছিকৈ সংলাপৰ প্ৰয়োগো কৰা হোৱা নাই যদিও যিখিনি সংলাপ আছে তাৰ প্ৰয়োগো যথেষ্ট জুখি-মাখি কৰা হৈছে। পৰিচালকৰ হাতৰ পৰা ছবিখন এক মুহূৰ্তৰ বাবেও পিচলি পৰা নাই। ই কলাজৰ আন এক শক্তিশালী দিশ। কলাজত যিকেইটা নাৰী চৰিত্ৰ আছে যদিওবা চৰিত্ৰকেইটাৰ পৰ্দাত সময় কম, পিছে সেই সময়ত তেওঁলোকৰ আত্মপ্ৰকাশ শক্তিশালী। সমগ্ৰ ছবিখনতে পোহৰৰ ব্যৱহাৰ ভাল। বিশেষকৈ টিপচাকিৰ পোহৰৰ ব্যৱহাৰক প্ৰশংসা কৰিবই লাগিব। সমগ্ৰ ছবিখনজুৰি আৱহ-সংগীতৰ প্ৰয়োগ পৰিস্থিতি সাপেক্ষ। নাহিদ আহমেদৰ চিত্ৰগ্ৰহণ সুন্দৰ।

একেদৰেই ৱাৰিবাম ডৰেন্দ্ৰৰ সম্পাদনাৰ দিশটিও কলাজৰ আন এক ভাল লগা দিশ। কলাজৰ কাহিনীভাগত যে অকল প্ৰতিবাদ, বিদ্বেষৰ ছবি আছে তেনে নহয় ; প্ৰেম আৰু বিৰহৰ উপস্থাপনো কৰা হৈছে খুবেই কলাসুলভভাৱে। জাপানী চলচ্চিত্ৰ পৰিচালক হিৰ’কাজু ক’ৰিডাৰ চলচ্চিত্ৰত খোৱা-বোৱাৰ দৃশ্যৰ যিদৰে পয়োভৰ দেখা যায়, কলাজতো তেনে দৃশ্যৰ পয়োভৰ ঘটা দেখা গৈছে।

কলাজত অভিনয় কৰা আটাইৰে অভিনয়ত পৰিপক্কতা দেখিবলৈ পোৱা গৈছে। প্ৰধানতঃ কুল-কুলদীপ (বৈকুণ্ঠ)ৰ চৰিত্ৰটোৰ কথা উল্লেখ কৰিবই লাগিব। মনোৰঞ্জনধৰ্মী বা  মছলাধৰ্মী চলচ্চিত্ৰ চাবলৈ বিচৰা বা ভালপোৱাসকলৰ অধিকাংশই কলাজ চাই সন্তুষ্ট নহ’ব। পিছে আপুনি যদি বাস্তৱধৰ্মী ছবি চাই ভালপায় তেন্তে কলাজ আপোনাৰ বাবে।
লেখিকাৰ মেইল : [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd