ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা নাগালেণ্ডৰ প্ৰাক্তন মন্ত্ৰী মোহনলুমো কিকনে বুধবাৰে (৭ আগষ্ট, ২০২৫) দলটোৰ প্ৰাথমিক আৰু সক্ৰিয় সদস্যপদকে ধৰি সকলো পদৰ পৰা পদত্যাগ কৰে। উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে পৰিচিত কিকনে পদত্যাগ পত্ৰত কয় যে “জনসাধাৰণৰ সৈতে পুনৰ সংযোগ আৰু নীতি নিৰ্ধাৰণত অৰিহণা যোগোৱাৰ” ইচ্ছাৰ বাবে তেওঁ এই সিদ্ধান্ত লৈছে।
অৱশ্যে উত্তৰ-পূবৰ জনজাতীয় সম্প্ৰদায়ৰ সন্দৰ্ভত দলৰ নীতি আৰু পৰিচালনাৰ প্ৰতি তেওঁৰ ক্ৰমবৰ্ধমান অসন্তুষ্টিও পদত্যাগ কৰাৰ আঁৰৰ কাৰণ হ’ব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। তেওঁৰ পদত্যাগৰ সন্দৰ্ভত এতিয়াও বিজেপিয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
মোহনলুমো কিকনৰ ৰাজনৈতিক যাত্ৰা
মোহনলুমো কিকন (Mohonlumo Kikon জন্ম: ১ মে’, ১৯৭৮) নাগালেণ্ডৰ ৱাখা জিলাৰ ৪০ নং ভাণ্ডাৰী বিধানসভা সমষ্টিৰ দুবাৰৰ বিধায়ক। এই সমষ্টিৰ পৰা ২০১৩ চনত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ (এনচিপি) টিকটত আৰু ২০১৮ চনত বিজেপিৰ টিকটত জয়ী হৈছিল। নাগালেণ্ডত ৰাজ্য গঠন হোৱাৰ পিছত এই সমষ্টিৰ পৰা দুবাৰকৈ জয়ী হোৱা একমাত্ৰ বিধায়ক।
ৰাজনৈতিক জীৱনত তেওঁ নাগালেণ্ড চৰকাৰৰ ভূতত্ত্ব আৰু খনিজ আৰু সীমান্ত পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু নবীকৰণযোগ্য শক্তি বিভাগৰ উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। ২০২০ চনত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি লাভ কৰাৰ লগতে মিজোৰামৰ তত্ত্বাৱধায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।
কেৱল ৰাজনীতিতে নহয় সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো কিকনে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা নেতাগৰাকী এজন প্ৰসিদ্ধ কবি। তেওঁৰ দুখন কবিতা সংকলন দ্য ভিলেজ এম্পায়াৰ আৰু দ্য পেনমি পয়েমছ: এ ৰেকিউইম প্ৰকাশ পাইছে।
তেওঁ ২০০৬ চনত DICE Foundation নামৰ এটা বেচৰকাৰী সংস্থা প্ৰতিষ্ঠা কৰে, যিয়ে পৰিৱেশ নীতি, বহনক্ষম উন্নয়ন আৰু গ্ৰাম্য মহিলাৰ জীৱিকাৰ ওপৰত কাম কৰে। ইউৰোপ আৰু এছিয়াৰ বিভিন্ন দেশ ভ্ৰমণ কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ আলোচনা চক্ৰ আৰু কৰ্মশালাতো তেওঁ অংশগ্ৰহণ কৰিছে।
কিয় পদত্যাগ কৰিলে?
কিকনে পদত্যাগ পত্ৰত উল্লেখ কৰিছে যে তেওঁ “নিজৰ যাত্ৰাক পুনৰ মানাংকন” কৰাৰ সিদ্ধান্ত লৈছে আৰু “জনসাধাৰণৰ সৈতে পুনৰ জড়িত হৈ নীতি নিৰ্ধাৰণত অৰিহণা যোগাবলৈ” সিদ্ধান্ত লৈছে। কিন্তু দলৰ আভ্যন্তৰীণ সূত্ৰ আৰু বিভিন্ন বাতৰিৰ পৰা অনুমান কৰা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় জনগোষ্ঠীসমূহৰ সন্দৰ্ভত বিজেপিৰ নীতি আৰু পৰিচালনাৰ প্ৰতি তেওঁৰ ক্ৰমাৎ বৃদ্ধি পোৱা অসন্তুষ্টিয়ে তেওঁৰ পদত্যাগৰ আঁৰৰ এটা ডাঙৰ কাৰণ হ’ব পাৰে।
উত্তৰ-পূর্বাঞ্চলৰ জনজাতীয় জনগোষ্ঠীসমূহৰ অধিকাৰ আৰু উন্নয়নৰ সন্দর্ভত কিকনে সদায় সৰৱ হৈ আহিছে। বিজেপিৰ ৰাষ্ট্ৰীয় স্তৰৰ আলোচনাত অঞ্চলটোৰ দৃষ্টিভংগীক উজ্জ্বল কৰি তোলাত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল৷
উত্তৰ-পূবৰ ৰাজনীতিত কেনে প্ৰভাৱ পৰিব?
উত্তৰ-পূব ভাৰতত বিশেষকৈ নাগালেণ্ডত বিজেপিৰ স্থিতিৰ বাবে কিকনৰ পদত্যাগ এক উল্লেখযোগ্য বিপৰ্যয় হিচাপে দেখা গৈছে। নাগালেণ্ডৰ নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ বিজেপিৰ ১২ জন বিধায়ক। বিশেষকৈ জনজাতীয় বিষয়ত ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ সময়ত কিকনৰ দৰে বিশিষ্ট নেতাৰ বিদায়ে দলৰ জনজাতীয় ভোট বেংকত প্ৰভাৱ পেলাব পাৰে।
এক্সত পোষ্ট কৰা কিছুমান মন্তব্যৰ পৰা অনুমান কৰা হৈছে যে বিজেপিৰ আভ্যন্তৰীণ সংঘাত, উত্তৰ-পূবৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰতি অৱহেলা, জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি পৰিচালনাগত অৱহেলা কিকনৰ পদত্যাগৰ আঁৰৰ কাৰণ হ’ব পাৰে। অৱশ্যে এই দাবীসমূহ এতিয়াও স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই। কিকনৰ পদত্যাগৰ ফলত উত্তৰ-পূবত বিশেষকৈ জনজাতীয় অধ্যুষিত অঞ্চলত বিজেপিৰ প্ৰভাৱ বিস্তাৰ কৰাৰ কৌশল নতুনকৈ পৰ্যালোচনা কৰিবলগা হ’ব পাৰে।
কিকনৰ পূৰ্বৰ ৰাজনৈতিক প্ৰত্যাহ্বান
২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনত ভাণ্ডাৰী সমষ্টিত তেওঁ নগা পিপলছ ফ্ৰণ্টৰ প্ৰাৰ্থী আচুম্বামো কিকনৰ হাতত পৰাস্ত হৈছিল। নিৰ্বাচনত তেওঁ প্ৰতিষ্ঠান বিৰোধী আৰু প্ৰাক্তন সহযোগীৰ মাজত অসন্তুষ্টিৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁৰ প্ৰাক্তন সহায়ক ন্যামো অডুৱেও দাবী কৰিছিল যে কিকনে “জনসাধাৰণৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছে” আৰু “তৃণমূল পৰ্যায়ত উপনীত হ’ব পৰা নাই।” এই পৰাজয় তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত বিপৰ্যয়ৰ সৃষ্টি কৰিলেও তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিজৰ প্ৰভাৱ অক্ষুণ্ণ ৰাখিছিল।
কিকনৰ ভৱিষ্যত সম্ভাৱনা
কিকনৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে এতিয়াও কোনো স্পষ্ট তথ্য পোৱা হোৱা নাই। কিন্তু সামাজিক কাম-কাজ আৰু নীতি-নিৰ্ধাৰণৰ অভিজ্ঞতাৰ ভিত্তিত অনুমান কৰিব পাৰি যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় জনগোষ্ঠীসমূহৰ উন্নয়ন আৰু অধিকাৰৰ বাবে নতুন মঞ্চত তেওঁ কাম কৰিব পাৰে। তেওঁৰ এন জি অ’ ডি আই চি ফাউণ্ডেশ্যনে পৰিৱেশ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত কাম কৰে, যিটো তেওঁৰ ভৱিষ্যতৰ কাৰ্যকলাপৰ মঞ্চ হ’ব পাৰে।
বিশেষকৈ জনজাতীয় জনগোষ্ঠীৰ মাজত প্রভাৱ বৃদ্ধিৰ বাবে দলৰ প্রচেষ্টাত মোহনলোমু কিকনৰ পদত্যাগ উত্তৰ-পূর্বাঞ্চলৰ বিজেপিৰ বাবে যথেষ্ট ক্ষতি৷ তেওঁৰ পদত্যাগৰ আঁৰৰ কাৰণ হিচাপে ব্যক্তিগত উদ্দেশ্য উল্লেখ কৰা হৈছে যদিও জনজাতীয় বিষয়ত দলৰ নীতিৰ প্ৰতি অসন্তুষ্টি ৰাজনৈতিক মহলত আলোচনাৰ বিষয় হৈ পৰিছে। আগন্তুক দিনত কিকনৰ এই পদক্ষেপ আৰু বিজেপিৰ প্ৰতিক্ৰিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতিৰ বাবে এক নতুন পথ নিৰ্ধাৰণ কৰিব পাৰে।