উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানত কয় যে নিৰ্বাচন আয়োগৰ নাগৰিকক অন্তৰ্ভুক্ত কৰাৰ লগতে যিসকল নাগৰিক নহয় তেওঁলোকক নিৰ্বাচনী তালিকাৰ পৰা বাদ দিয়াৰ ক্ষমতা আছে যদিও কেৱল নাগৰিকত্বৰ স্বঘোষনা দাখিল কৰি সম্ভাৱ্য ভোটাৰক নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ দিয়াত আপত্তি প্ৰকাশ কৰে। ন্যায়াধীশ সূৰ্য কান্ত আৰু জয়মল্য বাগচিৰ এখন বিচাৰপীঠে বিহাৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী তালিকা পুনৰীক্ষণক প্ৰত্যাহ্বান জনাই আবেদনৰ শুনানি গ্ৰহণ কৰি এই পৰ্যবেক্ষণ কৰে। আদালতে আৰু কয় যে আধাৰ আইনৰ অধীনত আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, আৰু সংসদে নাগৰিকত্ব আইন প্ৰণয়ন কৰাৰ পিছতহে নিৰ্বাচন আয়োগে অন্তৰ্ভুক্তি বা বৰ্জন কাৰ্যকৰী কৰিব পাৰিব বুলি স্পষ্টভাবে উল্লেখ কৰে।
আবেদনকাৰীসকলৰ হৈ অধিবক্তা প্ৰশান্ত ভূষনে যুক্তি আগবঢ়ায় যে নিৰ্বাচন আয়োগে নাগৰিকত্ব পৰীক্ষণ সংস্থা হিচাপে কাম কৰি নিজৰ অধিকাৰক্ষেত্ৰৰ অপব্যৱহাৰ কৰিছে। তেওঁ লগতে উদ্বেগ প্ৰকাশ কৰে যে ইচিয়ে নিজৰ ৱেবছাইটত ডিজিটেল খচৰা ভোটাৰ তালিকাৰ ঠাইত ৬ আগষ্টৰ পিছত স্কেন কৰা ছবিৰে সলনি কৰি ভুলৰ সন্ধান আৰু বিশ্লেষণ কৰাটো কঠিন হৈ পৰিছে। ভোটাৰ আৰু নাগৰিকৰ সন্ধানযোগ্য নথি-পত্ৰ লাভ কৰাৰ অধিকাৰ আছে বুলি বিচাৰপীঠে সন্মতি প্ৰকাশ কৰে, আৰু তথ্যৰ বাবে মানুহে ৰাজনৈতিক এজেণ্টৰ ওপৰত কিয় নিৰ্ভৰ কৰিবলগীয়া হ’ব লাগে বুলি প্ৰশ্ন উত্থাপন কৰে। বুধবাৰেও শুনানি অব্যাহত থাকিব বুলি সদৰী কৰিছে।
উল্লেখ্য যে ২৪ জুনত নিৰ্বাচন আয়োগে ঘোষণা কৰা বিহাৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে জন্ম তাৰিখৰ ওপৰত ভিত্তি কৰি যোগ্যতাৰ প্ৰমাণ দিব লাগিব: ১৯৮৭ চনৰ ১ জুলাইৰ আগতে জন্ম লোৱাসকলে জন্মৰ তথ্য দেখুৱাব লাগিব; ১৯৮৭ চনৰ ১ জুলাইৰ পৰা ২০০৪ চনৰ ২ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰাসকলে পিতৃ-মাতৃৰ প্ৰমাণ দিব লাগিব; আৰু তাৰ পিছত জন্ম লোৱাসকলে পিতৃ-মাতৃ দুয়োৰে সবিশেষ দিব লাগিব। ১ আগষ্টত প্ৰকাশ পোৱা খচৰা তালিকাত ২৬ জুলাইৰ ভিতৰত দাখিল কৰা প্ৰাৰম্ভিক প্ৰ-পত্ৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, আৰু ৩০ ছেপ্টেম্বৰ প্ৰকাশৰ পূৰ্বে নাগৰিকত্বৰ চূড়ান্ত পৰীক্ষণৰ প্ৰয়োজন।